Logo
image

দুৰ্ঘটনা নে এনকাউণ্টাৰ

কালাৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী, আৰক্ষীৰ বিপৰীত ভাষ্য

আমাৰ অসম,২ডিচেম্বৰ ঃ এদল উন্মাদ লোকে সোমবাৰে দিন-দুপৰতে বৌদ্ধিক চহৰ যোৰহাটৰ মাজমজিয়াত হত্যা কৰিলে অনিমেষ ভূঞা নামৰ ২২ বছৰীয়া এজন সুঠাম যুৱকক৷ অমায়িক স্বভাৱৰ আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাৰীক ফাষ্ট-ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰো দাবী জনাইছে প্ৰতিজন লোকেই৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগ্‌ছ মাফিয়া, হত্যাকাৰী, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰাত বহুজনে ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমতো অনিমেষৰ হত্যাকাৰীক আৰক্ষীৰ বৰ্তমানৰ ‘ষ্টাইল’ত এনকাউণ্টাৰত গুলীবিদ্ধ কৰিবলৈ আহ৩ান জনোৱাও দেখা গৈছিল৷ সংবিধানৰ শপত লৈ জনপ্ৰতিনিধি হোৱা বিধায়ক মৃণাল শইকীয়ায়ো অনিমেষৰ হত্যাকাৰীয়ে দুভৰিৰে যাতে খোজ কাঢ়ি আদালতলৈ যাব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ৩ান জনাইছিল৷ অৱশ্যে এইসকল লোকে ভবাৰ দৰেই অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে বুধবাৰে শেষ নিশা ২.২৯ বজাত টুইটাৰযোগে নিউটনৰ তৃতীয় সূত্ৰৰ সাংকেতিক বাৰ্তা দি কয়– ‘প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷’ টুইটাৰত জি পি সিঙৰ উক্ত ইংগিতৰ পুৱা খবৰ লাভ কৰিলে উৎসুক ৰাইজে৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে নিশা ডেৰ বজাত ড্ৰাগ্‌ছৰ সন্ধানত অভিযান চলাবলৈ যোৱা অৱস্থাত আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱা সময়তে পাছে পাছে আহি থকা আৰক্ষীৰ এছক’ৰ্ট বাহনৰ খুন্দাত দুৰ্ঘটনাজনিত কাৰণত অনিমেষ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হৈছে৷ উৎসুক একাংশই অভিযুক্ত নীৰজ এনকাউণ্টাৰত গুলীবিদ্ধ হোৱাৰ পূৰ্বানুমান কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল যদিও মূৰকত নীৰজ দুৰ্ঘটনাতহে মৃত্যু হোৱা বুলি দাবী কৰিছে স্মাৰ্ট অসম আৰক্ষীয়ে৷ অনিমেষ হত্যাৰ অন্যতম অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যুত যোৰহাটৰ বহুতেই সন্তুষ্টি প্ৰকাশ কৰি বুধবাৰে সদৰ থানাৰ সন্মুখত বোমা-ফটকা ফুটোৱাও দেখা গ’ল৷ অৱশ্যে আৰক্ষীৰ জিম্মাত অভিযুক্ত ক’লা ল’ৰাৰ এনে মৃত্যুক সহজভাৱে লোৱা নাই বহু লোকে৷ বহুতে গণ প্ৰহাৰৰ ঘটনাক আইন বিৰুদ্ধ বুলি মন্তব্য কৰাৰ বিপৰীতে জিম্মাত থকা অভিযুক্তৰ সন্দেহজনক মৃত্যুও আইন বিৰুদ্ধ বুলি মত প্ৰকাশ কৰিছে৷ বুধবাৰে পুৱতি নিশা অভিযুক্ত নীৰজ দাসৰ মৃত্যুৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰত ক’লা ল’ৰাৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰাত ৰহস্যৰ সৃষ্টি কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– ‘মই শুনিছোঁযে যোৱা নিশা অভিযুক্তজনে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুৰ্ভাগ্যজনকভাৱে