Logo
image

ক’ভিডৰ বাবে থমকি ৰৈছে জুবিনৰ ‘কা’ আন্দোলন

আমাৰ অসম, ২৯ নৱেম্বৰঃ ‘ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবেহে থমকি ৰৈছে ‘কা’বিৰোধী আন্দোলন৷ ‘কা’ৰ বিৰুদ্ধে পূৰ্বেও মাত মাতিছিলোঁ, আগলৈয়ো মাতি যাম৷’– এই মন্তব্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ৷ দেওবাৰে টিহুৰ মাখিবাহাত এটা ৰাজহুৱা পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জুবিন গাৰ্গে৷ উল্লেখ্য, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ পাছত অসমত একাংশ দল-সংগঠনে পুনৰ ‘কা’ বাতিলৰ দাবীত আন্দোলন কৰিব বুলি ঘোষণা কৰিছিল৷ এই সন্দৰ্ভত শিল্পীজনে নিজৰ মতামত প্ৰকাশ কৰি কয় যে বৰ্তমান ‘কা’ বিষয়ত নতুনকৈ একো ভবা নাই যদিও এই বিষয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ সৈতে আলোচনা কৰি ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব৷ জুবিন গাৰ্গে লগতে কয় যে তেওঁৰ লগতে আছু তথা জাতীয় দল-সংগঠনসমূহে ‘কা’ৰ বিৰুদ্ধে সদায় মাত মাতি যাব৷ স্মৰ্তব্য যে শনিবাৰে এটা অনুষ্ঠানত জুবিন গাৰ্গে ‘কা’ৰ বিৰুদ্ধে ‘ডিজিটেল আন্দোলন’ গঢ়ি তোলাৰ কথা উল্লেখ কৰিছিল৷ জুবিন গাৰ্গে কৰ’নাকালীন পৰিস্থিতিৰ বাবে ৰাজপথৰ সলনি ছ’চিয়েল মিডিয়াৰ যোগেদি ‘কা’বিৰোধী আন্দোলন আগবঢ়াই নিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল৷ ইপিনে, মাখিবাহা ৰাজহুৱা পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই ‘কা’ বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নাথাকে বুলি স্পষ্ট কৰি দিয়ে৷ ড॰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এইবুলি প্ৰকাশ কৰে– ‘আছু আৰু সহযোগী ৩০টা জনগোষ্ঠীয় সংগঠন তথা আন আন জাতীয় সংগঠনসমূহে খিলঞ্জীয়া তথা উত্তৰ-পূৰ্বাঞ্চলবিৰোধী ‘কা’ৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে আন্দোলন কৰিছিল৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰু লকডাউনৰ ফলত আন্দোলন স্তিমিত হ’ল৷ তৎসত্ত্বেও ‘কা’বিৰোধী চেতনা সমগ্ৰ খিলঞ্জীয়া অসমীয়া আৰু উত্তৰ-পূবৰ লোকৰ মাজত এতিয়াও জাগ্ৰত হৈ আছে৷ আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠন তথা নেছ’ই ‘কা’ বাতিলৰ বাবে আন্দোলন চলাই যাব৷ ‘কা’ আন্দোলন পুনৰ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলজুৰি হ’ব৷ ৰাজপথ বা খেলপথাৰ সকলোতে আন্দোলন হৈছিল, সকলোতে আন্দোলন হ’ব৷ আমি অহিংস নীতিৰে আন্দোলন কৰিছিলোঁ৷ ভৱিষ্যতেও অহিংস নীতিৰেই আন্দোলন কৰিম৷’