Logo
image

গ্ৰন্থৰ সুবাস বিচাৰি শ্বিলঙত নাছিৰুদ্দিন

আমাৰ অসম, ২৯নৱেম্বৰঃ বলিউডৰ যশস্বী অভিনেতা নাছিৰুদ্দিন শ্বাহে গ্ৰন্থৰ সুবাস বিচাৰি আহি পালে উত্তৰ-পূৰ্বাঞ্চলৰ মনোমোহা ঠাই শ্বিলং৷ তেওঁ শ্বিলঙৰ ৱাৰ্ডছলেকত ২৫ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চেৰী মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চেৰীব্ল’ছম লিটাৰেৰী ফেষ্টিভেল-২০২১ৰ এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতাজনে৷ অনুষ্ঠানত তেওঁ কয়–‘উপন্যাস লেখাত মোক উইলিয়াম শ্বেক্সপীয়েৰে উৎসাহিত কৰে৷ তেওঁ নিজৰ নাটকবোৰক জীৱন্ত ৰূপ দিছিল৷ তেওঁৰ নাটকে মঞ্চত খলকনি তোলে৷ এক যাদুকৰী গুণ আছে তেওঁৰ নাটকত৷ তেওঁৰ নাটকত দৰ্শকৰ বিপুল সহঁাৰি লাভ কৰা দেখিলে এইটো অনুভৱ হয় যে এজন লেখকৰ বাবে ইয়াতকৈ ডাঙৰ সফলতা একো হ’ব নোৱাৰে৷ মঞ্চৰ নাট পৰিৱেশন কৰাৰ সময়ত যিটো চৰিত্ৰত অভিনয় কৰা যায় সেই চৰিত্ৰটোক জীৱন্ত ৰূপ দিব লাগে৷ সেই অনুপ্ৰেৰণা মই শ্বেক্সপীয়েৰৰ নাটকৰ জৰিয়তে পাওঁ৷ মই যিমানদূৰ পাৰোঁ নিজৰ চৰিত্ৰটোক জীৱন্তৰূপ দিবলৈ প্ৰয়াস কৰোঁ৷ অভিনয় সদায় অন্তৰৰ পৰা আহিব লাগে৷ সেই কথা প্ৰতিজন অভিনেতাই অনুভৱ কৰি অভিনয় কৰিলে একো একোটা চৰিত্ৰই জীৱন্ত ৰূপ পাবলৈ সক্ষম হয়৷ কেৰালাত মই চাৰ্কাছত কাম কৰিছিলোঁ৷ মই যে অভিনয় জগতলৈ আহিব পাৰিম সেই কথা তেতিয়াই উপলব্ধি কৰিছিলোঁ৷ বহুতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি অভিনয় জগতলৈ আহে৷ কিন্তু আমাৰ উদ্যোগত বিশ্ববিখ্যাত এনে বহু অভিনয় শিল্পী আছে যিসকলে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰা নাই৷ তেওঁলোকে কেৱল নিজৰ সাধনা, শ্ৰমৰ ফলত অভিনয়ক জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিক্ষাই অভিনয় শিকাত যথেষ্ট সহায় কৰে৷ মানুহৰ যিকোনো কথা শিকিবলৈ কোনো বয়স নাথাকে৷ মানুহে নিজৰ ইচ্ছানুসৰি যিকোনো কাম শিকিব পাৰে৷’ অভিনেতাজনে কেইবাটাও ছবিগৃহ বন্ধ হৈ যোৱা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি বৰ্তমান সময়ত ছবিগৃহৰ ঠাই লোৱা অ’টিটি প্লেটফৰ্মত উন্নত মানৰ চলচ্ছিত্ৰ মুক্তি দিবলৈ নৱপ্ৰজন্মৰ পৰিচালকসকলক আহ্বান জনায়৷ তেওঁ লগতে কয়– ‘দৰ্শকৰ নিজৰ মনৰ আশা পূৰণ কৰিব নোৱাৰিলে সেইজন অভিনেতাই দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰিব নোৱাৰে৷ সেই ভয় মোৰ সদায় থাকে৷ সেই ভয় প্ৰতিজন অভিনেতাৰ থকাটো দৰকাৰ৷ আমি যাতে সদায় নিজৰ শ্ৰেষ্ঠত্ব উজাৰি অভিনয় কৰিব পাৰোঁ সেই বিষয়ে গুৰুত্ব দি আগবাঢ়ি যাব লাগে৷’ অভিনেতাজনে শৈশৱৰ স্মৃতি সোঁৱৰণ কৰাৰ লগতে বহু বছৰ পূৰ্বে শ্বিলঙত কটোৱা স্মৃতিও ৰোমন্থন কৰে৷ তেওঁ শ্বিলঙৰ অভিনয় শিল্পী লেপডিয়াং ছাইয়েমৰ সৈতে বাৰ্তালাপ কৰে৷ আনহাতে, বিশিষ্ট সাংবাদিক, লেখিকা পেট্ৰিচিয়া মুখিমৰ সৈতে বৰ্ষীয়ান অভিনেতাজনৰ লগতে তেওঁৰ পত্নী ৰত্না, লেখক দেৱদত্ত পট্টনায়ক, কণিষ্কা গুপ্তাই নৈশ আহাৰ গ্ৰহণ কৰাৰ লগতে বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰে৷