গুলী চলাব লগা হোৱাত তেওঁৰ মৃত্যু হয়৷ এয়া মই ওপৰোৱাকৈহে শুনা কথা৷ ঘটনাটোৰ বিষয়ে ভালদৰে খবৰ লোৱা নাই৷’ অৱশ্যে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পূৰ্বেই যোৰহাটৰ আৰক্ষী অধীক্ষক আৰু ঘটনাৰ সময়ত আৰক্ষীৰ দলটোৰ লগত থকা এজন বিষয়াই বিপৰীত ভাষ্য প্ৰকাশ কৰাত ৰাইজ বিবুধিত পৰে৷ যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে প্ৰকাশ কৰা মতে– অভিযুক্ত ক’লা ল’ৰাই নিশা মৰিয়নিৰ ফালে ড্ৰাগ্‌ছৰ সন্ধান দিয়াৰ বাবে আৰক্ষীৰ অভিযানকাৰী দলটোক লৈ গৈছিল৷ কিন্তু আদবাটতে চলন্ত অৱস্থাত  আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰে ক’লা ল’ৰা ওৰফে নীৰজ দাসে৷ অৱশ্যে আৰক্ষীৰ বাহনৰ পিছৰ চিটৰ পৰা অভিযুক্তজনে পলায়নৰ চেষ্টা চলাওতেই পাছে পাছে তীব্ৰ বেগত আহি থকা আৰক্ষীৰ এছক’ৰ্ট বলেৰ’ বাহন এখনে খুন্দা মাৰে৷ অভিযুক্তজনক খুন্দা মাৰি এছক’ৰ্ট বাহনখনে পথৰ কাষৰ এখন পকী দেৱালতো খুন্দা মাৰে৷ এই দুৰ্ঘটনাত ক’লা ল’ৰা আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এছক’ৰ্ট বাহনখনৰ তিনিজন জোৱান সামান্যভাৱে আহত হয়৷ লগে লগে আটাইকেইজনকে আৰক্ষীয়ে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে অভিযুক্তজনক মৃত ঘোষণা কৰে৷ আনহাতে, বাকী আহত আৰক্ষী তিনিজন চিকিৎসালয়ত ভৰ্তি কৰা বুলি আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ ইপিনে, যোৰহাট আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ  ভাষ্য অমিল থকাত বহুতেই নীৰজ দাসৰ মৃত্যু এনকাউণ্টাৰ নে দুৰ্ঘটনা বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ অৱশ্যে, কিছু সময়ৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত পূৰ্বৰ ভাষ্য সলনি কৰি নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওতে দুৰ্ঘটনাত অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে৷ আনহাতে, পলায়নৰ চেষ্টা চলোৱা অভিযুক্তজনক ধৰিবলৈ গাড়ীৰ পৰা জাঁপ মৰা জোৱানকেইজনো আঘাতপ্ৰাপ্ত হোৱা বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে৷ আৰক্ষীৰ কামত ভাল হোৱা বুলি বহুজনে প্ৰকাশ কৰা মন্তব্যত মুখ্যমন্ত্ৰীয়ে সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰি আমাৰ ল’ৰাই আমাৰ ল’ৰাকে হত্যা কৰা কাৰ্যই জাতিটো কেনে পৰ্যায় পাইছেগৈ বুলিও আক্ষেপ ব্যক্ত কৰে৷ লক্ষণীয় কথাটো হৈছে নিশাৰ দুৰ্ঘটনাটোত যোৰহাট আৰক্ষীৰ বাবুল সোণোৱাল, যোগানন্দ দাস আৰু নিৰণ পাটনায়ক আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী কৰিলেও যোৰহাট মেডিকেল কলেজৰ এটা শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে আহত আৰক্ষীকেইজনৰ আঘাত তেনেই সামান্য৷ চিকিৎসাধীন এজন আৰক্ষী জোৱানৰ বাহ্যিকভাৱে দেহত আঘাতৰ কোনো চিহ্ন নাই বুলিও চিকিৎসকৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ ইপিনে, মৃত