Logo
image

নীৰজ ওৰফে কালাৰ নেতৃত্বতেই আক্ৰমণ

আমাৰ অসম ৩০নৱেম্বৰঃ আচল নাম নীৰজ দাস৷ সকলোৱে মাতে ক’লা ল’ৰা বুলি৷ সমনীয়াই ক’লাৰ পৰিৱৰ্তে কালা বুলি মাতে৷ সোমবাৰে যোৰহাটত আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাই পৰিছে ইতিপূৰ্বে বহু অপৰাধত জড়িত থকাৰ অভিযোগ উঠা কালাৰ নাম৷ মোহন দাস নামৰ দুৰ্ঘটনাত পতিত যিজন লোককসহায় কৰিবৰ বাবে অনিমেষৰ নেতৃত্বত আছু নেতাকেইজন আগবাঢ়ি আহিছিল, মোহন দাসে সেইকেইজনক সহায়কাৰীৰ পৰিৱৰ্তে দুৰ্ঘটনা সংঘটিত কৰা লোক বুলি চিঞৰ-বাখৰ কৰিলে– সেইজন মোহন দাসৰ ভতিজা ক’লা ল’ৰা ওৰফে কালা৷ মোহন দাসে ফোন কৰি কালাক ঘটনাস্থলীলৈ মাতি আনিছিল৷ সদলবলে ঘটনাস্থলীত উপস্থিত হোৱা কালাই কোনো বাছ-বিচাৰ নকৰাকৈ দলে-বলে আক্ৰমণ কৰে আছু নেতাকেইজনক৷ দুৰ্বৃত্তৰ দলটোৰ নৃশংস আক্ৰমণত অনিমেষ ভূঞাৰ মৃত্যু হয়৷ আন দুজন আহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, যোৰহাট বৰিগাঁৱৰ ক’লা ল’ৰা ওৰফে কালাৰ নেতৃত্বতে অনিমেষ ভূঞাৰ হত্যাকাণ্ড সংঘটিত হয়৷ ক’লা ল’ৰা ওৰফে নীৰজ দাস ওৰফে কালা বিভিন্ন দুষ্কাৰ্যত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ দুৰ্ঘটনাগ্ৰস্ত লোকজনে সহায়কাৰী ছাত্ৰ নেতাকেইজনক গালি-গালাজ কৰি থকাৰ সময়তে ক’লা ল’ৰা সদলবলে ঘটনাস্থলীত উপস্থিত হয়৷ তেওঁৰ নেতৃত্বত দুৰ্বৃত্তৰ দলে যধে মধে ছাত্ৰ নেতাকেইজনক মাৰপিট কৰে৷ উন্মত্ত দলটোৱে অনিমেষ ভূঞাক মৰিয়াই মৰিয়াই নিৰ্মল চাৰিআলিৰ দিশৰ পৰা ৰাজহংস ট্ৰেডিঙৰ ওচৰলৈ নিয়ে আৰু তাতো উপৰ্যুপৰি প্ৰহাৰ কৰে৷ অনিমেষক কালা বাহিনীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ সময়তে আন এজন ছাত্ৰই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে আন্দোলনৰত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় বৰদলৈলৈ ফোন কৰি সহায় বিচাৰে৷ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দল ঘটনাস্থলীলৈ অহাৰ পূৰ্বেই আৰক্ষীয়ে অনিমেষক উদ্ধাৰ কৰি প্ৰথমে যোৰহাট থানালৈ নিয়ে৷ কিন্তু অনিমেষৰ অৱস্থা সংকটজনক হোৱা হেতু তেওঁক আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ব্যস্থা কৰে যদিও চিকিৎসকে তেওঁক মৃতঘোষণা কৰে৷ এই বাতৰি যুগুতোৱা পৰলৈকে কালাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে৷

চৰকাৰক ২৪ ঘণ্টা সময় বান্ধি দিলে ছাত্ৰ সন্থাই, তিনিদিনলৈ অৰ্ধনমিত আছুৰ পতাকা

আমাৰ অসমঃ ‘যোৰহাট চহৰৰ মাজমজিয়াত আছু কৰ্মীক হত্যা কৰাৰ বিচাৰ হ’বই লাগিব৷’– এই দাবী আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ৷ উল্লেখ্য, সোমবাৰে গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা, ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী মৃদুষ্মন্ত বৰুৱা সমন্বিতে তিনিজন যুৱক যোৰহাট অভিমুখে গৈ থাকোতে এটি দুৰ্ঘটনাৰ অজুহাত লৈ এচাম বৰ্বৰ লোকে যুৱক তিনিজনৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে অমানৱীয়ভাৱে প্ৰহাৰ কৰে৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি দল তেওঁলোকক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীকো খবৰ দিয়ে৷ সংকটজনক অৱস্থাত যুৱককেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অনিমেষ ভূঞাই অকাল মৃত্যুক সাৱটি লয়৷ এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘এনে আসুৰিক আক্ৰমণ কোনো কাৰণত মানি লোৱা নহ’ব৷ এই ঘটনাই সভ্য সমাজক লজ্জানত কৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰ প্ৰতি এচাম উদণ্ড, অভদ্ৰ লোকৰ ভীতিহীনতাক স্পষ্টভাৱে দাঙি ধৰিছে৷ অনিমেষ ভূঞাৰ হত্যাৰে জড়িত প্ৰতিজন দোষী কৰায়ত্ত হ’ব লাগিব, প্ৰতিজন দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব৷ ২৪ ঘন্টাৰ ভিতৰত এই জঘন্য ঘটনাৰে জড়িত প্ৰতিজনকে গ্ৰেপ্তাৰ কৰক৷ অন্যথা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব৷ দোষীৰ কঠোৰতম শাস্তি অবিহনে ছাত্ৰ সন্থা ক্ষান্ত নহয়৷’ উল্লেখ্য, অনিমেষ ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিকে মঙলবাৰৰ পৰা তিনিদিনলৈ অৰ্ধনমিত ৰাখিব ছাত্ৰ সন্থাৰ পতাকা৷