Logo
image

দলে-বলে পাহাৰ বগালে মুখ্য সচিব, উপায়ুক্তই

আমাৰ অসম, ১ ডিচেম্বৰঃ মঙলবাৰে পুৱাতে দেখা গ’ল এটা বিশেষ দৃশ্য৷ দলে-বলে পাহাৰ বগাইছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ মুখ্য সচিবৰ সংগীৰূপে আছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, দিছপুৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া চিন্ময় নেওগৰ উপৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মী৷ মহানগৰ জিলাৰ এজনো লোকে যাতে ক’ভিড ভেক্‌চিন নোলোৱাকৈ নাথাকে, সেই কথা নিশ্চিত কৰিবৰ বাবেই পাহাৰে পাহাৰে মুখ্য সচিবৰ এই অভিযান৷ ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোটকেন্দ্ৰৰ ভোটাৰক ট্ৰেক কৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে৷ মঙলবাৰে  গুৱাহাটীৰ পাটৰকুছিৰ পাহাৰীয়া এলেকাত কিছুসংখ্যক লোকে ক’ভিড প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হৈ থকাৰ খবৰ পাই সদলবলে পাহাৰ বগাই সেই ঠাইলৈ যায় মুখ্য সচিব জিষ্ণু বৰুৱা৷ মুখ্য সচিবে তেওঁলোকক বুজাই-বঢ়াই প্ৰতিষেধক দিয়াৰ দিহা কৰে৷ বৰবাৰীৰ কেইবাখনো দোকানৰ উপৰি বিভিন্ন মানুহৰ ঘৰলৈ গৈ তেওঁলোকে ক’ভিড প্ৰতিষেধক লৈছেনে নাই সেই বিষয়েও চৰজমিন তদন্ত কৰে মুখ্য সচিবে৷ মুখ্য সচিবৰ উপস্থিতিত দিব্যাংগসহ ২২গৰাকী পুৰুষ-মহিলাক ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ২৪গৰাকীক দ্বিতীয় পালি দিয়াৰ দিহা কৰা হয়৷ ইপিনে, সচিবালয় প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে মঙলবাৰে অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভৰাগাঁও, টেঘেৰীয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত ঘৰে ঘৰে গৈ ক’ভিড প্ৰতিষেধক প্ৰদানৰ দিহা কৰে৷ আজাৰা, গড়ল আদি ঠাইত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আৰু জালুকবাৰী, পাণ্ডু, কামাখ্যা কল’নীত ড॰ ধ্ৰুৱজ্যোতি হাজৰিকাই এই দায়িত্ব পালন কৰে৷ গুৱাহাটীৰ চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে হৰ ঘৰ দস্তক কাৰ্যসূচী তদাৰক কৰে৷