Logo
image

প্ৰত্যাহাৰ হ'ল চকাবন্ধ

আমাৰ অসম, ০৮ অক্টোবৰঃ প্ৰত্যাহাৰ কৰা হ'ল চকাবন্ধ কাৰ্য্যসূচী। ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্য্যসূচী বৃহস্পতিবাৰে প্ৰত্যাহাৰ কৰিলে মটৰ পৰিবহন সন্থাই। চৰকাৰৰ সৈতে আলোচনাৰ পিছতেই মটৰ পৰিবহন সন্থাই প্ৰত্যাহাৰ কৰে এই অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্য্যসূচী । শুকুৰবাৰৰ পৰা পুনৰ চলিব বাছ-ট্ৰেকাৰ। লগতে সকলো যাত্ৰীবাহী বাহনক ১০০% যাত্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে।