Logo
image

ঘৰৰ ভিতৰৰ পৰাই আহিছে অসমীয়া ভাষাৰ সংকট

ডিব্ৰুগড় গ্ৰন্থমেলাত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী

আমাৰ অসম, ২ ডিচেম্বৰঃ অসমীয়া ভাষাৰ সংকট ঘৰৰ ভিতৰৰ পৰা আহিছে৷ আমি কিমানে ভাষাটো শুদ্ধকৈ ক’বলৈ আনক অনুপ্ৰাণিত কৰিছোঁ সেয়া চিন্তাৰ বিষয়৷ ঘৰৰ পৰাই আচলতে কেৰোণ আৰম্ভ হৈছে৷ অসমত তিনি কোটি লোকৰ ভিতৰত নিৰানব্বৈ শতাংশই কিতাপ, বাতৰিকাকত-আলোচনী নপঢ়ে৷ বিপৰীতে মাত্ৰ এক শতাংশই অৰ্থাৎ মাত্ৰ তিনি লাখ লোকেহে বাতৰিকাকত-আলোচনী পঢ়ে৷ অসমত সকলো মিলাই বাতৰিকাকত-আলোচনী নিতৌ মাত্ৰ দুই লাখমানহে ছপা হয়৷ ইংৰাজী ভাষাৰ অক্সফ’ৰ্ড অভিধানত নিতৌ যিদৰে শব্দ সংযোজন হৈ যিদৰে ভাষাটোৰ সমৃদ্ধি ঘটে সেইদৰে অসমীয়া ভাষাৰ অভিধানত এটাও শব্দ সংযোজন হোৱা দেখা নাযায়৷ এইক্ষেত্ৰত নিশ্চয় আমাৰ দায়িত্ব আছে৷ –এই বক্তব্য লব্ধপ্ৰতিষ্ঠ গল্পকাৰ তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত চলি থকা দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ আজিৰ ষষ্ঠ  দিনটোত মূল মঞ্চত অনুষ্ঠিত ‘সংবাদ-সাহিত্য আৰু অসমীয়া ভাষা’ শীৰ্ষক বিষয়ক মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় গোস্বামীয়ে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত চিত্তাকৰ্ষক বক্তৃতা প্ৰদান কৰি সাংবাদিক গোস্বামীয়ে কয় যে, অসমীয়া ভাষা পৃথিৱীৰ এশটা চহকী ভাষাৰ ভিতৰত অন্যতম ভাষা৷ আমি সংকটৰ কথা কৈ থাকোঁ যদিও সমাধানৰ কথা আলোচনা নকৰোঁ৷ অসমীয়া ভাষাটো শুদ্ধকৈ চৰ্চা কৰাৰ ক্ষেত্ৰত, ৰক্ষাৰ স্বাৰ্থত কেৱল সংবাদ-পত্ৰ আৰু বৈদ্যুতিন মাধ্যমকে দায়িত্ব দিয়াটো যিদৰে সমীচীন নহয় সেইদৰে দোষ দিয়াটোও সমীচিন নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, বৈদ্যুতিন মাধ্যমত যিসকল লোকে কাম কৰে সেইসকল লোক অসমৰেই কোনো এখন কলেজ বা বিশ্ববিদ্যালয়ৰ পৰাই শিক্ষাগ্ৰহণ কৰি অহা৷ অথচ ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত যিমান তেওঁলোকৰ দায়িত্ব সেয়া গ্ৰহণ কৰিছেনে নাই গুৰুত্বসহকাৰে আলোচনা কৰাৰ অৱকাশ আছে৷  অৱশ্যে আমাৰ দুই-এটা ভুল নোহোৱা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, অসমীয়া ভাষাটোৰ ওপৰত সম্প্ৰতি ‘মব-লিঞ্চিং’ চলিছে৷ স্বয়ং অসম চৰকাৰেই এপিএছচিত অসমীয়া ভাষা গুচাই দিয়াৰ দৰে ঘটনাক ‘মব-লিঞ্চিঙ’ৰ উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় যে, অসম আন্দোলনৰ পাছৰ পৰাই একপ্ৰকাৰে অসমীয়া ভাষাৰ অৱনমন আৰম্ভ হ’ল৷ জুবিন গাৰ্গে পোন্ধৰ হাজাৰ গান নোগোৱা হ’লে অথবা অসমত একাধিক বৈদ্যুতিন প্ৰতিষ্ঠানৰ জন্ম নোহোৱা হ’লে অসমীয়া ভাষাৰ অৱস্থা অধিক অৱনমিত হোৱাৰ অৱকাশ আছিল৷ তদুপৰি, অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত সংবাদ-পত্ৰৰ ভূমিকা অপৰিসীম বুলিও ভাষণত উল্লেখ কৰি আৰু কয় যে, ভাষাৰ সংকট যে অহা নাই সেয়াও নহয়৷ বিশ্বত প্ৰতি চৈধ্য দিনত এটাকৈ ভাষাৰ মৃত্যু হয়৷ ভাষা আৰু মানৱ সভ্যতাৰ ইতিহাস যিহেতু এক ৰোমান্সকৰ ইতিহাস সেয়ে ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰচুৰ চৰ্চা আৰু গৱেষণা অব্যাহত ৰাখিবই লাগিব৷ তদুপৰি, আমাৰ ভাষাটোৰ মান কম্পিউটাৰ, ম’বাইল আদিত কাৰিকৰীভাৱে ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু সকলোৱে ভাষাৰ উন্নতিৰ হকে উমৈহতীয়া প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব৷ অনুষ্ঠানত বহুকেইজন লোকে সোধা প্ৰশ্নৰো উত্তৰ দিয়ে বিশিষ্ট সাংবাদিকজনে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি লেখক, অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে, তেওঁলোকে নিজে স্বতন্ত্ৰ হৈয়ো অসমীয়া ভাষাত যিমান আদান-প্ৰদান কৰিব লাগিছিল সিমান কৰা নাই৷ বৈদ্যুতিন মাধ্যমে যিমান ভুল কৰিছে বুলি অভিযোগ উত্থাপন কৰে তাতকৈ বেছি ভুল তেওঁলোকেহে কৰি আহিছে৷ ইয়াৰ বিপৰীতে অসমীয়া ভাষাটোৰ শ্ৰীবৃদ্ধিত সংবাদ-পত্ৰ,আলোচনীৰ এক বিশেষ ভূমিকা আছে৷ তদুপৰি, শেহতীয়াকৈ সমাজিক মাধ্যমেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ কিন্তু  চৰকাৰৰ ভূমিকা এইক্ষেত্ৰত তেনেই নিস্তেজপ্ৰায় বুলিও সমালোচনা কৰে৷ বিশিষ্ট কবি প্ৰণয় ফুকনে উদ্বোধন কৰা অনুষ্ঠানটোৰ আঁত ধৰে সুমন দত্তই৷ ইয়াৰ পাছতেই দৰদী শিল্পী খগেন মহন্ত-অৰ্চনা মহন্তৰ লগতে মনোৰঞ্জন গগৈৰ সোঁৱৰণত ‘সুৱদী সুৰৰ অনুৰণন’ শীৰ্ষক এখন সংগীতানুষ্ঠান পৰিৱেশিত হয়৷