Logo
image

‘দিদি দিদি’ চিৎকাৰত বিকল্প ৰাজনীতিৰ প্ৰতিধবনি

আমাৰ অসম, ২৯ নৱেম্বৰঃ কংগ্ৰেছ আৰু বিজেপিক বাদ দি ৰাজ্যৰ ৰাজনীতিত তৃতীয় বিকল্পৰ সমীকৰণ আৰম্ভ হৈছে নেকি? বৰাক উপত্যকাত অসমীয়া বিৰোধী স্থিতি গ্ৰহণ কৰি স’ততে বিতৰ্কৰ কেন্দ্ৰ বিন্দুত অৱস্থান কৰা প্ৰদীপ দত্ত ৰয়ক শনিবাৰে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত চিঞৰি চিঞৰি ‘দিদি’তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সহায় বিচাৰিছে৷ বৰাক উপত্যকাৰ বাংলাভাষী লোক সকল বৰ্তমান অস্তীত্বৰ সংকটৰ সন্মুখীন হৈছে সেয়ে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী আগবাঢ়ি আহি এই সংকটৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগে বুলি মুকলি আহ্বান জনায় প্ৰদীপ দত্ত ৰয়ে৷ মমতা বেনাৰ্জীক এনেদৰে মুকলিভাৱে আমন্ত্ৰণ জনোৱা কাৰ্যৰ আঁৰত লুকাই আছে নেকি কোনো ৰাজনৈতিক অভিসন্ধি? সমগ্ৰ বিষয়টো এতিয়া ৰাজনীতিক মহলত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ এসময়ত বৰাক উপত্যকাৰ অপ্ৰতিদণ্ডী কংগ্ৰেছ নেতা সন্তোষ মোহন দেবৰ কন্যা, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেবে কংগ্ৰেছ ত্যাগ কৰি ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগ দিছে৷ গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ সুস্মিতা দেৱে ইতিমধ্যে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ হৈ যুদ্ধকালীন তৎপৰতাৰে ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছে৷ ঠিক তেনেদৰে কংগ্ৰেছ ত্যাগ কৰি ১২ জন বিধায়কসহ তৃণমূল কংগ্ৰেছত যোগ দিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই৷ কেৱল পশ্চিমবংগত নহয় মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ প্ৰতিধবনি এতিয়া উত্তৰ পূৰ্বাঞ্চল, দিল্লী, গোৱা আদিতো শুনিবলৈ পোৱা গৈছে৷ লক্ষণীয়ভাৱে শনিবাৰে প্ৰদীপ দত্ত ৰায় কংগ্ৰেছ বা বিজেপিক সহায়ৰ বাবে এবাৰো আহ৩ান নজনালে৷ ইয়াৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছৰ ৰয়ে সহায়ৰ আহ৩ান জনাইছে৷ বিধানসভাৰ বিগত নিৰ্বাচনত ‘খেলা হবে’ শ্লোগান  দিয়েই দ্বিতীয়বাৰৰ বাবে ‘নবান্ন’ দখল কৰিছে তৃণমূল কংগ্ৰেছে৷ তৃণমূল কংগ্ৰেছৰ এই ‘খেলা হবে’ শ্লোগানক অনুকৰণ কৰিয়ে বিধানসভাৰ আগন্তুক নিৰ্বাচনত লক্ষ্ণৌ ৰাজপাট দখলৰ লক্ষেৰে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ সিং যাদবে আৰম্ভ কৰিছে ‘বংগল মে খেলা হুৱা ইউ পি মে খদেৰা হোগা’ শ্লোগান৷ ইতিমধ্যে খেলা হবে মূল গানৰ আৰ্হিত উত্তৰ প্ৰদেশৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ গীত প্ৰস্তুত কৰিছে অখিলেশ যাদবৰ দলে৷ ৰাজ্যত তৃতীয় বিকল্পৰ ৰাজনৈতিক সমীকৰণ লাহে লাহে গঢ় লৈ উঠাৰ আঁৰত শেহতীয়াভাৱে বৰাক উপত্যকাত ধাৰাবাহিকভাৱে সংঘটিত ঘটনাৰাজিৰ যথেষ্ট অৰিহনা যোগোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে৷ কাৰণ বিজেপি বা কংগ্ৰেছৰ পৰিৱৰ্তে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছহে ক্ৰমাৎ বাংলাভাষী লোকৰ অধিক আস্থাৰ দল হৈ পৰিছে৷ ইফালে, বৰাকত প্ৰদীপ দত্ত ৰয়ে গ্ৰহণ কৰা ভাষা বিদ্বেষী কাৰ্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ৷ হিন্দু সকলক দুভাগ কৰিবৰ বাবে এনে ষড়যন্ত্ৰ কৰিছে৷ যি সকলে এই কাম কৰিছে আমি ৰাজনৈতিকভাৱে তেওঁলোকৰ সৈতে মোকাবিলা কৰিম৷ হিন্দু সকলক দুভাগ-তিনিভাগ কৰা আমি সহ্য নকৰিম৷ বাঙালী সকলক অসমত যি সহায় কৰিব লাগে সেয়া আমি কৰিব লাগিব৷ অসমৰ মানুহে কৰিব লাগিব৷ উল্লেখ্য, কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, প্ৰাক্তন সাংসদ কিৰিপ চলিহা আৰু গণ সুৰক্ষা পাৰ্টীৰ সভাপতি সাংসদ নৱ শৰণীয়াই তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰি দীৰ্ঘলীয়া বৈঠকত মিলিত হৈছিল৷