Logo
image

হৃদৰোগৰ বিষয়ে জানিবলৈ এখন ছেল্‌ফিয়েই যথেষ্ট

চিকিৎসা বিজ্ঞানৰ নিত্য-নতুন গৱেষণাত পোহৰলৈ আহিছে কিছু আ(ৰ্যকৰ তথ্য৷ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য৷ শেহতীয়াকৈ কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে হূদৰোগত কোনো লোক আক্ৰান্ত হোৱাৰ বিষয়ে জানিবলৈ এখন ছেল্‌ফিয়েই যথেষ্ট৷ চিকিৎসকলৈ এখন ছেল্‌ফি প্ৰেৰণ কৰিলেই তাৰ পৰাই লোকজন হূদৰোগত আক্ৰান্ত হোৱা নোহোৱাৰ বিষয়ে জানিব পৰা যাব৷ এই সমীক্ষাত প্ৰকাশ পোৱা মতে কৰনাৰি আৰ্টাৰী ডিজিজ বা চি এ ডি মানুহৰ মুখৰ ছবি চায়েই নিৰ্ণয় কৰিব পাৰি৷ এখন ইউৰোপীয়ান গৱেষণা পত্ৰিকাত এই তথ্য প্ৰকাশ পাইছে৷ গৱেষকৰ মতে, ডীপ লাৰ্ণিং কম্পিউটাৰৰ জৰিয়তে হূদৰোগৰ লক্ষণ চিহ্নিত কৰিব পাৰি৷ সেইদৰে আলগৰিডম নামৰ এটা যন্ত্ৰৰ জৰিয়তে কোনো ব্যক্তিৰ মুখমণ্ডলৰ ছবি সংগ্ৰহ কৰিয়েই চি এ ডি চিনাক্ত কৰিব পাৰি৷ এই যন্ত্ৰ আৰ্টিফিচিয়েল ইণ্টেজেলিজেন্সতো প্ৰয়োগ কৰা হয়৷ আনকি মুখৰ ছবি চায়েই হূদৰোগৰ লগতে ব্যক্তিজন আন কোনো ৰোগতো আক্ৰান্ত হৈছে নেকি বা  তেওঁ ইতিমধ্যে কি কি ধৰণৰ চিকিৎসা গ্ৰহণ কৰিছে সেই তথ্যও লাভ কৰিব পাৰি৷ অৱশ্যে চিকিৎসা বিজ্ঞানীসকলে এনেধৰণৰ পৰীক্ষাতকৈও বিশেষজ্ঞৰ পৰীক্ষা মতেহে চিকিৎসা গ্ৰহণৰ পৰামৰ্শ দিছে৷