Logo
image

ডিব্ৰুগড় হৈ অৰুণাচললৈ মুন্নাভাই

আমাৰ অসম, ৩০ নৱেম্বৰঃ ডিব্ৰুগড়ত উপস্থিত বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্ত ৷ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত আজি পুৱা কিছু সময়ৰ বাবে উপস্থিত হয় বলীউডৰ ছুপাৰষ্টাৰজন৷ অৰুণাচল অভিমুখী যাত্ৰাপথত বিমানবন্দৰতে অনুৰাগীয়ে বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তক আদৰণি জনায়৷ উল্লেখ্য, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তীবৰ্ষৰ শুভাৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অৰুণাচললৈ যাত্ৰা কৰে বলীউডৰ অভিনেতাজনে৷ সেই অনুসৰি, পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় অভিনেতাজন৷ বিমানবন্দৰত কিছু সময় কটোৱাৰ পাছত মোহনবাৰীৰ পৰাই হেলিকপ্টাৰেৰে মেচুকালৈ ৰাওনা হয় অভিনেতা দত্ত৷ মন কৰিবলগীয়া যে, অৰুণাচল চৰকাৰে বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তক পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিছে৷ ইফালে প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাইখ্যাত সঞ্জয় দত্ত৷ সোণালী জয়ন্তী উৎসৱ উপলক্ষে অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতাজনে৷ জানিব পৰামতে, অৰুণাচল প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰখনক নতুন গতি দিয়াৰ উদ্দেশ্যে বলীউডৰ অভিনেতাজন চৰকাৰী বিজ্ঞাপনতো অভিনয় কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি নিজাববীয়াকৈ এখন ছবি অৰুণাচলক লৈ নিৰ্মাণ কৰিব অভিনেতাজনে৷