Logo
image

৩১ ডিচেম্বৰৰ ৰাতি কাকো মৰিবলৈ নিদিওঁঃমুখ্যমন্ত্ৰী

 নৱবৰ্ষ আদৰণি মানে উচ্ছৃংখলতা নহয়

আমাৰ অসম, ৩ডিচেম্বৰঃ‘এইবাৰ ৩১ ডিচেম্বৰৰ নিশা এজনো ল’ৰা মৰিব নিদিওঁ’– এই অংগীকাৰ স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দুচকীয়া বাহনত দুয়োজন আৰোহীয়ে ৰ ডিচেম্বৰৰ পৰা হেলমেট পিন্ধাটো বাধ্যতামূলক কৰা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– হেলমেট সকলোৱে পিন্ধিবই লাগিব৷ মানুহক মৰিব দিব নোৱাৰি৷ হেলমেট দুটা বা এটা কি? যদি দুৰ্ঘটনা হয়, মটৰচাইকেলৰ পৰা পৰাৰ পিছত বচাৰ নিয়ম আছে নেকি পিছপিনৰ জন৷ মানুহক বচাব লাগিব৷ তাতে আমাৰ কি স্বাৰ্থ আছে৷ ডেকা ডেকা ল’ৰা মৰি যায়৷ মাক-দেউতাকৰ এটা ল’ৰা দুৰ্ঘটনাত মৰি যায়৷ এইবাৰ মই পণ লৈছো যে ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিব নিদিওঁ মটৰচাইকেল দুৰ্ঘটনাত৷ ৩১ ডিচেম্বৰৰ পুৱাৰে পৰা সমগ্ৰ অসমত পুলিচ ওলাব৷ কোনো মটৰচাইকেল ৬০১ ওপৰত চলিব নিদিওঁ৷ ল’ৰা এজন মৰি গ’লে দেউতাক-মাকৰ কিমান কষ্ট হয় সেই কথা দেউতাক-মাকেহে বুজি পায়৷ সেয়ে সকলোৱে হেলমেট পিন্ধিব লাগিব৷ হেলমেট পিন্ধা নিপিন্ধাক লৈ আৰক্ষীৰ একো লাভ-লোকচান নাই৷ হেলমেট নিপিন্ধাৰ ফলত দুৰ্ঘটনা এটাত যেতিয়া ল’ৰা এজনৰ মৃত্যু হয় তেতিয়া পৰিয়ালটোলৈ কি বেদনা আহে, দুখ আহে, কষ্ট আহে সেইটো পৰিয়ালটোৱে বুজি পায়৷ নৱবৰ্ষক আদৰা মানে উশৃংখলতা নহয়৷কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰাই নিৰন্তৰ উত্তৰণ, উন্নয়ন আৰু বিকাশৰ স্ব›Ÿ দেখা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে  কৰ্ম-সংস্কৃতিৰ আন এক উৎকৃষ্ট উদাহৰণ৷ বুধবাৰে নিশা চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীলৈ উৰা মৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক বিমানতো চৰকাৰী ফাইল চোৱাত ব্যস্ত থকা দেখা গ’ল৷ মুখ্যমন্ত্ৰীৰ কোনো ঘনিষ্ঠই এই ফটোখন সামাজিক মাধ্যমত এৰি দিয়াৰ লগে লগে ফটোখন ভাইৰেল হৈ পৰে৷ অসংখ্য গুণমুগ্ধই মুখ্যমন্ত্ৰীৰ কৰ্ম-সংস্কৃতিৰ শলাগ লয়, ভুৰি ভুৰি প্ৰশংসা কৰে৷ এজন নিপুণ আৰু কৰ্মঠ মুখ্যমন্ত্ৰী লাভ কৰা বুলি মন্তব্য কৰি বহুতেই সামাজিক মাধ্যমত মন্তব্য কৰে যে– মুখ্যমন্ত্ৰীৰ নতুন অসমত কেৱল আছে কৰ্ম-সংস্কৃতি, কৰ্মোদ্যোম৷ বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই যোৱাৰ অনন্ত হাবিয়াস৷ এই নতুন অসমত কেৱল স্পৃহা আছে কামৰ প্ৰতি৷ ২৪ ঘণ্টাই কৰ্মৰ মাজতেই ব্যস্ত থকা মুখ্যমন্ত্ৰীক বিমানতো দেখা পোৱা গ’ল সম্পূৰ্ণৰূপে কৰ্মব্যস্ততাৰ মাজত৷ বিমানৰ ইক’নমিক ক্লাচতে বহি চৰকাৰী ফাইলৰ যাৱতীয় কাম-কাজ সম্পাদন কৰিলে মুখ্যমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেদৰে বিমানত বহি যাৱতীয় কাম-কাজ সম্পাদন কৰে, ঠিক একেদৰেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সম্পাদন কৰিলে চৰকাৰী ফাইলৰ কাম-কাজ৷ উল্লেখ্য যে বৃহস্পতিবাৰে নিশা প্ৰায় ১-৩০ বজাত মুখ্যমন্ত্ৰী নতুন দিল্লীত উপস্থিত হৈছিল৷ বিমান যাত্ৰাৰ প্ৰায় আঢ়ৈ ঘণ্টা সময়ছোৱাত আৰাম কৰাৰ সলনি মুখ্যমন্ত্ৰী ব্যস্ত থাকিল চৰকাৰী ফাইল ছোৱাত৷ মুখ্যমন্ত্ৰীৰ এই কৰ্ম-সংস্কৃতিৰ পৰা ৰাজ্যৰ যুৱ-প্ৰজন্মই বিশেষ অনুপ্ৰেৰণা লাভ কৰিব বুলি বিভিন্নজনে মত পোষণ কৰিছে৷