Logo
image

যেন অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি! যোৰহাটৰ মাজমজিয়াত আছু নেতাক গণপ্ৰহাৰ কৰি হত্যা

নৃশংসতাৰ চৰম সীমা

আমাৰ অসম, ৩০ নৱেম্বৰঃ মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল যোৰহাট৷ শিক্ষিত, সংস্কৃত, সংবেদনশীল আৰু সাংস্কৃতিক মনৰ লোকৰ বাসস্থানৰূপে জনাজাত যোৰহাটত নৃশংসভাৱে হত্যা কৰা হ’ল এজন কম বয়সীয়া যুৱকক৷ দুৰ্ঘটনাত আহত এজন লোকক সহায় কৰিবলৈ গৈয়েই ভুল বুজাবুজিৰ সূত্ৰে এদল উন্মত্ত লোকৰ ৰোষৰ বলি হয় সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰতিভাৱান নেতা৷ নৃশংসতাৰ চৰম সীমা অতিক্ৰম কৰা এদল উন্মত্ত লোকৰ আক্ৰমণত যোৰহাটৰ মাজমজিয়াত প্ৰাণ হেৰুৱালে এজন আছু নেতাই৷ আন এজন আছু নেতা আৰু এজন সাংবাদিক আহত হয়৷ যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷          সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাৰ নিন্দা কৰাৰ লগতে শীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনোৱাৰ উপৰি মঙলবাৰৰ পৰা তিনিদিনলৈ ৰাজ্যজুৰি আছুৰ পতাকা অৰ্ধনমিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে৷ যোৰহাটৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এয়া যেন অভি-নীল হত্যাৰহে পুনৰাবৃত্তি৷ সকলো বিৱেকবান আৰু সংবেদনশীল লোকেই এই ঘটনাক নিন্দা কৰিছে আৰু দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷ কাৰ্বি আংলং জিলাত প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ যোৱা অৱস্থাত গুৱাহাটীৰ দুই শিল্পী নীল-অভিক একাংশ উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰা আৰু যোৰহাট জিলাৰ টীয়ক বাগানত চিকিৎসক দেৱেন দত্তক উন্মত্ত লোকে হত্যা কৰা ঘটনা ৰাজ্যবাসীৰ মনত সজীৱ হৈ থকাৰ সময়তে যোৰহাট নগৰৰ মাজমজিয়াত সোমবাৰে দিনদুপৰতে লোকচক্ষুৰ সন্মুখতে উন্মত্ত লোকৰ এটা দলে এজন ছাত্ৰ নেতাক নৃশংসভাৱে হত্যা কৰে৷ প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে দিয়া ঘটনাৰ বিৱৰণি মতে, নগৰখনৰ ব্যস্ত ব্যৱসায়িক অঞ্চল এ টি ৰোডৰ ট্ৰাক ষ্টেণ্ডত [মাৰোৱাৰীপট্টী] এটা সাধাৰণ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল গুণ্ডাজাতীয় লোকৰ নিৰ্মম প্ৰহাৰত কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই৷ এই ঘটনাত অনিমেষৰ দুজন সতীৰ্থ মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত আহত হয়৷ প্ৰণয় দত্ত আছু নেতা৷ প্ৰাক্তন আছু নেতা মৃদুস্মন্ত বৰুৱা এজন সংবাদকৰ্মী৷ এই ঘটনাত আৰক্ষীয়ে এইপৰ্যন্ত জ্ঝজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ লক্ষণীয়ভাৱে যোৰহাটত এনেধৰণৰ ঘটনা এইটোৱেই প্ৰথম নহয়৷ ২০১৯ চনৰ ৩১ আগষ্টত যোৰহাট জিলাৰ টীয়কত গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছিল ডাঃ দেৱেন দত্তই৷ ২০২০ চনত যোৰহাট জিলাৰ মৰিয়নিত গণপ্ৰহাৰত মৃত্যু হৈছিল দেৱাশিস গগৈ নামৰ এজন লোকৰ৷ সোমবাৰে যোৰহাটৰ মাজমজিয়াত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে আছু নেতা অনিমেষ ভূঞাই৷ লক্ষণীয়ভাৱে যি ঠাইত অনিমেষ ভূঞাক হত্যা কৰা হৈছিল, সেই ঠাইৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ দূৰত্ব মাথোঁ এশ খোজৰ৷ ঘটনাস্থলীৰ কাষতেই আৰক্ষীও আছিল৷ মূলতঃ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতেই দুৰ্গতক সহায় কৰিবলৈ গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন কম বয়সীয়া যুৱকে৷

কেনেকৈ সংঘটিত হ’ল মৰ্মন্তুদ ঘটনাঃতেতিয়া দিনৰ ১.৩০ বাজিছে৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ দুজন ছাত্ৰ নেতা আৰু এজন সংবাদকৰ্মী ব্যস্ত যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত বজাৰ কৰাত৷ সেই সময়তে এ টি ৰোডেৰে গৈ থকা এখন স্কুটীৰ আৰোহীজন পথত বাগৰি পৰা দেখি তেওঁলোক সহায় কৰিবলৈ আগবাঢ়ি গ’ল৷ এজন লোক দুৰ্ঘটনাত পতিত হোৱাত তেওঁলোক ৰৈ থাকিব নোৱাৰিলে৷ তেওঁলোক আগবাঢ়ি গৈ দুৰ্ঘটনাত পতিত লোকজনক পথৰ পৰা উঠাই পৰিচৰ্যা কৰে৷ আ(ৰ্যজনকভাৱে দুৰ্ঘটনাত পতিত লোকজনে অভিযোগ কৰে যে সেই ছাত্ৰনেতা কেইজনে খুন্দিওৱাৰ ফলতহে তেওঁ বাগৰি পৰিছিল৷ প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনোৱা মতে, সেই সময়ত দুৰ্ঘটনাত পতিত লোকজন সুৰামত্ত অৱস্থাত আছিল৷ তেওঁৰ ঘৰ ঘটনাস্থলীৰ নাতিদূৰৈৰ বড়িগাঁৱত৷ তেওঁ ছাত্ৰনেতা কেইজনক উচ্ছ-বাচ্য কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে কাৰোবাক ফোন যোগে ‘ঘটনা সম্পৰ্কে’ অৱগত কৰে৷ কিছু সময়ৰ পাছতে উন্মত্ত লোকৰ এটা দল আছু নেতাকেইজনৰ ওপৰত জঁপিয়াই পৰে৷হাতযোৰ কৰি নামাৰিবলৈ কাতৰ অনুৰোধ কৰিছিল অনিমেষে ঃ এদল উন্মত্ত লোক তিনিজন তেজাল যুৱকৰ ওপৰত জঁপিয়াই পৰিছিল৷ ইয়াৰে দুজনে কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়৷ সেয়ে গুণ্ডাৰ দলটোৱে লক্ষ্য কৰি লয় অনিমেশ ভূঞাক৷ দলটোৰ উপৰ্যুপৰি প্ৰহাৰত মুমূষুৰ্ হৈ পৰা অনিমেশে তেওঁক আৰু প্ৰহাৰ নকৰিবলৈ আক্ৰমণকাৰী দলটোক হাতযোৰ কৰি কাতৰ অনুৰোধ কৰিছিল৷ কিন্তু আক্ৰমণকাৰী দলটোৱে তেওঁৰ অনুৰোধলৈ কৰ্ণপাত নকৰিলে৷ বৰঞ্চ গুণ্ডাৰ দলটোৱে চৰ, ঘোঁচাৰে তেওঁৰ এই অনুৰোধৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে পথৰ ওপৰত গচকি গচকি প্ৰহাৰ কৰে৷

শ শ লোক সাক্ষী হৈ ৰ’ল এই জঘন্য ঘটনাৰঃযোৰহাট নগৰৰ ব্যস্ত ব্যৱসায়িক অঞ্চল ট্ৰাক ষ্টেণ্ডত শ শ লোকৰ সন্মুখতে উন্মত্ত যুৱকৰ দলে দুজন ছাত্ৰ নেতা তথা এজন সাংবাদিকক প্ৰহাৰ কৰে৷ এজনক নৃশংসভাৱে হত্যা কৰে৷ আহত হয় আন দুজন৷ এই নৃশংস-নিদাৰুণ দৃশ্যৰ অসহায়-নিৰুদ্বেগ-নিৰ্লিপ্ত সাক্ষী হৈ ৰ’ল শ শ লোক৷ সেই সময়ত শতাধিক যান-বাহনো সেই ফালেদি পাৰ হৈ যায়৷ কিন্তু আক্ৰমণৰ বলি হোৱা ছাত্ৰনেতা কেইজনক সহায় কৰিবলৈ কোনো লোক আগবাঢ়ি নাহিল৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চিচি টিভি ফুটেজ বিচাৰে যদিও ভাত খাবলৈ যোৱা, চিচিটিভি বেয়া হৈ থকা আদি অজুহাত দেখুৱাই ব্যৱসায়ীসকলে অনুসন্ধানত সহযোগিতা নকৰা বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে৷৯ জনক গ্ৰেপ্তাৰ ঃ যোৰহাট নগৰত সংঘটিত এই জঘন্য ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোমবাৰে নিশা ৯ বজাপৰ্যন্ত ৯জন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক ক্ৰমে মোহন দাস [৭১], বিতোপন দাস [৩১], বিক্ৰম দাস [২৮], সৰুল’ৰা দাস [১৯], সুভাস বৰা [৩২], বঙালী দাস [২৯], চিৰঞ্জীৱ দাস [২৬], অবিনাশ বৰা [২৩], আৰু দেৱ দাস [১৯] বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষী সূত্ৰই জনোৱা মতে, মোহন দাস নামৰ লোকজন দুৰ্ঘটনাত পতিত হোৱাৰ সূত্ৰে তেওঁক সহায় কৰিবৰ বাবে আগবাঢ়ি গৈয়েই প্ৰাণ হেৰুৱালে অনিমেষ ভূঞাই৷ মোহন দাসে তেওঁক সহায় কৰিবলৈ অহা আছু নেতাকেইজনক দুৰ্ঘটনা সংঘটিত কৰা লোক বুলি অভিহিত কৰি চিঞৰ-বাখৰ কৰাৰ ফলতে সংঘটিত হ’ল এটা নৃশংস ঘটনা৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত তিনিজন ভাই-ককায়ো আছে৷ ইফালে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ নেতৃত্ব লোৱা ক’লাল’ৰা ওৰফে কালাক বিচাৰি আৰক্ষীয়ে অভিযানত অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্ৰই জনোৱা মতে, কালা ওৰফে ক’লা ল’ৰা মোহন দাসৰ ভতিজাক৷

দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী ছাত্ৰ সন্থাৰ ঃ যোৰহাটত সংঘটিত জঘন্য হত্যাকাণ্ডত জড়িতক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে যোৰহাট জিলা ছাত্ৰ সন্থাই৷ অন্যথা যোৰহাট অচল কৰি দিয়া হ’ব বুলি হুংকাৰ দিছে জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে৷ তেওঁ প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এজনে তেওঁলৈ ফোন কৰি এই গণ আক্ৰমণৰ বিষয়ে অৱগত কৰি সহায় বিচাৰে৷ লগে লগে তেওঁ এই বিষয়ে আৰক্ষীক খবৰ দিয়াৰ লগতে ছাত্ৰ সন্থাৰ এটা দল ঘটনাস্থলীলৈ প্ৰৰণ কৰে৷ এই ঘটনাই যোৰহাটক লজ্জানত কৰা বুলিও তেওঁ প্ৰকাশ কৰে৷ আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ সভাপতি প্ৰণৱজোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই দিন দুপৰতে যোৰহাট নগৰৰ মাজমজিয়াত এজন ছাত্ৰক মৰিয়াই মৰিয়াই মাৰি পেলোৱা ঘটনাত জড়িত প্ৰতিজন অপৰাধীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাস¸নক দাবী জনাইছে৷ যোৰহাট আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলিও পৰিষদে অভিযোগ কৰিছে৷

ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী উকীল সন্থাৰঃ সোমবাৰে যোৰহাটত সংঘটিত নাৰকীয় হত্যাকাণ্ডটোৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক কঠোৰতম শাস্তি বিচাৰ দাবী কৰিছে যোৰহাট উকীল সন্থাৰ সভাপতি হেমেন বৰাই৷ 

একে স্থানতে গণ প্ৰহাৰত মৃত্যু ঘটিছিল এজন সেনা জোৱানৰঃ সোমবাৰে যিটো নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল তাৰ সমীপতে কেইবছৰমানৰ পূৰ্বে এচাম অবিবেচক লোকৰ সংঘবদ্ধ প্ৰহাৰত মৃত্যুক সাবটি লৈছিল মেলেং ফেচুৱালৰ এজন সেনা জোৱানে৷ যোৰহাট মাৰোৱাৰীপট্টীত বজাৰ কৰিবলৈ অহা মেলেং জতকীয়াৰ দ্বীপেন ভৰালী নামৰ সেনা জোৱানজনে মাৰোৱাৰীপট্টীত এটি কেঁচুৱাক হাতেৰে চুই মৰম কৰোঁতেই হৰকাধৰা [সোপাধৰা] বুলি একাংশই সন্দেহ কৰে আৰু তেওঁক মৰিয়াই মৰিয়াই হত্যা কৰে৷ কিন্তু উক্ত ঘটনাৰ দোষীৰ শাস্তি নহ’ল আৰু বিচাৰৰ প্ৰক্ৰিয়াও আগ নাবাঢ়িল– যিদৰে আজিলৈকে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল ২০১৮ চনত কাৰ্বি আংলঙৰ ডকমকাত গণপ্ৰহাৰত নিহত অভি-নীল হত্যা গোচৰৰ৷

তদন্তৰ নিৰ্দেশ যোৰহাটৰ উপায়ুক্তৰ

যোৰহাট নগৰৰ ব্যস্ততাপূৰ্ণ এ টি ৰোডৰ ট্ৰাক ষ্টেণ্ডত সোমবাৰে দুপৰীয়া একাংশ উন্মত্ত লোকে গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে৷ কি পৰিস্থিতিত ছাত্ৰ নেতাজন একাংশ উন্মত্ত লোকৰ জিঘাংসাৰ বলি হ’ল সেই সম্পৰ্কে সম্পূৰ্ণ তদন্ত কৰি দহ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্ত বৰ্মনে যোৰহাটৰ মহকুমাধিপতি আকাশী দুৱৰাক নিৰ্দেশ দিছে বুলি উপায়ুক্ত বৰ্মনে জানিবলৈ দিছে৷