Logo
image

বড়োলেণ্ডতো আৰম্ভ অসমীয়া-হটাও অভিযান

আমাৰ অসম, ২৯ নৱেম্বৰঃ পূৰ্বৰ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা চাৰি ভাষাৰ শিক্ষা নীতিক প্ৰত্যাখান কৰাৰ কথা ঘোষণা কৰিলে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে৷ এবছুৰ এই স্থিতিৰ ফলত বড়োভূমিত অসমীয়া ভাষা শিক্ষা এলাগী হোৱাটো নিশ্চিত হৈ পৰিল৷ দেওবাৰেকোকৰাঝাৰ চহৰৰ বাগান শালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বড়োফা হাউছত এক সংবাদ মেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বিপেন বড়োৱে কয়–‘সমগ্ৰ দেশত যিহেতু তিনিটা ভাষা নীতিহে আছে গতিকে আমি বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফৰ লেংগুৱেজ ফৰ্মুলা বিচৰা নাই৷ ২০১৯ চনৰ ১৮ ডিচেম্বৰত তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে এই ফৰ লেংগুৱেজ ফৰ্মুলা গ্ৰহণ কৰিছিল৷ য’ত বড়ো ভাষাৰ লগতে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ শিক্ষাৰ কথা কোৱা হৈছিল৷ যি সময়ত তামিলনাডুৰ দৰে ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ দুটা ভাষাহে পঢ়িব লাগে, সেই সময়ত আমি আমাৰ ল’ৰা-ছোৱালীক অধিক সেউজ দিব বিচৰা নাই৷ বড়ো মাধ্যমৰ ছাত্ৰই বড়োৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাহে শিকিব৷ বৰ্তমান যুগটো যিহেতু ডিজিটেল যুগ৷ গতিকে ভাষা শিক্ষাৰ পৰিৱৰ্তে চাইন্স এণ্ড টেকনলজীলৈ আগবাঢ়ি যোৱাতহে গুৰুত্ব দিব লাগে৷ আমাৰ স্পষ্ট কথা এনেকুৱা এটা পৰিৱেশত আমি ছাত্ৰ-ছাত্ৰীসকলক আৰু লেংগুৱেজ বাৰ্ডেন দিয়াটো নিবিচাৰো৷ শেহতীয়াকৈ ‘নিপুন ভাৰত’ মিছনৰ অধীনত সমগ্ৰ শিক্ষা অভিযানে আৰম্ভ কৰা কেম্পেইনত কেৱল অসমীয়া আৰু ইংৰাজী ভাষাৰহে লিখন আৰু পঠন বাধ্যমূলক কৰাত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো৷ বড়ো ভাষাকো ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী জনাইছো৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত এবছুৱে ৰাজ্য চৰকাৰৰ প্ৰতি সাত দফীয়া দাবী উত্থাপন কৰে৷ এবছুৰ সভাপতি দ্বিপেন বড়োৱে অসম চৰকাৰে যোৱা ২৭ আগষ্টত প্ৰকাশ কৰা ২,২৭২টা প’ষ্ট গ্ৰেজুৱেট টেট পদত বড়ো ভাষা নথকাৰ বাবে বড়ো মাধ্যমৰ প্ৰাৰ্থী সকলে আৱেদন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া বিষয়টো উত্থাপন কৰে৷ এই সন্দৰ্ভত এবছুৰ তৰফৰ পৰা শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বড়ো মাধ্যমৰ বাবে ৪০০টা পদ সৃষ্টিৰ লগতে বড়ো মাধ্যমৰ ৪০খন হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণৰ আশ্বাস দিয়াৰ কথা কৈছিল যদিও আজিকোপতি সেয়া কাৰ্যকৰী নহ’ল বুলি এবছুৰ সভাপতিগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে৷ অসম আৰক্ষীৰ ২,৩৯১টা ইউবি কনিষ্টবল আৰু ৪,২৭১টা এবি কনষ্টেবল পদৰ বাবে সমগ্ৰ ৰাজ্যৰ বড়ো ভাষী প্ৰাৰ্থী সকলক বড়ো ভাষাতে লিখিত প্ৰশ্নৰ ব্যৱস্থা কৰিবলৈকো সংবাদ মেলৰ জৰিয়তে বড়োৱে দাবী জনায়৷ আনহাতেদি অসম ন্যায়িক সেৱাৰ পৰীক্ষা, বড়ো ভাষী প্ৰাৰ্থী সকলৰ বাবে বড়ো ভাষাত দিয়াৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে এবছুৱে৷ ছাত্ৰ নেতা বড়োই চিকিৎসা বিভাগত নাম ভৰ্তিৰ জনজাতি প্ৰাৰ্থীৰ তালিকাত কিছুমান প্ৰাৰ্থীয়ে ভুৱা জনজাতিৰ প্ৰমাণ-পত্ৰ লৈ নাম ভৰ্তি কৰাৰ অভিযোগ উত্থাপিত কৰি পুনৰীক্ষণৰ দাবী তোলে৷ লগতে তাৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰাৰ লগতে তদন্তৰ দাবী জনাইছে ছাত্ৰ নেতা দ্বীপেন বড়োই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বড়ো ভাষাতো এ পি এছ চিৰ পৰীক্ষা দিব পাৰিব বুলি কৰা ঘোষণাৰো আদৰণি জনায় এবছুৱে৷ শীঘ্ৰেই ইয়াক কাৰ্যকৰীৰ কৰিলৈ দাবী জনায় এবছুৱে৷