Logo
image

প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতা

সাম্প্ৰতিক বিশ্বত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত প্লাষ্টিক  প্ৰদূষণে আজিৰ তাৰিখত ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ যাৰ ফলত জীৱজগতৰ নতুন নতুন অঞ্চল প্লাষ্টিক প্ৰদূষণৰ ত্ৰাসত পৰিছে৷ ইয়াৰ ভিতৰত দক্ষিণ প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত ক্ষুদ্ৰ হেণ্ডাৰছন আইলেণ্ডৰ কথাও সৰ্বত্ৰে চৰ্চা হৈছে৷ উল্লেখ্য যে, আয়তনৰ হিচাপত মেন্‌হেটন চহৰৰো আধা এই অকণমানি দ্বীপটোত কোনো মানুহ নাই যদিও দুবছৰৰ পূৰ্বে [২০১৯ত] দ্বীপটোৰ চৌদিশে থকা উপকূলীয় এলেকাত উদ্ধাৰ হৈছিল প্ৰায় ১৯টন প্লাষ্টিক আৱৰ্জনা৷ আনহাতে দ্বীপটোৰ ইফালে-সিফালে পৰি ৰৈছিল ৩ কোটি ৭০ লাখ নানা আয়তনৰ প্লাষ্টিকৰ টুকুৰা৷ এতিয়া প্ৰশ্ন হয়, পাণ্ডৱ বৰ্জিত এই দ্বীপটোত ক’ৰ পৰা আহিল ইমান প্লাষ্টিক টুকুৰা? প্ৰকৃততে, সাগৰৰ পাৰত থকা দেশসমূহৰ পৰা নলা-নৰ্দমা, নদ-নদী, সাগৰ হৈ পানীৰ সোঁতত বা ঢৌৰ ঠেলাত উটি গৈ এই প্লাষ্টিকবোৰ হেণ্ডাৰছনৰ দৰে কোনো নিৰ্জন ঠাই অথবা সাগৰত খোপনি পোতে অনন্তকালৰ বাবে৷ আনহাতে, ভূ-বিজ্ঞানীসকলৰ মতে, আইনাৰ বটল সাগৰত প্ৰায় চাৰি হাজাৰ বছৰ অক্ষত অৱস্থাত থকাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বছৰি ৮০১ পৰা ৯০ লাখ টন প্লাষ্টিকৰ অন্তিম আশ্ৰয়স্থল হৈছে সাগৰসমূহ৷ তাৰ উপৰি সাগৰত দেখা পোৱা আৱৰ্জনাৰ দুই-তৃতীয়াংশ প্লাষ্টিক বোৱাই অনা মুঠ ২০খন প্ৰধান নদীৰ ভিতৰত চীনৰ ইয়াংচি, ইণ্ডোনেছিয়াৰ পেচিগ তথা ভাৰতৰ গংগাসহ ১৫খনেই এছিয়া মহাদেশৰ৷ এনে বিপুল পৰিমাণৰ আৰু সৰু-বৰ প্লাষ্টিকৰ টুকুৰা, নানা প্লাষ্টিক কণাৰ প্ৰদূষণে একাধিক বিপন্ন প্ৰজাতিসহ প্ৰায় ২২৭০টা সাগৰীয় জীৱক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত কৰিছে৷ শেহতীয়াকৈ দ্য গাৰ্ডিয়ান কাকতত প্ৰকাশিত খবৰ অনুসৰি গ্ৰীচৰ সাগৰত স্পাৰ্ম হোৱেল প্ৰজাতিৰ মৃত বহু তিমিৰ পাকস্থলীত প্ৰচুৰ পৰিমাণে প্লাষ্টিক পোৱা গৈছে৷ একে ধৰণৰে ২০১৬ চনত উত্তৰ সাগৰৰ উপকূলীয় এলেকাত মৃত অৱস্থাত উদ্ধাৰ হোৱা ২৯টা তিমিৰ পেটত পোৱা গৈছিল প্লাষ্টিকৰ অৱস্থিতি৷ সাধাৰণতে, আমি যিবোৰ সাগৰীয় মাছ খাওঁ, তাৰ মাজতে অজ্ঞাতে আমাৰ শৰীৰত নিতৌ সোমাই গৈ আছে প্লাষ্টিকৰ কণা৷ অকল সেয়াই নহয়, আজিকালি কৃষিভূমিৰ পৰা জলাশয়ৰ আনকি খোৱাপানীও তীব্ৰ প্লাষ্টিক প্ৰদূষণৰ গৰাহত পৰিছে৷ তাৎপৰ্যপূৰ্ণ যে, ২০১৭ চনত আমেৰিকাৰ মিন্নেচোটা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে কাম্পালা, দিল্লী, জাকাৰ্টা, ইউৰোপৰ সাতখন আৰু আমেৰিকাৰ একাধিক চহৰৰ পৰা ১২৯টা খোৱাপানীৰ নমুনা পৰীক্ষা কৰোঁতে শতকৰা ৮৩ শতাংশ নমুনাতেই প্লাষ্টিকৰ কণাৰ অস্তিত্ব বিচাৰি পোৱা গৈছে৷ সেয়ে এই হিচাপত খোৱাপানীৰ সৈতেও নিতৌ গলাধঃকৰণ কৰি থকা গৈছে বিষাক্ত প্লাষ্টিক কণাবোৰহে৷

