Logo
image

নিৰ্মাণৰ শুভাৰম্ভ কৰিয়েই দ্বিতীয়খন দলং ঘোষণা মুখ্যমন্ত্ৰীৰ

আমাৰ অসম,৩০ নৱেম্বৰঃ হালোৱা-জালোৱা, কৃষক-শ্ৰমিক, শিশু, কিশোৰ-কিশোৰী, ডেকা-গাভৰু, বৃদ্ধ-বনিতা সকলোৰে লক্ষ্য আজি দক্ষিণপাট৷ পুৱাৰে পৰা জনতাৰ সোঁত৷ মাজুলীৰ সকলো পথ, উপ-পথে যেন দক্ষিণপাটলৈকে বাট বুলিছে৷  পথাৰৰ পকা ধান পথাৰতে এৰি দাৱনী-গৃহিণীয়েও খোজ লৈছে৷ মাজুলীবাসীৰ জীৱন-যাতনা জীয়াই ৰখা দুৰ্বিষহ জলপথৰ বিকল্পৰূপে মাজুলীবাসীৰ এক সপোন বাস্তৱত অংকুৰিত হোৱাৰ দৃশ্য নিজ চকুৰে দেখাৰ সৌভাগ্য বুটলিবলৈ লোকৰণ্য হৈ পৰিল  দক্ষিণপাটৰ নাওশালী পথাৰ৷ ‘২০২৫ চনৰ নৱেম্বৰত আমি মাজুলী-যোৰহাট সংযোগী দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম৷ ৰাইজ, আপোনালোকক মই কথা দিছো,  এই যি আশাৰে আজি আমি ইয়াত সমৱেত হৈছো সেই আশাক আমি সকলোৱে মিলি বাস্তৱত পৰিণত কৰিম৷ মাজুলীক অকল আধ্যাত্মিকতাৰে নহয়, বিকাশৰ মাজুলীলৈ নতুন গংগা নমাই অনাৰ বাবে আমি কাম আৰম্ভ কৰিম আৰু আমি আমাৰ যাত্ৰাত সফল হম৷’ আজি পুৱা ১১ বজাত মাজুলীত উপস্থিত হৈ দক্ষিণপাটত মাংগলিক অনুষ্ঠানেৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুঁটা নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ পাছত বিশাল জনসভাক সম্বোধন কৰি ভাষণ প্ৰসংগত এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ঐতিহ্যমণ্ডিত মাজুলীৰ দক্ষিণপাটত আৰম্ভ কৰি বুৰঞ্জীপ্ৰসিদ্ধ যোৰহাটৰ হাতীশালত স্থাপন হ’ব মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ অন্তিমটো খুঁটা৷ এইপাৰে মাজুলীৰ দক্ষিণপাট দীঘলীগাঁও আৰু সিপাৰে থাকিব যোৰহাট জাঁজীমুখৰ হাতীশাল৷ উল্লেখ্য, স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁৰ ৰাজত্বকালত নগা পাহাৰৰ পৰা হাতী খেদি আনি সহস্ৰাধিক হাতীৰ গৰাকী হোৱাৰ উপৰিও এই হাতীশালতেই বনৰীয়া হাতীসমূহ ঘৰচীয়া কৰিছিল৷ হাতী ধৰা পৰিকল্পনাৰে হাতীশালৰ পৰা নগা পাহাৰলৈকে এটি গড় বন্ধাইছিল৷ এই গড় আজিও হাতীগড় ৰূপে পৰিচিত৷ ঐতিহ্য বহনকাৰী এই হাতীশালকে সংযোগ কৰি নিৰ্মাণ হ’ব লগা মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলংখনৰ প্ৰথমটো খঁুটা নিৰ্মাণৰ কাম আজি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷  মাজুলীবাসীৰ বহু প্ৰত্যাশিত এই দলঙৰ গতিপথ নিৰ্ধাৰণ সম্পৰ্কে ইতিপূৰ্বেই সাধাৰণ জনতাৰ মতামত গ্ৰহণ কৰিছিল মাজুলী জিলা প্ৰশাসনে৷ মাজুলীৰ দক্ষিণপাট ঘাটৰ পৰা টীয়কৰ হাতীশাল সংযোগী দলংখনৰ দৈৰ্ঘ হ’ব প্ৰায় আঠ কিঃমিঃ৷ দলংখনৰ বহলে হ’ব ১৫ মিটাৰ৷   কমলাবাৰীৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ টীয়কৰ ডাঙৰীয়া আলিলৈ পথৰ দৈৰ্ঘ হ’ব ৩০.২০০ কিঃমিঃ৷  এই পথচোৱাৰ দুয়োকাষে ১৫ মিটাৰকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে৷ ভূমিৰ ক্ষতিপূৰণো আজি প্ৰদান কৰা হয় মাজুলীৰ ভূমি দাঁতা সকলক৷ দলংখনৰ নিৰ্মাণত খৰচ ধাৰ্য কৰা হৈছে ৯২৫ কোটি টকা৷ সম্পূৰ্ণ প্ৰজেক্টৰ খৰচৰ বাবে ধাৰ্য কৰা হৈছে ২,৪৪২.