Logo
image

ভাগিছে একাধিক নিৰ্মাণ! মাজুলীৰ দলং নিৰ্মাতাৰ বিৰুদ্ধে অভিযোগ

শ্বাহজাহানপুৰ-বাৰানসী... এখন এখনকৈ ভাগি পৰিছে দলং

আমাৰ অসম,৩ ডিচেম্বৰঃবহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ সোমবাৰে নিৰ্মাণ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া এটা সপোন সাৰ্থক হোৱাৰ দিশে আগবঢ়াৰ সময়তে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ৷ সত্ৰনগৰীক যোগাযোগৰ বাবে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুদীৰ্ঘ দলংখনৰ ঠিকা লাভ কৰিছে উত্তৰ প্ৰদেশ ষ্টেট ব্ৰীজ কনষ্ট্ৰাকচন কৰ্পৰেশ্বন লিমিটেডে৷ দলংখন নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰণালয়ে ৯২৫.৮৭ কোটি টকা অনুমোদন জনোৱাৰ লগতে ৰাজ্য চৰকাৰে ২০০ কোটি টকা ব্যয় কৰিব বুলিও ইতিপূৰ্বে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনকি দলংখন ৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ কিন্তু দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকচন কৰ্পৰেশ্বন লিমিটেডে ইতিপূৰ্বে দেশৰ বিভিন্ন স্থানত নিৰ্মাণ সম্পূৰ্ণ কৰা এখন এখনকৈ দলং ভাগি পৰা ঘটনাই উদ্বেগৰ কাৰণ হৈ পৰিছে৷ ৰাইজৰ দলে অভিযোগ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বাৰানসী আৰু শ্বাহজাহানপুৰত কোম্পানীটোৱে নিৰ্মাণ কৰা দুখন দলং নিৰ্মাণত আসোঁৱাহৰ বাবেই ভাগি পৰিছে৷ উত্তৰ-প্ৰদেশৰ কলাঘাট জিলাৰ ৰামগংগা নদীৰ ওপৰত ষ্টেট ব্ৰীজ কনষ্ট্ৰাকচন কৰ্পৰেশ্বন লিমিটেডে নিৰ্মাণ কৰা ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বাহজাহানপুৰ দলংখনৰ এটা অংশ সোমবাৰে আকস্মিকভাৱে ভাগি পৰে৷ এই দুৰ্ঘনাটৰো সময়ত দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল অব্যাহত আছিল যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই৷ সোমবাৰে পুৱা ৬ বজাত দলংখনৰ ৩ নম্বৰ খুঁটাটো ভাগি পৰাত দলঙৰ এটা অংশ তললৈ বহি যায়৷ এই ঘটনাৰ সন্দৰ্ভত নিৰ্মাণ আসোঁৱাহ পৰীক্ষাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত ঘোষণা কৰিছে৷ ইউ পি ষ্টেট ব্ৰীজ কনষ্ট˜াকচন কৰ্পৰেশ্বন লিমিটেডে নিৰ্মাণ কৰা দলং ভাগি পৰা ঘটনা এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ২০১৮ চনতো উত্তৰ প্ৰদেশৰ বাৰানসীত প্ৰতিষ্ঠানটোৰ নিৰ্মাণৰত এখন উৰণীয়া সেঁতু ভাগি পৰিছিল৷ দলংখনৰ এটা অংশ ভাগি পৰাত ১৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল৷ দলংখনৰ নিৰ্মীয়মান এটা বৃহৎ অংশ খহি পথৰ ওপৰত পৰাত বহুসংখ্যক যান-বাহন চেপি ধৰিছিল৷ এই দুৰ্ঘটনাৰ পাছতেই কোম্পানীটোৰ কেইবাজনো শীৰ্ষ বিষয়াক বৰ্খাস্তও হ’ব লগা হৈছিল৷ আনকি বিতৰ্কিত নিৰ্মাণ কোম্পানীটোৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰ আৰু মধ্য প্ৰদেশ চৰকাৰেও কেবাটাও প্ৰকল্পৰ আঁসোৱাহৰ বাবে আদালতত গোচৰ চলাই থকাৰ অভিযোগ কৰিছে ৰাইজৰ দলে৷ কিন্তু এনে কাৰিকৰীগত নিৰ্মাণ বিসংগতি থকা বিতৰ্কিত প্ৰতিষ্ঠানটোক মাজুলী-যোৰহাট সংযোগী সুদীৰ্ঘ দলং নিৰ্মাণৰ কিয় ঠিকা  প্ৰদান কৰা হ’ল বুলিও ৰাইজৰ দলে প্ৰশ্ন কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে   ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকশ্বন কোম্পানীয়ে অসমত পূৰ্বতে কোনো প্ৰকল্প কৰাৰ অভিজ্ঞতা নাই৷ তৎসত্ত্বেও যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশ চৰকাৰৰ  ৰাজ্যিক প্ৰতিষ্ঠানটোক কিয় ব্ৰহ্মপু্‌ত্ৰৰ বুকুত দলং নিৰ্মাণৰ ঠিকা দিয়া হ’ল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ আনকি অনাকাংক্ষিত কোনো দুৰ্ঘটনা সংঘটিত হ’লে ইয়াৰ কোনে দায়িত্ব ল’ব বুলিও প্ৰশ্ন উঠিছে৷ 

