Logo
image

চৰকাৰৰ ১ লাখ কোটি টকা ধাৰ মাৰিব কোনে

মহিলাৰ ক্ষুদ্ৰ ঋণ শোধ কৰিলে চৰকাৰে

আমাৰ অসম, ৩০ নৱেম্বৰঃ ‘ঋণং কৃত্বা ঘৃতং পিবেৎ, যাবৎ জীবেৎ সুখং জীবেৎ৷’ সংস্কৃতত উল্লেখিত ঋষি চাৰ্বাকৰ এই দৰ্শনৰ অৰ্থ হৈছে ধাৰ ঋণ লৈ খাই-বৈ অন্ততঃ জীয়াই থকা দিনকেইটা সুখেৰে কটাব লাগে৷ চাৰ্বাক মুনিৰ এই দৰ্শনৰ নীতিকে সাৰোগত কৰিছে   অসম চৰকাৰে৷ ধাৰৰ ওপৰত ধাৰ লৈ ৰাজ্য চৰকাৰে হিতাধিকাৰী ৰাইজক সুখ-সন্তুষ্টিত ৰখাৰ যেন অলপো কৃপণালি কৰা নাই৷ মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত হাজাৰ হাজাৰ কোটি টকাৰ ধাৰ পৰিশোধ কৰি ১১ লাখ হিতাধিকাৰীৰ মাজত জনপ্ৰিয় হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু মাইক্ৰ’ফাইন্সেত ধাৰ পৰিশোধ কৰিবলৈ গৈ ৰাজ্যৰ অৰ্থনীতি একপ্ৰকাৰ বিধবস্ত হৈ পৰিছে৷ কিয়নো হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ অসম চৰকাৰে ৰাষ্ট˜ীয়- আন্তঃৰাষ্ট˜ীয় বিত্তীয় সংস্থাৰ পৰা নিজেই ঋণ ল’ব লগা হৈছে৷ এক কথাত ধাৰত পোত গৈছে শৰ্মা চৰকাৰ৷ আজিৰ তাৰিখত অসম চৰকাৰৰ ঋণ তথা ধাৰৰ পৰিমাণ ৯৮ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ এফালে চৰকাৰে ঋণৰ বাবদ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিব লগা হোৱাৰ বিপৰীতে আনফালে সৰু সৰু চৰকাৰী অনুষ্ঠানৰ নামত বিশাল বিশাল জন সমাৱেশ আয়োজন কৰি  চাৰ্টাৰ্ড ফ্লাইটত মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰীসকলে ভ্ৰমণ কৰি ৰাজকোষৰ ধনৰ অপব্যয়ো অব্যাহত ৰাখিছে৷ দেওবাৰৰ পৰা ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইন্সেৰ ঋণগ্ৰস্ত ১১ লাখ মহিলাক আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ চৰকাৰে এই আঁচনিৰ বাবে প্ৰায় ৭৫০০ কোটি টকা ব্যয় কৰি ৰাজকোষৰ পৰা আদায় দিব লগা এই সাহায্য জোৰা মৰাৰ বাবে বিগত ২৩ নৱেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ৬০০ কোটি টকা বজাৰ ঋণ গ্ৰহণ কৰিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিছে বিগত প্তটা বছৰত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবদ ২০ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছে৷ আবকাৰীক ৰাজহক বাদ দি ৰাজ্যৰ নিজা ৰাজহ সংগ্ৰহৰ সকলো উৎস এক প্ৰকাৰ বন্ধ হৈ পৰাত ঋণৰ সুদ পৰিশোধ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অৰ্থনীতি কোঙা হৈ পৰিছে৷ বিগত প্ত বছৰত কেৱল ঋণৰ বিনিময়ত  সুদ পৰিশোধৰ নামতেই অসম চৰকাৰে ২০ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ৰিজাৰ্ভ বেংকৰ হেণ্ডবুক অৱ ষ্টেটিষ্টিক্‌ছ অন ইণ্ডিয়ান ষ্টেট ২০২০-২১ প্ৰতিবেদনত৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০১৬-১৭ বিত্তীয় বৰ্ষত অসম চৰকাৰে ঋণৰ বাবদ সুদ পৰিশোধৰ নামত ৰাজকোষৰ পৰা আদায় দিলে ২৯৬৪ কোটি টকা৷ একেদৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতো ৰাজ্য চৰকাৰে সুদ পৰিশোধ কৰিলে ৩,২০৫ কোটি টকা৷ ২০১৮-১৯ বৰ্ষৰ কেৱল সুদৰ নামত ৰাজকোষৰ পৰা ওলাই গ’ল ৩,৮৪৪ কোটি টকা৷ আনহাতে ২০১৯-২০ বৰ্ষতো ঋণৰ বাবদ সুদত ব্যয় কৰিলে ৪,৮৪৩ কোটি টকা৷ সোণোৱালে চৰকাৰে শেষৰ ফালে ঋণৰ পৰিমাণ বৃদ্ধি কৰাত ২০২০-২১ বৰ্ষৰ সুদৰ নামত ৰাজকোষৰ পৰা সৰ্বাধিক ৫,৮০২ কোটি টকা আদায় দিয়ে৷ সোণোৱাল চৰকাৰে ৫বছৰীয়া কাৰ্যালয়ত সৰ্বমুঠ ঋণ লৈছিল ৫৮ হাজাৰ কোটি টকা৷ আনহাতে ঋণৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২১ চনলৈ সুদৰ নামত ব্যয় কৰিব লগা হ’ল সৰ্বমুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে চলিত বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৯৩,০৭৬ কোটি টকা৷ কিন্তু বিজেপি মিত্ৰজোঁট পুনৰ ক্ষমতালৈ  অহাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাতমহীয়া কাৰ্যকালতে বিভিন্ন উৎসৰ পৰা প্ৰায় ৫,৫০০ কোটি টকা নতুনকৈ ঋণ গ্ৰহণ কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ প্ৰায় ৯৮ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে৷ নকলেও হ’ব যে ৰাজ্য চৰকাৰে এই ঋণৰ বোজা কৰৰ জৰিয়তে ভৰিব লাগিব সৰ্বসাধাৰণ নাগৰিকে৷ যাৰ বাবে সা-সামগ্ৰী, ইন্ধন, পৰিবহণ আদিৰ কৰ-কাটল বৃদ্ধিৰ বাহিৰে চৰকাৰৰ যেন কোনো বিকল্প নাই৷ ইতিমধ্যে,  চৰকাৰে আবকাৰী শু{¨ পুনৰ ১০-১৫ শতাংশ বৃদ্ধিৰ বাবেও সিদ্ধান্ত লৈছে৷ উদ্বেগৰ বিষয়টো হৈছে কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া কাৰ্যকালত প্ৰায় ৩৫ হাজাৰ কোটি টকা ঋণ সংগ্ৰহ কৰিছিল যদিও বিজেপি মিত্ৰজোঁটৰ প্ত বছৰ জ্জমহীয়া কাৰ্যকালতে প্ৰায় ৬৩ হাজাৰ কোটি টকা ঋণ লৈ ৰাজ্যৰ ধাৰৰ বোজা ৰ লাখ কোটি টকালৈ বৃদ্ধি কৰিলে৷ ৰাজ্য চৰকাৰে মূলতঃ ভাৰত চৰকাৰৰ লগতে ৰিজাৰ্ভ বেংক, এন এছ এছ এফ, এছ ডি এল, জি আই চি, এন চি ভি চি আদি উৎসৰ পৰা এই বৃহৎ ধনৰ ঋণ সংগ্ৰহ কৰিছে৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনখনত লগতে প্ৰকাশ পোৱা মতে ২০২০-২১ বৰ্ষ পৰ্যন্ত এই ঋণৰ প্ৰায় ৪৫,৫৬৬ কোটি টকা সামাজিক ক্ষেত্ৰত অৰ্থাৎ হিতাধিকাৰী আঁচনিৰ নামতে ব্যয় কৰিছে৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ’লেও ৰাজ্য চৰকাৰে ১০ হাজাৰ কোটি টকা সুদ আদায় দিব লাগিব৷ চৰকাৰে ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ সৰ্বসাধাৰণ নাগৰিকৰ মূৰৰ ওপৰত মাধমাৰ সোধাই জনমুৰি ঋণৰ বোজা জাপি দিয়া কাৰ্য কিমান গ্ৰহণযোগ্য সেয়া অৱশ্যে বিচাৰ্যৰ বিষয়৷