নীৰজ দাসৰ খুৰায়েক সুৰেশ দাসে দুৰ্ঘনাটোক সহজভাৱে লোৱা নাই৷ দুৰ্ঘটনাটো সন্দেহজনক বুলি প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত সুৰেশ দাসে কয়– ‘থানাত শিকলি লগাই নীৰজক বান্ধি থোৱা সকলোৱে দেখিছে৷ শিকলি লগাই থোৱা এজন আচামী চলন্ত বাহনৰ পৰা কেনেকৈ জঁপিয়াবলৈ সক্ষম হ’ল? তাতো লগত আন আৰক্ষী কেইবাজনো বহি আছিল৷ এয়া এক অদ্ভূট ঘটনা৷ আমি এতিয়া কাক কম, কোনে শুনিব? এতিয়া কৈ জানো কিবা লাভ হ’ব?’ ইপিনে, দণ্ডাধীশে নীৰজ দাসৰ মৃতদেহত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰি মৰণোত্তৰ প্ৰতিবেদনৰ ভিত্তিত দুৰ্ঘটনাৰ তদন্ত হ’ব বুলিও জানিবলৈ দিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে এদিন পূৰ্বে যোৰহাটৰ যিসকল লোকে গণপ্ৰহাৰৰ ঘটনাক লৈ আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, সেই একেখিনি লোকে বুধবাৰে জিম্মাত থকা অভিযুক্তজনৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত যোৰহাট আৰক্ষী ‘জয় ধবনি’ দিয়াও দেখা গ’ল৷ আনকি থানাৰ সন্মুখত বোমা-ফটকা ফুটাই আনন্দ-উল্লাস কৰিলে যোৰহাটৰ একাংশ লোকে৷ ইপিনে, শিৱসাগৰ আমগুৰিতো অভিযুক্ত ক’লা ল’ৰাৰ আৰক্ষী জিম্মাত ৰহস্যজনক মৃত্যুত আনন্দ প্ৰকাশ কৰি কৰ্তব্যৰত আৰক্ষীক গামোছা পিন্ধোৱাৰ লগতে মিঠাই বিতৰণ কৰিলে৷ নক’লেও হ’ব যে অসমৰ ইতিহাসত এইটোৱেই প্ৰথম ঘটনা য’ত জিম্মাত থকা অভিযুক্তৰ ৰহস্যজনক মৃত্যুৰ পাছতো অসমীয়া লোকে বোমা-ফটকা ফুটাই আনন্দ কৰিলে৷ ইপিনে, এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ চক্ৰ ভূষণ গগৈয়ে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ সন্দৰ্ভত কোনো মত প্ৰকাশ নকৰো বুলি উল্লেখ কৰি কয়– সমাজৰ পৰা অশুভ শক্তি নাইকীয়া হ’লে মানুহে ভাল পায়৷ কিন্তু ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে দোষীয়ে শাস্তি পোৱা উচিত৷পথ দুৰ্ঘটনাত নিহত কালা ঃ আৰক্ষীৰ ঘোষণা

আমাৰ অসম যোৰহাটবাসীক লজ্জানত কৰি সাংস্কৃতিক নগৰীখনক কলংকিত কৰা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে কালা ওৰফে ক’লা ল’ৰাৰ যোৱা নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷ আৰু ইয়াৰ লগে লগে অন্ত পৰিল এক ক’লা অধ্যায়ৰ৷ ড্ৰাগ্‌ সৰবৰাহৰ সৈতে জড়িত ক’লা ল’ৰাই লুকুৱাই ৰখা বহু পৰিমাণৰ ড্ৰাগ্‌ দেখুৱাই দিবলৈ নিয়াৰ সময়ত যোৰহাট-মৰিয়নি পথৰ চিনামৰাৰ খৰিয়াচুকত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে এছক’ৰ্ট দি নিয়া আনখন আৰক্ষীৰ গাড়ীৰ খুন্দাত ক’লা ল’ৰাৰ মৃত্যু হয় বুলি জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে আজি পুৱা সাংবাদিকক জানিবলৈ দিয়ে৷ এই দুৰ্ঘটনাত এছক’ৰ্ট গাড়ীখনত থকা বাবুল সোণোৱাল, যোগানন্দ দাস আৰু নিৰেন পাটনায়ক আহত হয়৷ আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমক জনোৱা মতে ছাত্ৰ নেতা অনিমেষ ভূঞা, প্ৰণয় দত্ত আৰু সংবাদকৰ্মী