অৰুণাচলৰ পৰা বিহপুৰীয়া হৈ যোৰহাটলৈ চমু হ’ব পথ

আমাৰ অসমঃ কালি বহু প্ৰতীক্ষিত যোৰহাট- মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ আনুষ্ঠানিক আৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মাই অহা ছমাহৰ ভিতৰত  মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ  আৰম্ভ কৰা হ’ব বুলি কৰা ঘোষণাত লখিমপুৰ আৰু মাজুলীত একপ্ৰকাৰ উচাহৰ বন্যা বৈছে৷ এই দিনটোতেই মুখ্যমন্ত্ৰীৰ পৰা মাজুলী-ধুনাগুৰি দলং নিৰ্মাণৰ ঘোষণা হওক বুলি  দাবী সমিতিয়ে জনোৱা আহ৩ানৰ প্ৰত্যাশিতৰূপেই মুখ্যমন্ত্ৰীজনে এই সপ্তাহতেই দলঙৰ নিবিদা প্ৰকাশ আৰু ছমাহৰ ভিতৰত দলং নিৰ্মাণ আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ উল্লেখ্য,কালি ২৯ নৱেম্বৰত ঐতিহাসিক শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ উপক_ত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি দিয়া দীঘলীয়া ভাষণত দুয়োখন দলং ২০২৫ চনত ৰাইজৰ চলাচলৰ বাবে তেওঁ মুকলি কৰিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে৷ কথা আৰু কামৰ মুখ্যমন্ত্ৰীজনৰ এই ঘোষণাত ৰাইজ আশ্বস্ত হোৱাই নহয় মাজুলী হৈ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ সংযোগ ঘটি যি সোণোৱালী যুগৰ সূচনা হ’ব তাত মুখ্যমন্ত্ৰীজনৰ লগতে শাসনাধিস্থিত দলটোৰ নাম চিৰযুগমীয়া হ’ব বুলি ৰাইজে ব্যক্ত কৰিছে৷ কালিৰ ঘোষণাৰ পাছতেই মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ সভাপতি ৰঞ্জিত দলে আৰু সম্পাদকদ্বয় কমল দত্ত আৰু অসীম কুমাৰ বৈদ্যই মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিছে৷ বাৰ্তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ আৰু  কৃতজ্ঞতা জ্ঞাপন কৰি ঘোষণা অনুসৰি, দলং নিৰ্মাণৰ কাম আগুৱাই নিব বুলি আহ৩ান জনাইছে৷ নিৰ্বাচনৰ পূৰ্বে শাসনাধিস্থিত বিজেপি চৰকাৰে মাজুলীবাসীক দিয়া প্ৰতিশ্ৰুতিমৰ্মে চলিত নৱেম্বৰৰ পৰা দলং নিৰ্মাণ আৰম্ভ কৰি যি সদিচ্ছা প্ৰকাশ কৰিছে তাৰ দ্বাৰা