Logo
image

স্বৰ্গদেউ চ্যুকাফাক পাহৰিলে দিছপুৰে!

আমাৰ অসম, ২ ডিচেম্বৰঃ বিধানসভা নিৰ্বাচনত মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুঁজ দি দুবাৰকৈ চৰকাৰ গঠন কৰিলে বিজেপি-মিত্ৰদলে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে মহাবীৰ লাচিত বৰফুকনক হিন্দু বীৰ হিচাপেও পৰিচয় দিয়াৰ চেষ্টাৰ ত্ৰুটি কৰা নাই৷ কিন্তু সেই একেখন চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা মহান স্বৰ্গদেউ চাওলুং চ্যুকাফাক বিগত ৬ বছৰেও স্বীকৃতি নিদিলে৷ অসমৰ জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ইতিহাসৰ পাতনি মেলা স্বৰ্গদেউ চ্যুকাফাক বৃহস্পতিবাৰে ‘অসম দিৱস’ হিচাপে ৰজাঘৰে-প্ৰজাঘৰে স্মৰণ কৰিব৷ কিন্তু অসমীয়া জাতি গঢ়োঁতা এইজনা মহান স্বৰ্গদেউ চ্যুকাফাৰ সমাধিস্থল অৰ্থাৎ মৈদামটো সংৰক্ষণৰ কথা বাদেই চৰকাৰে আজিলৈকে স্বীকৃতিয়েই নিদিলে৷ চৰকাৰৰ উদাসীনতাৰ বাবেই প্ৰায় ৬ বছৰ পূৰ্বে ২০১৫ চনতে ৰাজ্যৰ একাংশ বুৰঞ্জীবিদ, তাই পণ্ডিত তথা ইতিহাসবিদে বহু গৱেষণা, ঐতিহাসিক ভিত্তি আৰু ক্ষেত্ৰভিত্তিক জৰীপৰ অন্তত স্বৰ্গদেউ চাওলুং চ্যুকাফা [১২২৮ খ্ৰী-১২৬৮ খ্ৰী] আৰু তেওঁৰ তিনি পুত্ৰ স্বৰ্গদেউ চুতেউফা [১২৬৮ খ্ৰী-১২৮১ খ্ৰী], স্বৰ্গদেউ চুবিনফা [১২৮১ খ্ৰী-১২৯৩ খ্ৰী] আৰু স্বৰ্গদেউ চুকাংফা মৈদাম চিনাক্ত তথা উদ্‌ঘাটন কৰিছিল৷ বুৰঞ্জীপ্ৰসিদ্ধ চৰাওদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চৰ উদ্যোগত ইতিহাসবিদসকলে আহোম ৰাজত্বৰ প্ৰথমখন দেওশাল লাংকুৰি দেওশালৰ পূবদিশে স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু তেওঁৰ তিনিপুত্ৰৰ মৈদাম উদ্‌ঘাটন কৰি সংৰক্ষণৰ বাবে নামফলকো আঁৰি দিয়াৰ লগতে সংৰক্ষণৰ ক্ষুদ্ৰ প্ৰচেষ্টা চলাই আহিছে৷ কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়টো হৈছে ৰাইজৰ প্ৰচেষ্টাত স্বৰ্গদেউ চ্যুকাফাৰ মৈদাম উদ্‌ঘাটন হোৱাৰ ৬ বছৰ পাছতো ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে আজিলৈকে সংৰক্ষণৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷ দিৱস পালন কৰি বাঃ বাঃ লোৱা চৰকাৰখনে স্বৰ্গদেউকেইজনৰ মৈদামকেইটা সংৰক্ষণ কৰাতো দূৰৰে কথা, মৈদামৰ বুকুতে বেদখল কৰি স্থাপন কৰা চাহ বাগানৰো উচ্ছেদৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণত কেতিয়া গুৰুত্ব দিব, সেয়া সময়েহে ক’ব৷ অন্যথা অসমীয়াৰ স্বাভিমান চকুৰ সন্মুখতে নিঃশেষ হৈ যাব৷ ৰাইজে চিনাক্ত কৰা স্বৰ্গদেউ চ্যুকাফাৰ মৈদামক পুৰাতত্ত্ব বিভাগে বিশেষজ্ঞ কমিটী গঠন কৰি খনন বা আন প্ৰক্ৰিয়াৰে ঐতিহাসিক সমল উদ্‌ঘাটনেৰে আনুষ্ঠানিক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল যদিও চৰকাৰে ৬ বছৰে এটাও পদক্ষেপ গ্ৰহণ নকৰিলে৷ কেৱল পষেকজোৰা ঐতিহ্য সপ্তাহৰ নামত কোটিটকীয়া বাজেটেৰে দুই-এখন সভা পাতিয়ে সম্পদ সংৰক্ষণৰ দায়িত্ব সামৰিছে দিছপুৰে৷