Logo
image

ৰাজকোষৰ ধন দুহাতে বিলাই ঋণগ্ৰস্তৰ নয়নৰ মণি মুখ্যমন্ত্ৰী

আমাৰ অসম, ২৯নৱেম্বৰঃ যি সময়ত ৰাজকোষ উদং, ৰাজ্য চলাবলৈ চৰকাৰে এটাৰ পাছত এটাকৈ বৃহৎ পৰিমাণৰ ঋণ ল’বলগীয়া হৈছে, সেই সময়তে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন মাইক্ৰ’ফাইনেন্স কোম্পানীৰ ঋণগ্ৰস্ত মহিলাক চৰকাৰী আঁচনিৰ অধীনত ধন দিয়াৰ কাৰ্যসূচী দেওবাৰৰ পৰা আৰম্ভ কৰে৷ শৰ্মা চৰকাৰৰ ছমহীয়া কাৰ্যকালত   বিভিন্ন উৎসৰ পৰা প্ৰায় পাঁচ হাজাৰ কোটি টকাৰ ঋণ লৈছে দিছপুৰে৷ মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত এঘাৰলাখ হিতাধিকাৰীক ৰাজকোষৰ পৰা ২৫ হাজাৰকৈ টকা আদায় দিয়াৰ বাবে চৰকাৰে পুনৰ অতিৰিক্তভাৱে প্ৰায় ৬০০ কোটি টকা ঋণ ল’ব লগা হৈছে৷ চৰকাৰী পুঁজিৰ পৰা আদায় দিয়া এই ধন সেইসকলহে মহিলাইহে লাভ কৰিব যিসকলে মাইক্ৰ’ফাইনেন্স কোম্পানীক ঋণৰ ধন ওভতাই দিয়া নাই৷ কিন্তু যিসকলে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লোৱাৰ পাছত নিয়মীয়াভাৱে ঋণৰ ধন পৰিশোধ কৰি আছে সেইসকল মহিলা এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই৷ তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আজি দিনৰ ১১-৩০বজাত ৰাজ্যখনৰ মাইক্ৰ’ ফাইনেন্স উদ্‌গনি আৰু ৰেহাই আঁচনি ২০২১ৰ অধীনত ৰাজ্যৰ শোণিতপুৰ, মাজুলি, শিৱসাগৰ, যোৰহাট, ডিমাহাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাটসহ মুঠ আঠখন জিলাত প্ৰথম তিনিদিনৰ ভিতৰত নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি থকাসকলক সৰ্বাধিক ২৫হাজাৰ টকাৰ চেক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উদ্‌গনিমূলকভাৱে আগবঢ়োৱা হ’ব৷ আজি, তেজপুৰত শোণিতপুৰৰ ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া বিধানসভা সমষ্টিৰ পাঁচজন হিতাধিকাৰী বাণী বৈশ্য, কাঞ্চন বড়ো, ৰেবিকা বুঢ়াগোহাঁই দেৱী, নীলাক্ষী তাঁতি আৰু তুলসী থাপাক আনুষ্ঠানিকভাৱে এই চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীত নিজ ভাষণত কয়– ‘নিৰ্বাচনী প্ৰচাৰ সভাত আমি আমাৰ চৰকাৰ গঠন হ’লে দুখীয়া মহিলাৰ ঋণ চৰকাৰে ঘূৰাই দিম বুলি কৈছিলোঁ৷ বিভিন্ন মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱাসকলৰ ভিতৰত ক’ভিডৰ পূৰ্বলৈকে ১৪লাখ মহিলাই এই ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি আছিল৷ কিন্তু ক’ভিডৰ বাবে এই সংখ্যা তিনিলাখ হ্ৰাস পায় আৰু ১১লাখ মহিলাই কিন্তু নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰি আছিল৷’ মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে, চৰকাৰৰ যিকোনো আঁচনিৰ সুবিধা প্ৰথমতে এইসকল মহিলাই লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় ‘এই ঋণ পৰিশোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ বাবে মন্ত্ৰীগোটৰ এখন সমিতি গঠন কৰি দিয়া