Logo
image

অসমত মাত্ৰ ৪ লাখ মেট্ৰিকটন ধানহে কিনিব খাদ্য নিগমে

আমাৰ অসম,২ ডিচেম্বৰঃ আঘোণৰ বতৰ মানেই এতিয়া যেন কৃষকৰ সোণগুটি চপোৱাৰ বতৰ৷ কেঁচা ঘাম মাটিত পেলাই কৃষকে কৰা খেতিৰ পৰা বছৰটোৰ বাবে উপাৰ্জনৰ বতৰ৷ কৃষিকাৰ্যৰ ওপৰতে নিৰ্ভৰশীল বহু অসমীয়াই ধান বিক্ৰী কৰি পৰিয়াল পোহপাল দিলেও ধান ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াত এতিয়া চকুপানী টুকিবলগীয়া হৈছে চহা কৃষকে৷ কাগজে-পত্ৰই চৰকাৰে ধানৰ মূল্য নিৰ্ধাৰণ কৰি ক্ৰয়কেন্দ্ৰৰ স্থান নিৰ্ধাৰণ কৰিলে বাস্তৱত কৃষকে ধান বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে ধান ক্ৰয় কেন্দ্ৰৰ তালিকা প্ৰকাশ কৰিছে যদিও কেন্দ্ৰসমূহে অজ্ঞাত কাৰণত বিভিন্ন অজুহাত দেখুৱাই কৃষকৰ পৰা ধান ক্ৰয় নকৰাৰ অভিযোগ উঠিছে৷ কৃষি মন্ত্ৰী অতুল বৰাই পথাৰত ট্ৰেক্টৰত উঠি ফটো চেশ্বনত ব্যস্ত থকাৰ সময়তে বৰপেটা, হোজাই, নগাঁও, দৰং আদি জিলাৰ কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে৷ সহজ-সৰল কৃষকসকলক ধান বিক্ৰীৰ বাবে বিভাগীয় প্ৰমাণ-পত্ৰ দিয়াৰ নামতো এতিয়া একাংশ কৃষি উন্নয়ন বিষয়াই ধন দাবী কৰাৰ অভিযোগ উঠিছে৷ আনকি বিক্ৰীকেন্দ্ৰসমূহত ধানৰ মান অনুন্নত বুলি অভিযোগ কৰি কৃষকক কতৃৰ্পক্ষই ঘূৰাই পঠোৱাৰো অভিযোগ উঠিছে৷ যাৰ ফলত উপায়ন্ত কৃষকে এতিয়া কম মূল্যত মধ্যভোগীৰ ওচৰতে ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ মধ্যভোগী দালালক প্ৰতি কুইণ্টলত ৮০০-৯০০ টকাতে কৃষকে বিক্ৰী কৰিছে কেঁচা ধান মাটিত পেলাই কৰা ফচল৷ অথচ মন্ত্ৰী ৰঞ্জিত দাসে কৃষকৰ পৰা প্ৰতিকুইণ্টল ধান ১৯৬০ টকাকৈ ক্ৰয় কৰাৰ ফটাঢোল কোবোৱাত ব্যস্ত হৈ আছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় খাদ্য সুৰক্ষা নিগম চমুকৈ এফ চি আইক অসমৰ পৰা ধান ক্ৰয়ৰ পৰিমাণ ১০ লাখ মেট্ৰিকটনলৈ বৃদ্ধি কৰিবলৈ আহ৩ান জনাইছিল৷ আনকি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰে বিগত ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত আগন্তুক বৰ্ষত এফ চি আয়ে অসমৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিব বুলিও ঘোষণা কৰিছিল৷ কিন্তু এই ঘোষণা অসাৰ প্ৰতিপন্ন কৰি ভাৰতীয় খাদ্য নিগমে চলিত বৰ্ষত ১০ লাখ মেট্ৰিকটনৰ পৰিৱৰ্তে মাত্ৰ চ্ছ্ৰ লাখ মেট্ৰিকটনহে ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ভাৰতীয় খাদ্য নিগমে চ্ছ্ৰ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লগতে আন কেইবাটাও সংস্থাই ধান ক্ৰয় কৰিব বুলি সিদ্ধান্ত লৈছে৷ জানিব পৰা মতে, পূৰ্বৰ চৰকাৰৰ কাৰ্যকালতেই বন্ধ কৰাৰ সিদ্ধান্ত লোৱা অসম কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰাও আগন্তুক বৰ্ষত ধান ক্ৰয় কৰিব৷ অৰ্থাৎ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত অসম কৃষি সামগ্ৰী বিপণন পৰিষদৰ বিলোপ ঘটোৱাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়া আকৌ সেই পৰিষদৰ জৰিয়তে ৩,৬০০ মেট্ৰিকটন ধান ক্ৰয়ৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, খাদ্য আৰু অসামৰিক যোগান নিগমেও প্ৰায় ডেৰ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বাবে কৃষকক আদায় দিব লগা ধানৰ নূ্যনতম সমৰ্থন মূল্য কুইণ্টলত ১৯৬০ টকা নিৰ্ধাৰণ কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ভাৰতীয় খাদ্য নিগমে পঞ্জাৱ, হাৰিয়ানা, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, ওড়িশা আদি ৰাজ্যৰ পৰা বাৰ্ষিক ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিছে যদিও অসমত এই পৰিমাণ হ্ৰাসহে কৰিছে৷ তথ্য মতে ২০১৯-২০ বৰ্ষত এফ চি আয়ে অসমৰ পৰা ধান ক্ৰয় কৰিছিল ৩.১৫ লাখ মেট্ৰিকটন৷ কিন্তু ২০২০-২১ বৰ্ষত অসমৰ পৰা ধান ক্ৰয়ৰ পৰিমাণ ২.১২ লাখ মেট্ৰিকটনলৈ হ্ৰাস কৰিলে৷ অথচ অসমৰ বিপৰীতে এফ চি আয়ে ২০২০-২১ বৰ্ষত পঞ্জাৱৰ পৰা সৰ্বাধিক ২০২.৮২ লাখ মেট্ৰিকটন, তেলেংগানাৰ পৰা ১৪১ লাখ মেট্ৰিকটন, অন্ধ্ৰ প্ৰদেশৰ পৰা ৮৪.৫৮ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে৷