মৃদুস্মন্ত বৰুৱাক আক্ৰমণৰ ঘটনাত জড়িত মুঠ তেৰজন অভিযুক্তক ভিডিঅ’ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে৷ কালি পুৱা মূল অভিযুক্ত ক’লা ল’ৰাক এডৰা হাবিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে জেৰা কৰে৷ এই জেৰাত বহুত পৰিমাণৰ ড্ৰাগ্‌ লুকুৱাই থোৱা বুলি ক’লা ল’ৰাই স্বীকাৰোক্তি দিয়ে৷ সেই মৰ্মে তদন্তকাৰী বিষয়াই নিশা প্ৰায় ডেৰ বজাত নিৰজ ওৰফে ক’লা ল’ৰাক লৈ লুকুৱাই থোৱা ড্ৰাগৰ সন্ধানত অভিযান চলায়৷ কিন্তু যোৰহাট-মৰিয়নি পথত নিৰজে আৰক্ষী গাড়ীখনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে৷ সেই সময়ত পিছে পিছে যোৱা এছক’ৰ্ট গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁক খুন্দা মাৰে৷ গাড়ীখনৰ চালক নিৰেন পাটনায়কে তেওঁক বচাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়৷ ইফালে ক’লা ল’ৰাক খুন্দিওৱাৰ পাছত গাড়ীখনে এখন দেৱালত খুন্দা মাৰি ৰৈ যায়৷ ফলত গাড়ীখনো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ এই দুৰ্ঘটনাত গাড়ীখনৰ চালককে ধৰি তিনিজন আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত আৰু তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে৷ ইফালে নিৰজৰ লগতে আঘাতপ্ৰাপ্ত আৰক্ষী কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হয়৷ আৰক্ষীয়ে নিৰজ ওৰফে ক’লা ল’ৰাক মৃত ঘোষণা কৰে৷

ক’লা ল’ৰাৰ মৃতদেহ নিবলৈ এম্বুলেঞ্চ চালকৰ অস্বীকাৰ ঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক’লা ল’ৰা ওৰফে নিৰজৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ মৃতদেহ নিবলৈ পৰিয়ালৰ লোকে কেইবা ঘণ্টা ধৰি অপেক্ষা কৰিব লগীয়া হয়৷ কাৰণ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত থকা এম্বুলেঞ্চৰ চালকসকলে হত্যাকাৰী ক’লা ল’ৰাৰ মৃতদেহ নিবলৈ অস্বীকাৰ কৰে৷ এই সন্দৰ্ভত ক’লা ল’ৰাৰ দদায়েকে সংবাদ মাধ্যমক কয় যে গাড়ী চালকসকলে তেওঁলোকৰ বেলেগ ভাড়া থকা বুলি তেওঁলোকক প্ৰত্যাখ্যান কৰে৷ সেয়ে পৰিয়ালৰ ব্যক্তিগত এখন মিনি ট্ৰাকত নিৰজৰ মৃতদেহ স্ব-গৃহলৈ নিয়া হয়৷ তেওঁৰ মৃতদেহ বাসগৃহত নি উপস্থিত হোৱাৰ সময়ত পৰিয়ালটোত কান্দোনৰ ৰোল উঠে৷

যোৰহাটত আন্দোৎসৱ ঃ যোৰহাট কাণ্ডৰ খলনায়ক ক’লা ল’ৰাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত যোৰহাটবাসীয়ে আন্দোৎসৱ কৰা দেখা যায়৷ একাংশই যোৰহাট থানাৰ সন্মুখতে ফটকা আতচবাজী ফুটুৱাই আন্দোৎসৱ কৰে৷ অৱশ্যে আৰক্ষী আৰু চিআৰপিএফে এই আন্দোৎসৱত বাধা প্ৰদান কৰে৷ অসম সংগ্ৰামী যুৱ মঞ্চৰ একাংশ কৰ্ম-কৰ্তাও আন্দোৎসৱ কৰিবলৈ ওলাই আহে৷ তেওঁলোকে কয় যে এনে অপৰাধীয়ে যোগ্য পুৰস্কাৰ লাভ কৰিছে৷ সেয়ে তেওঁলোকে আনন্দোৎসৱ কৰিবলৈ ওলাই আহিছে৷ আনসকল অপৰাধীকো প্ৰাপ্য প্ৰদান কৰিবলৈ তেওঁলোকে দাবী জনায়৷

