Logo
image

চাৰে চাৰি বছৰত বান সমস্যা সমাধান কৰিব মন্ত্ৰী পীয়ূষে

 জলসম্পদমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতি

আমাৰ অসম, ৩ ডিচেম্বৰঃ অহা চাৰে চাৰি বছৰৰ ভিতৰত সমাধান হ’ব অসমৰ বান-খহনীয়া সমস্যাৰ৷ এই ৰাজহুৱা প্ৰতিশ্ৰুতি ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ বৃহস্পতিবাৰে মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়– ৮০ শতাংশ সমস্যা সমাধান কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী৷ ২০ শতাংশ ভগৱানৰ ওপৰত থাকিব৷ চৰকাৰখনৰ ৬টা মাহ হ’লহে মাত্ৰ৷ এই বৰ্ষত ৭০০ কিঃ মিঃ মথাউৰি পকীকৰণ কৰা হ’ব, নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কিঃ মিঃ মথাউৰি৷ অহা ডেৰ মাহত মথাউৰি পকীকৰণৰ কাম আৰম্ভ কৰিব পৰা যাব৷ পাণ্ডু আৰু লেঙাত শীঘ্ৰে প্ৰয়োজনীয় কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাণ্ডু আৰু লেঙা অঞ্চল ভ্ৰমণ কৰি বিভাগীয় কামৰ বুজ লয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰীজনে আজি বিভাগীয় বিষয়াসকলক লগত লৈ পাণ্ডুঘাটৰ ওচৰত নিৰ্মীয়মান এখন শ¡ুইচ গেট আৰু লেঙা অঞ্চলৰ নদী খহনীয়াৰ বুজ লয় আৰু অঞ্চল দুটাৰ জনসাধাৰণক অতি শীঘ্ৰে প্ৰয়োজনীয় কাম আৰম্ভ কৰা হঅব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আনহাতে লেঙাত মন্ত্ৰীজনে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত অহা ডেৰ মাহৰ ভিতৰত মথাউৰি পকীকৰণৰ কাম আৰম্ভ কৰিব পৰা যাব বুলি মই আশাবাদী৷ এই বৰ্ষত প্ৰায় ৭০০ কিলোমিটাৰ মথাউৰি পকীকৰণ আৰু প্ৰায় ৩০০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব৷ চৰকাৰৰ অহা চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমৰ বান সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা তথা বিভাগীয় বিষয়া কৰ্মচাৰীৰ প্ৰচেষ্টাৰ বাবে আগন্তুক সময়ত অসমৰ বান সমস্যা অন্ততঃ ৮০ শতাংশ পৰ্যন্ত নাইকিয়া কৰিব পৰা যাব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

অহা বছৰৰ পৰা ৮০ শতাংশ বানপ্ৰতিৰোধৰ লক্ষ্য চৰকাৰৰ

আমাৰ অসম, আমিনগাঁওঃ ৰাজ্যত অহা বৰ্ষৰ পৰা ৮০ শতাংশ বান ৰোধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে অসম চৰকাৰে৷ ৰাজ্যৰ মথাউৰিসমূহ সৱলীকৰণৰ কৰাৰ লগতে নতুন মথাউৰি নিৰ্মাণৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে ৰাজ্যিক জলসম্পদ বিভাগে৷ আজি উত্তৰ গুৱাহাটীৰ লেঙাত জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই কথা সংবাদ মাধ্যমৰ লোকৰ সন্মুখত সদৰি কৰে৷ অহা দহ-পোন্ধৰ দিনৰ ভিতৰত ৰাজ্যৰ সাতশ কিলোমিটাৰ মথাউৰি পকীকৰণৰ কামৰো শুভাৰম্ভণি হোৱাৰ কথা ঘোষণা কৰে জলসম্পদমন্ত্ৰীজনে৷ মন্ত্ৰীজনে লগতে ৰাজ্যত নতুনকৈ তিনিশ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কামো শীঘ্ৰেই আৰম্ভ হ’ব বুলি সদৰি কৰে৷ উল্লেখ্য যে, উত্তৰ গুৱাহাটীৰ লেঙাৰ নতুন ৰিং বান্ধ পৰিদৰ্শন কৰাৰ লগতে লেঙা দীৰ্ঘেশ্বৰী সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ নতুন প্ৰভাতৰ সূচনা হৈছে বুলিও মত প্ৰকাশ কৰে৷ মন্ত্ৰীজনৰ পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰী, জলসম্পদ বিভাগৰ পূব সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান, সহকাৰী কাৰ্যবাহী অভিযন্তা ভাৰত ভূষণ শৰ্মাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে৷