Logo
image

অসম যেন সেই ‘উড়তা পঞ্জাব’

 ৰাজ্যৰ চুকে-কোণে

বিপুল পৰিমাণৰ ড্ৰাগ জব্দ 

আমাৰ অসম, ২৯ নৱেম্বৰঃ বলীউডৰ জনপ্ৰিয় ছবি ‘উড়তা পঞ্জাৱ’ৰ কাহিনী হয়তো সকলোৰে মনত আছে৷ কিদৰে শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ পৰা সৰবৰাহ হোৱা ড্ৰাগ্‌ছে পঞ্জাবৰ যুৱ প্ৰজন্মক তিল তিলকৈ ধবংসৰ দিশে লৈ গৈছিল তাক সাৱলীলভাৱে উপস্থাপন কৰিছিল হিন্দী ছবিখনত৷ বলীউডৰ ‘উড়তা পঞ্জাৱ’ৰ দৰেই বৰবিহ স্বৰূপ ড্ৰাগছে অসমত শিপা মেলিছে৷ অসম যেন এতিয়া সেই ‘উড়তা পঞ্জাৱ’৷ কিয়নো অসম আৰক্ষীয়ে  শ শ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ তথা নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িতসকলক গ্ৰেপ্তাৰ অব্যাহত ৰাখিছে৷ আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কঠোৰ আৰক্ষীয়ে ড্ৰাগ্‌ছ মাফিয়াক এনকাউণ্টাৰ কৰি গুলীবিদ্ধও কৰিছে৷ কিন্তু ইয়াৰ পাছতো অসমত ড্ৰাগ্‌ছৰ অবাধ সৰবৰাহ অব্যাহত থকা ঘটনাই আৰক্ষীৰ অভিযানক লৈয়ে প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো অসম আৰক্ষীয়ে ড্ৰাগ্‌ছ মাফিয়া-সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ’লেও ড্ৰাগ্‌ছৰ সাম্ৰাজ্যৰ নেক্সাছৰ মূল ব্যক্তিসকলক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে অসমত প্ৰতিদিনাই বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ তথা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে৷ ঠিক যেন ‘উড়তা পঞ্জাৱ’ৰ দৰেই চুবুৰীয়া মিজোৰামৰ পৰা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ সহযোগত অসমলৈ নিতৌ আহিছে নিচাযুক্ত সামগ্ৰী৷ বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ প্ৰায় দহটা স্থানত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছসহ কেবাজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীয়ে৷ কৰিমগঞ্জৰ জিলাৰ দুটা স্থানত নিচাযুক্ত টেবলেট আৰু হেৰ’ইন জব্দ কৰাৰ লগতে কাৰ্বিআংলং, মেৰাপানী, চৰাইদেউৰ নামতোলা, মৰিগাঁও, কোকৰাঝাৰ, ধুবুৰী, মানকাচৰ, আৰু নগাঁওত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ তথা নিচাযুক্ত সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে৷ দেওবাৰে নগাঁও আৰক্ষীয়ে বটদ্ৰৱাত কদমণি পথাৰ গাঁৱত ৩০ গ্ৰাম ড্ৰাগ্‌ছসহ এটা কিন্নৰৰ লগতে তিনিটা কুখ্যাত ড্ৰাগ্‌ছ মাফিয়াক গ্ৰেপ্তাৰ কৰে৷ আনহাতে, নগাঁও আৰক্ষীয়ে জিলাখনৰ ৰাঙলুত দেওবাৰে নিশা অভিযান চলাই পিষ্টল আৰু বুজন পৰিমাণৰ হেৰ’ইনসহ ফইজুল ইছলামক আৰু ছিদ্দিক আলী নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে৷ কৰিমগঞ্জৰ নিলাম বজাৰত ২.৫৯ লাখ ইয়াবা টেবলেট জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে৷ তদুপৰি বি এছ এফে কৰিমগঞ্জৰ ৰাতাবাৰীতো বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷ ডিফুৰ মাঞ্জাত আৰক্ষীয়ে এখন বাহনৰ পৰা প্ৰায় ছয় হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে৷ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগ্‌ছৰ তিনিটাকৈ টোপোলা জব্দ কৰে যদিও সৰবৰাহকাৰী পলায়ন কৰে৷গুৱাহাটীত ড্ৰাগসহ চি আই ডিৰ প্ৰাক্তন কৰ্মচাৰী গ্ৰেপ্তাৰ গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ ফৰেষ্টগেটত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰইনসহ চি আই ডিৰ প্ৰাক্তন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত প্ৰাক্তন কৰ্মচাৰীজন হৈছে নাৰেংগীৰ ফৰেষ্ট গেটৰ বাসিন্দা প্ৰতাপ ৰাজবংশীৰ পুত্ৰ ৰাজীৱ ৰাজবংশী [৩৫]৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নাৰেংগীৰ ফৰেষ্ট গেটত প্ৰতাপ ৰাজবংশীয়ে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগ বিক্ৰী কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে নাৰেংগীত অভিযান চলাই বুজন পৰিমাণৰ হেৰইনসহ লোকজনক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে ড্ৰাগ ব্যৱসায়ত জড়িত থকাৰ বাবে অসম আৰক্ষীয়ে চি আই ডিৰ কৰ্মচাৰী ৰাজীব ৰাজবংশীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ চাকৰিৰ পৰা খেদা খাই ৰাজীব পুনৰ ড্ৰাগ ব্যৱসায়ত জড়িত হৈ পৰে৷