Logo
image

আজি দিল্লীলৈ মুখ্যমন্ত্ৰী

আমাৰ অসম,১ ডিচেম্বৰঃ বুধবাৰে বিয়লি নতুন দিল্লী অভিমুখে ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ বৃহস্পতিবাৰে নতুন দিল্লীৰ হোটেল তাজত অনুষ্ঠিত হ’বলগীয়া ‘নিউজ-১৮’ গ্ৰুপৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ ল’ব৷ বৃহস্পতিবাৰে নিশাই তেওঁ গুৱাহাটীলৈ উভতি অহাৰ কথা৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ‘টাইম্‌ছ নাউ’ আৰু ‘ইণ্ডিয়া টু ডে’ গ্ৰুপৰ অনুষ্ঠানতো অংশ লৈছিল৷