দোষীক পাপৰ ফল নিয়তিয়ে প্ৰদান কৰিলে–আছু ঃ যোৰহাটৰ নাৰকীয় ঘটনাৰ মূল দোষী নিৰজ দাস ওৰফে ক’লা ল’ৰাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়, “সমগ্ৰ যোৰহাটবাসীৰ বাবে আজি এটা ঐতিহাসিক দিন৷ কিয়নো এজন মানুহৰ মৃত্যুত যোৰহাটবাসীয়ে পোনপ্ৰথমবাৰৰ বাবে হৰ্ষোল্লাহ কৰি ফটকা ফুটাই আনন্দ লভাৰ দৃশ্য আমি স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলোঁ৷ এই আনন্দ, এই হৰ্ষোল্লাহৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ যোৰহাট জিলাৰ পৰা এটাই বাৰ্তা গৈছে যে যোৰহাটৰ দৰে সংস্কৃতিৱান, শিক্ষা নগৰী, বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰত হত্যাকাৰী, ড্ৰাগ্‌ বেপাৰীৰ কোনোধৰণৰ স্থান নাই৷’’ তেওঁলোকে লগতে কয় যে মানুহে পাপ-পুণ্যৰ ফল একেটা জনমতে পায় বুলি লোকবিশ্বাস আছে৷ নিয়তিয়ে আজি যোৰহাটৰ জঘন্য ঘটনাৰ মূল দোষী ক’লা ল’ৰাক শাস্তি প্ৰদান কৰিলে৷ যোৰহাটত ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে  ৩০ নৱেম্বৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ জনসাধাৰণে যেনেধৰণৰ সঁহাৰি জনাই স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰিলে সেয়া ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদৰ এক উৎকৃষ্ট নিদৰ্শন৷ ৰাইজৰ হেঁচাৰ ফলত যোৰহাট আৰক্ষীয়ে ক্ষিপ্ৰতাৰে মৃত মূল অপৰাধীজনকে ধৰি  ১৩জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ এতিয়া আন ১২ জন যাতে আইনী সুৰুঙাৰ সুবিধা লৈ মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ আৰক্ষী প্ৰশাসনক পানী নসৰকা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাই আহ৩ান জনায়৷ বিবৃতিটোত ছাত্ৰনেতাদ্বয়ে কয় যে দাখিল কৰিব লগীয়া চাৰ্জশ্বীটখন সম্পূৰ্ণ তথ্যৰে পৰিপূৰ্ণ হ’ব লাগিব যাতে এটা ক্ষুদ্ৰ ছিদ্ৰও নাথাকে, সেই সন্দৰ্ভত আৰক্ষীয়ে মনোনিৱেশ কৰক৷ একেটা বিবৃতিতে জিলা ছাত্ৰ সন্থাই যোৰহাটবাসী ৰাইজক আহ৩ান জনাই কয় যে চাৰ্জশ্বীটখন নিখুঁত কৰাৰ স্বাৰ্থত যোৰহাটবাসী ৰাইজে সম্পূৰ্ণ সহায়-সহযোগিতা কৰিব লাগিব৷ বিবৃতিটোত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় যে উক্ত ঘটনাটো সন্দৰ্ভত যাৰ ওচৰত চিচিটিভি ফুটেজ, ভিডিঅ’ ফুটেজ, ফটো ইত্যাদি কৰি গুৰুত্বপূৰ্ণ তথ্যপাতি মজুত আছে সেইসকলে পোনছাটেই আৰক্ষীক প্ৰদান কৰক৷ কোনোবাই সংকোচবোধ কৰিলে ছাত্ৰ সন্থাৰ লগত ৯৮৫৪২-৮৯৩৫৪,৭০৮৬৯-০০২৩৩ যোগাযোগ কৰক৷ 

ঘটনাৰ তথ্য প্ৰদান কৰিবলৈ আৰক্ষী অধীক্ষকৰ আহ৩ান ঃ যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত গুণ্ডা বাহিনীয়ে তিনিজন যুৱকক আক্ৰমণ কৰি এজনক হত্যা কৰা সন্দৰ্ভত আৰক্ষীক নিৰ্ভয়ে তথ্য যোগান ধৰিবৰ বাবে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে প্ৰত্যক্ষদৰ্শীসকলৰ প্ৰতি আহ৩ান জনাইছে৷ ইফালে ট্ৰাক ষ্টেণ্ডত দুটা খেপত চি আৰ পি এফ নিয়োগ কৰা বুলি তেওঁ সদৰী কৰে৷ পুৱা বজাৰ খোলাৰ সময়ৰে পৰা নিশা বজাৰ বন্ধ কৰা লৈকে এলেকাটোত চি আৰ পি এফ নিয়োজিত হৈ থাকিব৷