হয় মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত৷ এই সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ ২৪লাখ মহিলাৰ ঋণ আদায়ৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয় যে, চৰকাৰে যদিহে এই ঋণৰ ধন পোনপটীয়াকৈ বেংকসমূহক দি দিলেহেঁতেন তেনেহ’লে এইসকল মহিলাই ভৱিষ্যতে বেংকৰ নিয়ম অনুসৰি, আৰু ঋণ লাভ কৰিব নোৱাৰিব৷ প্ৰথম অৱস্থাত ঋণ আদায় দিব নোৱৰা সকলৰ ঋণহে আদায় দিয়াৰ কথা ভবা হৈছিল যদিও পাছত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাসকলক উদ্‌গনিমূলকভাৱে এইদৰে চেক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যিমান পৰিমাণৰ ঋণ ল’লে পৰিশোধ কৰিব পাৰি সিমান পৰিমাণৰ ঋণহে ল’ব লাগে৷ তদুপৰি, ঋণ লৈ টিভি, ৰেফ্ৰিজেৰিটৰ আদি ক্ৰয় কৰিব নালাগে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, সেয়া মূলধনেৰে নহয়, লাভৰ ধনৰে ক্ৰয় কৰক৷ চৰকাৰে দিয়া এই সুবিধা সদায় নাথাকিবও পাৰে বুলিও তেওঁ ভাষণত উল্লেখ কৰি কয় যে, ভোটৰ বাবে এই কাৰ্য কৰা হোৱা নাই৷ বহু পুত্ৰই মাকক পাহৰে বা স্বামীয়ে পত্নীক মাৰধৰ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়-‘ময়ো মাৰ গৰ্ভৰ পৰাই জন্ম লৈছোঁ৷ মই ৰাজ্যৰ সকলো মহিলাকে মাতৃজ্ঞান কৰোঁ আৰু তেওঁলোকৰ দুখ সহ্য কৰিব নোৱাৰোঁ৷’ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকাসকলক সৰ্বাধিক ২৫হাজাৰ টকা আদায় দিয়া হ’ব বুলি প্ৰকাশ কৰি তেওঁ ভাষণত উল্লেখ কৰে যে, শোণিতপুৰত এনে হিতাধিকাৰীৰ সংখ্যা ৫৯হাজাৰ ৪৫৮জন আৰু এইসকলে ১৬-২৫হাজাৰ টকাৰ চেক লাভ কৰিব৷ এই চেক ইতিমধ্যেই শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত জমা দিয়াৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে এই চেক বিতৰণৰ নামত মহিলাসকলৰ পৰা যদি কোনোবাই এটকা বা তামোল এখনো খাব খোজে তেনেহ’লে তেনেলোক কাৰাগাৰৰ আলহী হ’ব লাগিব বুলি সতৰ্ক কৰি দিয়ে৷ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা ৰাজ্যৰ ১১লাখ মহিলাই অহা ৩১মাৰ্চৰ ভিতৰত চেক লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ঋণ অনাদায় হৈ থকাসকলৰ বাবে জানুৱাৰীত এক পৰ্টেলৰযোগে আবেদনৰ ব্যৱস্থা কৰা হ’ব আৰু এই আবেদনৰ ভিত্তিত নিয়ম অনুসৰি, তেওঁলোকৰ ঋণৰ ধন চৰকাৰে পোনপটীয়াকৈ বেংকক পৰিশোধ কৰিব আৰু ইয়াৰ বিপৰীতে ঋণ পৰিশোধৰ প্ৰমাণ-পত্ৰ মহিলাসকলক বিতৰণ কৰা হ’ব৷ ছমাহৰ ভিতৰত ৰাজ্যৰ ২৪লাখ ঋণগ্ৰস্ত মহিলাই চৰকাৰৰ ঋণ পৰিশোধৰ সুবিধা লাভ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰৰ আঠ-ন হাজাৰ কোটি টকা ব্যয় হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে সভাত বেংকসমূহকো ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰিহে ঋণ প্ৰদান কৰিবলৈ আহ৩ান জনায়৷ ইপিনে, মুখ্যমন্ত্ৰীয়ে ভাষণতে ঘোষণা কৰে