আচলতে, বৰ্তমানৰ সভ্যতাক প্লাষ্টিক সভ্যতা বুলি ক’লেও ভুল নহ’ব৷ কিয়নো বিদ্যুতৰ তাঁৰৰ ক’ভাৰৰ পৰা আৰম্ভ কৰি জন্ম নিৰোধক, কাপ-প্লেট, খেলা পুতলা, ৰেজৰ, মগ, , টিফিনৰ বাকচ, নানা বুটাম, পানীৰ টেংকী, গাড়ীৰ যন্ত্ৰাংশ, চকী-মেজ সকলোতে প্লাষ্টিকে আধিপত্য বিস্তাৰ কৰিছে৷ কিন্তু এনে প্লাষ্টিকৰ ৫০ শতাংশৰো অধিক আমি এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা হেতুকে বিশ্বৰ যেন ডিচপজেল পৰম্পৰাই প্ৰদূষণৰ চৰম সীমা অতিক্ৰম কৰিছে৷ আনহাতে, বিগত শতিকাত সমগ্ৰ পৃথিৱীত যিমান পৰিমাণৰ প্লাষ্টিক উৎপাদন হৈছিল, চলিত শতিকাৰ প্ৰথম দশকত তাতকৈ বেছি প্লাষ্টিক উৎপাদন হৈছে৷ এই প্ৰচুৰ পৰিমাণৰ প্লাষ্টিকৰ কিছু পৰিমাণহে মাটিত জমা হোৱাৰ বিপৰীতে বুজন সংখ্যকে কিন্তু সাগৰত জমা হোৱাটো সঁচাকৈয়ে চিন্তনীয় বিষয়৷তথাপিও এতিয়া সময় হৈছে প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ সম্পৰ্কে মানুহক সচেতন কৰা তথা এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা৷ এইক্ষেত্ৰত ২০১৮ চনত ভাৰতে স্কুল-কলেজ বা অফিচ কাছাৰীত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছিল, যাৰ বাবে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰাও ভূয়সী প্ৰশংসা পাইছিল৷ তৎসত্ত্বেও দিন বাগৰাৰ লগে লগে ইও ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গ’ল৷ ইয়াৰ প্ৰধান কাৰণটো ক’বলৈ গ’লে চৰকাৰীভাৱে প্লাষ্টিক উৎপাদনকাৰী কোম্পানীবোৰক পাৰি দিয়া ৰঙা দলিচা৷ সেয়ে এনে প্লাষ্টিক উৎপাদনকাৰী বহুজাতিক কোম্পানীবোৰক যদি এতিয়াই নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে এই সৰ্বগ্ৰাসী প্ৰদূষণৰ পৰা আমাৰ নিস্তাৰ নাই৷ তাৰ উপৰি কেন্দ্ৰীয় চৰকাৰখনেও প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, বিধি-আইন প্ৰণয়ন কৰি ডিচপজেল সংস্কৃতিৰ বিৰুদ্ধে গঢ়ি তুলিব লাগিব জনমত, অন্যথা প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব৷