০৮জ্জ্ব কোটি টকা৷ এই প্ৰকল্পত মাজুলীৰ ফালে ৩খন দলং আৰু ৰখন দলং মেলেংচিগাত নিৰ্মাণ হ’ব৷  মাজুলীবাসীৰ সপোনৰ এই প্ৰকল্পক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খঁুটাৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ এই লৈ দক্ষিণপাটত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা৷ শ শ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীজনে কয়– ‘২৮ ফেব্ৰুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীৰ বাবে সৰ্ববৃহৎ উপহাৰ মাজুলী আৰু নিমাতী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল৷ আধাৰশিলা স্থাপনৰ আঠ মাহ পাছত আজি আমি মাজুলীৰ দলঙৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলো৷  আজিৰ পৰা দুৰ্দান্ত আৰু দূৰন্ত গতিত মাজুলীৰ দলঙৰ নিৰ্মাণৰ কাম-কাজ চলিব৷ মাজুলীৰ এই পবিত্ৰ ধৰাত থিয় হৈ মাজুলীৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো ক’ভিড বা আন কোনো মহামাৰী আমাৰ সন্মুখত যদি দেখা নিদিয়ে তেতিয়াহলে ২০২৫ চনৰ নৱেম্বৰত আমি এই দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম৷ মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে নৱেম্বৰ মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি হাতত লম৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা মন্ত্ৰী নীতিন গাডকাৰীক আজিৰ এই শুভক্ষণত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো৷ মাজুলীৰ দলংখনৰ বাবে ভাৰত চৰকাৰে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয় কৰিব আৰু এই আৱিKI×ত ধনৰাশিৰ লগতে ৬৫০.৫৭ কোটি টকা আমি মূল মাজুলীৰ দলং ভাগ নিৰ্মাণৰ বাবদ ব্যয় কৰিম৷ এই দলঙৰ মূল দৈৰ্ঘ আৰু ইয়াৰ সমগ্ৰ দলং সংযোগী পথ এই গোটেই বিলাকক ধৰি জ্জ্ব.২৫ কিঃমিঃ পথ আৰু দলং নিৰ্মাণ হ’ব আৰু এই দলঙৰ নিৰ্মাণৰ লগে লগে আমি মাজুলী আৰু যোৰহাটৰ মাজত বহু প্ৰত্যাশিত যি আমাৰ সপোন এই দলঙেৰে তাক বাস্তৱত ৰূপায়ণ কৰিব পাৰিম৷ এই আঁচনিত ভাৰত চৰকাৰে যি ধৰণে আগুৱাই আহিছে অসম চৰকাৰৰ ফালৰ পৰাও এই আঁচনি ৰূপায়ণৰ বাবে বৰঙণি আগবঢ়াইছোঁ৷ মাজুলীৰ ভূমি অধিগ্ৰহণ, এই ভূমি অধিগ্ৰহণৰ বাবে যোৱাবাৰ মই ৰাসৰ সময়ত আহোঁতে জিলা উপায়ুক্তক কৈ গৈছিলো যে নিৰ্দিষ্ট সময়ত ভূমি অধিগ্ৰহণৰ টকা ভূমিদাঁতাসকলৰ হাতত তুলি দিব লাগিব আৰু আজি এই কাম আমি সফলতাৰে সমাপন কৰিব পাৰিলোঁ৷ মাজুলীৰ দলঙৰ বাবে নিৰ্মাণকাৰী সংস্থাসমূহে যি জিএছটি জমা দিব, প্ৰায় ১৮০ কোটি টকা সেয়া ৰাজ্য চৰকাৰে সংস্থাক ঘূৰাই দিব৷ এই দলঙৰ বাবদ বন বিভাগৰ যি ৰয়েলিটি জমা হ’ব নিৰ্মাণকাৰী সংস্থাসমূহে ৬ শতাংশ টকা জমা দিব৷ অৰ্থাৎ এই দলং নিৰ্মাণত ৰাজ্য চৰকাৰে প্ৰায় দুশ কোটি টকা বৰঙণি আগবঢ়াব৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত এই নিৰ্মাণত অগ্ৰসৰ হম আৰু মই নিশ্চিত চাৰি বছৰত আমি এই দলং নিৰ্মাণ সম্পূৰ্ণ কৰিম৷ ২০২৪ চনৰ ভিতৰত এখন নহয়, দুখন দলং পাব মাজুলীবাসীয়ে৷ এখন দলঙে যোৰহাটৰ লগত আৰু আনখন দলঙে লখিমপুৰৰ লগত মাজুলীৰ সংযোগ ঘটাব৷’ ইফালে মাজুলীবাসীৰ দলং নিৰ্মাণৰ সপোনটোক আগুৱাই নিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰীজনে কয়– ‘আজিৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে আমি স্মৰণ কৰিব লাগিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ তেওঁৰ প্ৰচেষ্টাত আৰু তেওঁৰ আশীৰ্বাদত আজি আমি এই দিনটোত উপবিষ্ট হৈছোঁ৷ মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসম চৰকাৰৰ হৈ প্ৰতিশ্ৰুতি দিছো, আপুনি মাজুলীক লৈ যি সপোন দেখিছিল সেই সপোন আমি সকলোৱে মিলি বাস্তৱত ৰূপায়িত কৰিম৷ সেই প্ৰতিশ্ৰুতি আমি সোণোৱাল ডাঙৰীয়াক দিব বিচাৰিছো৷ আমি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছো৷’ উল্লেখ্য, মাজুলীৰ ডেৰ লক্ষ জনগণৰ স্বাক্ষৰ লৈ ২০১৫ চনৰ ডিচেম্বৰতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত মাজুলীৰ দল- সংগঠন, সাংবাদিক সংস্থা, সত্ৰাধিকাৰসকলে দিল্লীলৈ গৈ লগ ধৰিছিল সেই সময়ৰ ৰাষ্ট্ৰীয় ঘাইপথ, পৰিবহণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক৷ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা, জীয়া যান্ত্ৰনাৰ অন্ত পেলাই মাজুলী-যোৰহাটক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল৷ মাজুলীবাসীৰ এই দাবীয়ে আজি এক পৰ্যায়ত উপনীত হৈছে৷  দক্ষিণপাট হাতীশালক সংযোগ কৰি প্ৰস্তাৱিত মাজুলী-যোৰহাট সংযোগী দলং সন্দৰ্ভত আজিৰ এই খবৰ বিগত সাতটা দশকৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ভাল খবৰ হিচাপে বিবেচিত হৈছে৷ মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথে কয়– ‘আজি যিটো আমাৰ গৌৰৱৰ অধ্যায় আৰম্ভ হল, গৌৰৱৰে নহয় এইটো গোটেই জীৱনজোৰা সাধনাৰ মাধ্যমেদি পাবলৈ বিচৰা এটা বস্তু৷ যুগ যুগ ধৰি মাজুলীখন বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন হৈ আছিল৷ সেই বিচ্ছিন্নতা আজিৰ পৰা নোহোৱা হ’ব, এটা দিশত এই কথাটো আমি বাস্তৱভাৱে ভাবিবলৈ সামৰ্থ হৈছোঁ৷ মাজুলীৰ গোটেইখিনি বিকাশ, চিন্তা-চৰ্চা, দৃষ্টি দৰ্শন সকলো বিলাকৰ আমূল পৰিৱৰ্তনৰ গুৰি সোমাই আছে এই দলংখনত৷ গতিকে আজিৰ দিনটো মাজুলীবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক ক্ষণ৷ যাতায়াতৰ উন্নয়নেই অৰ্থনৈতিক বিকাশৰ প্ৰধান আহিলা৷ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা দলংখনে মাজুলীৰ পাছ পৰি থকা যিটো কাৰণ আছিল সেইটো নোহোৱা কৰিব৷ তাৰ ফলত ইয়াৰ অৰ্থনৈতিক বিকাশ বেলেগ ধৰণেৰে আগবাঢ়িব, তাত কোনো সন্দেহ নাই৷ এই দলঙে মাজুলীৰ পৰ্যটন উন্নয়নৰ সম্ভাৱনাক বিকশিত কৰি তুলিব৷’ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুঁটা স্থাপন কৰা এই অনুষ্ঠানত ঢকুৱাখনাৰ বিধায়ক নব গাম, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মুখ্য অভিযন্তা মুকুল চন্দ্ৰ দাস, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰী, সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথ, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, প্ৰকাশ কাশ্যপ, বিজেপি মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুম, গণশক্তিৰ সভাপতি ৰঞ্জিত দলে, অগপৰ সভাপতি ফণীধৰ টাহু, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ সভাত মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ বিশেষকৈ শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সত্ৰৰ পৰমানন্দ দেৱগোস্বামী, আধাৰ মাহৰা সত্ৰৰ মহেশ গোস্বামী, আদি বিহিমপুৰ সত্ৰৰ অতুল মহন্ত, দক্ষিণপাট আশ্ৰমী সত্ৰৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সৰু সত্ৰৰ হৰিদেৱ গোস্বামী, আদিএলেঙী সত্ৰৰ ভৱানন্দ দেৱগোস্বামীও উপস্থিত থাকে৷