স্বাধীনতাৰ দীৰ্ঘ বছৰত মাজুলী আৰু উত্তৰপৰীয়া ৰাইজ যিদৰে প্ৰতাৰিত আৰু প্ৰৱঞ্চিত হৈ আহিছিল তাৰ পৰা মুক্ত হ’ব বুলি পতিয়ন যোৱাৰ পৰিৱেশ সৃষ্টি হৈছে৷ এই দলঙে দক্ষিণ-পূবৰ দুৱাৰ মুকলি কৰাৰ সমান্তৰালভাৱে মাজুলীৰ উত্তৰ-পশ্চিম দুৱাৰ মুকলি কৰিবলগীয়া মাজুলী-ধুনাগুৰি দলং নিৰ্মাণতো ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি, অসম মালা আঁচনিৰে যাৱতীয় প্ৰস্তুতি আগুৱাই নিছে৷ ইতিমধ্যে বিত্ত অনুমোদন, মাটি অধিগ্ৰহণ আদি কাম সম্পূৰ্ণ কৰিছে সেয়ে উক্ত পথ আৰু দলং নিৰ্মাণৰ শুভাৰম্ভণিৰ কথা দক্ষিণপাটৰ পৰাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাত মাজুলী-ধুনাগুৰি দলং নিৰ্মাণ দাবী সমিতিৰ আৰু দুয়োখন জিলাৰ ৰাইজ উৎফুল্ল হৈ পৰিছে৷ উল্লেখ্য, মাজুলী-বালিচাপৰিৰ পৰা বঙালমৰালৈকে থকা এই পথচোৱাৰ চেলেকঘাটৰ আনটো পাৰৰ পৰা লখিমপুৰ জিলাৰ অন্তৰ্গত৷ এই পথচোৱাৰ মাজত চেলেকত লোহিত সুঁতি আৰু ধুনাবাৰীৰ কাষেদি সোৱণশিৰি সুঁতি বৈ গৈছে৷ এই দুয়োটা সুঁতিত ক্ৰমে একেটা আঁচনিৰ অন্তৰ্গত দুখন পকী দলং নিৰ্মাণ হ’ব৷ ইতিমধ্যে দলঙৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছিল ৷ দলং নিৰ্মাণ দাবী সমিতিয়ে মুখ্যমন্ত্ৰী, গড়কাপ্টানিমন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীসকলোকে ধন্যবাদ জনোৱাৰ লগতে ইংৰাজী নতুন বছৰৰ পৰা যাতে পথ, দলং নিৰ্মাণ পূৰ্ণগতিত আৰম্ভ হয় তাৰ প্ৰতি আহ্বান জনাইছে৷ অৰুণাচল প্ৰদেশৰ পৰা বিহপুৰীয়া হৈ যোৰহাটলৈ অতি চমু পথ আৰু, বালিচাপৰিৰ পৰা চেলেকঘাটলৈ সম্প্ৰসাৰণ হ’বলগীয়া পথচোৱাৰ অধিকাংশ মাটিয়েই চৰকাৰী হোৱাত এই অংশৰ লোকসকলৰ অস্থাৱৰ সম্পত্তিৰ প্ৰত্যক্ষ ক্ৰয়ৰ বাবে লগতে যিখিনি ম্যাদী মাটি আছে সেইখিনিৰ জৰীপ ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে ৰাজহ বিভাগৰ দ্বাৰা সম্পূৰ্ণ কৰিছে৷ কালিৰ ঐতিহাসিক দিনটোৱে মাজুলী আৰু উত্তৰপাৰবাসীৰ উন্নয়নৰ নতুন সুৰুয  উদয়ৰ প্ৰতিশ্ৰুতি বহন কৰিব বুলি প্ৰেছ বাৰ্তাটোত উল্লেখ কৰিছে৷