যে, নিৰ্বাচনী প্ৰতিশ্ৰুতিঅনুসৰি শীঘ্ৰেই ৰাজ্যত একলাখ নিৱনুৱাক চৰকাৰী নিযুক্তি দিয়া হ’ব আৰু অৰুণোদয় আঁচনিৰো সম্প্ৰৰসাৰণ কৰা হ’ব৷ তেওঁ কয় যে, চৰকাৰে বৰ্তমান ঋণ পৰিশোধৰ লগতে এই তিনিটা প্ৰতিশ্ৰুতি পালন কৰিবলৈ লৈছে৷ ইতিমধ্যে ৰাজ্যত তিনিহাজাৰ নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, অহা ১০মে’ৰ ভিতৰত ১৬হাজাৰক আৰক্ষীত আৰু ২২হাজাৰক শিক্ষা বিভাগত নিযুক্তি দিয়া হ’ব৷ চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিও এইসময়ৰ ভিতৰত কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ তেওঁ লগতে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰা ধনৰ পৰিমাণ প্ৰতিবছৰে বৃদ্ধি পাব বুলিও ঘোষণা কৰাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত পাঁচ হাজাৰকৈ হিতাধিকাৰী নতুনকৈ বঢ়োৱা হ’ব বুলি প্ৰকাশ কৰে৷ অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিঘৰকে সামৰি লোৱাৰ পৰিকল্পনা কৰা বুলিও তেওঁ ভাষণত কয়৷ আনহাতে, তেজপুৰৰ মিছন ছাৰিআলিপৰ্যন্ত থকা ৰে’ল লাইন উঠাই দিয়াৰ বাবে উত্তৰ-পূব ৰে’লৰ লগত আলোচনা চলি আছে আৰু ইয়াৰ মীমাংসা হ’লেই ইয়াত পথ বহলোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি যুগমীয়া কৰাৰ লগতে তেওঁলোকৰ সমাধিক্ষেত্ৰ ৰাজ্যৰ সবাতোকৈ সুন্দৰভাৱে গঢ়ি তোলাৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীজনে ভাষণত সদৰি কৰে৷ আনহাতে, ক’ভিড নিঃশেষ হোৱা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে, বৰ্তমান ক’ভিডৰ সংক্ৰমণ কমিলেও দৈনিক চাৰি-পাঁচজন মানুহৰ মৃত্যু ঘটি আছে৷ শেহতীয়াকৈ দিক্ষণ আফ্ৰিকাত ক’ভিডৰ নতুন প্ৰজাতিৰ বীজাণু আৱিষ্কাৰৰ কথা দোহাৰি তেওঁ কাৰো কথা নুশুনি দুইপালি প্ৰতিষেধক গ্ৰহণৰ বাবে আহ৩ান জনাই কয় যে, ক’ভিড এক সামাজিক সমস্যা আৰু কোনোবা এজন ক’ভিডত আক্ৰান্ত হোৱা মানে ১৮বছৰৰ তলৰসকলৰ বাবে অধিক বিপদজনক হৈ উঠিব৷ যিহেতু ১৮বছৰৰ তলৰসকলৰ বাবে ক’ভিড প্ৰতিৰোধী ভেক্‌চিন ওলোৱা নাই৷ এইবাৰ ক’ভিড পূৰ্বৰ দৰে সংক্ৰমিত হ’লে ৰাজ্যই সহ্য কৰিব নোৱাৰিব বুলিও তেওঁ সতৰ্ক কৰি দি কয় যে ক’ভিডে আটাইতকৈ দৰিদ্ৰ লোকৰ ক্ষতি কৰি জীৱন আৰু জীৱিকাৰ পথ ৰুদ্ধ কৰে৷ আনহাতে, পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় ‘বৰাকৰ মানুহ বিজেপিৰ লগতে আছে, বৰাকৰ মানুহ আমাৰ লগত আৰু মোৰ লগত আছে৷ বৰাকত বঙালী ভাষা চৰকাৰী কাৰ্যালয়ত কাম কৰোঁতে প্ৰযোজ্য৷ এইটো বহুদিনৰ আগতে অসম বিধানসভাত গৃহীত হৈ আছে৷’ তেওঁ লগতে কয়, ‘এইটো ক’তো লিখা নাই যে ভাৰতৰ কোনোবাই অন্য ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব৷ যিদৰে ধাবাসমূহত চিনাকি হোৱাৰ বাবে পাঞ্জাৱী, গুজৰাটী, বঙালী লোকে নিজ নিজ ভাষাতে ধাবাৰ নাম লিখে৷ উৰিষ্যাতো অসমীয়া-বাংলা ভাষাত দোকানৰ নাম আৰু সামগ্ৰী তালিকা লিখে৷’ সেইবুলি উৰিষ্যাৰ বাসিন্দাসকলে সেই ভাষাৰ বেনাৰ-হৰ্ডিং ভাঙি পেলাব নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষা অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে দিব পাৰিব৷ ৰাজ্যৰ বাবে অহা ২০ বছৰ টাৰ্ণিং পইণ্ট হ’ব বুলিও কয়, মুখ্যমন্ত্ৰীজনে৷ তেওঁ কয় যে, অসমত ড্ৰাগ্‌ছ নাথাকিব আৰু বহু বেয়া কাম নিজে নিজে বন্ধ হৈ যাব৷ তাৰ লগে লগে অসমৰ বিকাশে গতি লাভ কৰিব৷ মুখ্যমন্ত্ৰীজনে সোণাই-ৰূপাই অভয়াৰণ্যৰ বেদখলৰ সম্ভাৱনা নাকচ কৰি কয় যে, ৰাজ্যৰ জনজাতিসকলক উচ্ছেদ কৰাটো সহজসাধ্য নহয়৷ তেওঁ লগতে কয় যে, জনজাতিসকলৰ ইয়াত ভূমিৰ অধিকাৰ সৰ্বাধিক৷ ইতিমধ্যে কোকৰাঝাৰত এনেক্ষেত্ৰত এক বুজাবুজি কৰা হৈছে আৰু আন স্থানতো এনে দৰে বুজাবুজিৰ মাজৰে বিষয়টোৰ মীমাংসা কৰা হ’ব৷ যিসকলে বেদখলৰে ৰাজ্যৰ ক্ষতি কৰিছে তেওঁলোকক উচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰি জনজাতীয়সকলৰ ভূমিতহে দাস, কলিতা, শইকীয়া আদিসকল আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আনহাতে, অসমৰ শান্তি-সম্প্ৰীতি ভংগ কৰিব খোজাসকলৰ বিৰুদ্ধে প্ৰয়োজন হ’লে অধিক কঠোৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে এজন হিন্দু বুলি গৌৰৱ কৰাৰ কথা পুনৰ দোহাৰি ইতিমধ্যে প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰত তেওঁ কয় ‘লুৰীণজ্যোতিৰ ধৰ্ম কি মই নাজানোঁ কিন্তু মই এজন গৌৰৱী হিন্দু হৈ হিন্দুৰ ওচৰত আত্মসমৰ্পণৰ প্ৰশ্নই নাহে৷’ সভাত অংশলৈ ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দেশৰ ভিতৰত ঋণগ্ৰস্তলৈ আগবঢ়োৱা এনে আঁচনি এইখনেই প্ৰথম বুলি উল্লেখ কৰে৷ তেওঁ ঋণ গ্ৰহণ কৰাসকলক তিনিটা ভাগত ভগোৱা বুলি উল্লেখ কৰি লগতে কয় যে, প্ৰথম শ্ৰেণীত ঋণ নিয়মীয়াকে পৰিশোধ কৰি থকাসকল, দ্বিতীয় শ্ৰেণীত ঋণৰ কিস্তি পৰিশোধত সমস্যাৰ সন্মুখীন হৈ বন্ধ হোৱাসকল আৰু বাকী ঋণ পৰিশোধ কৰিব নোৱাৰি হতাশাত ভোগাসকল আছে৷ আনহাতে, এই ঋণ আদায়ৰ বিষয়টোকলৈ গঠন কৰি দিয়া সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী অশোক সিংঘালে তেওঁৰ ভাষণত কয় যে, ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ প্ৰথমটো কেবিনেট সিদ্ধান্ত আছিল ঋণগ্ৰস্ত মহিলাসকলক সহায় কৰাটো৷ ইয়াৰ বাবে সমিতিক দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া হৈছিল যদিও সমিতিয়ে প্ৰতিবেদন দাখিল কৰাত পলম হয়৷ নৰ্থ ইষ্ট ফাইনেন্স বেংকৰ বিষয়া ৰূপালী কলিতাই তেওঁলোকৰ ১২২টা শাখাৰ অধীনতো ঋণ দিয়াৰ বিষয়ে উল্লেখ কৰে ভাষণত৷ শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা আজিৰ সভাত মন্ত্ৰী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু, কৃষ্ণকমল তাঁতি, ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব, বিত্ত সচিব, মুখ্যমন্ত্ৰীৰ সচিব আৰু বিজেপিৰ বিষয়ববীয়া একাংশয়ো অংশ লয়৷