Logo
image

বাৰে বাৰে ডিঙি শুকাই গৈছে? কোনো ৰোগৰো লক্ষণ হ’ব পাৰে?


  সাধাৰণতে ৰাতি শোৱাৰ পাছত সাৰ পালে পিয়াহ লগাতো স্বাভাৱিক কথা৷ কিন্তু ৰাতি শুবলৈ যোৱাৰ পাছত সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হয় তেতিয়া এয়া কোনো ৰোগৰ লক্ষণো হ’ব পাৰে৷ 

   কি কি কাৰণত প্ৰতিদিনে ডিঙি শুকাই যোৱা যেন অনুভৱ হয়?

১/ অনেক সময়ত মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ বাবে ঔষধ সেৱন কৰিবলগীয়া হয়৷ দীৰ্ঘদিন ধৰি এইদৰে ঔষধ সেৱন কৰাৰ বাবেও নিশা শোৱাৰ সময়ত বা টোপনিৰ পৰা সাৰ পালেই ডিঙি শুকাই যোৱা যেন ভাব হ’ব পাৰে৷ শীতকালত এইদৰে ডিঙি শুকাই যোৱা অনুভৱ বেছিকৈ হ’ব পাৰে৷ 

২/ অনেক মানুহে টোপনিৰ সময়ছোৱাত নাকৰ পৰিৱৰ্তে মুখেৰে শ্বাস-প্ৰশ্বাস লয়৷ অনেক সময় ধৰি এইদৰে মুখেৰে শ্বাস-প্ৰশ্বাস লোৱাৰ বাবেও ডিঙি শুকাই যাব পাৰে৷

৩/ নিয়মিত ধুমপান বা মদ্যপানৰ বাবেও এনে হ’ব পাৰে৷  অলপতে প্ৰকাশ পোৱা এক গৱেষণা পত্ৰিকাত উল্লেখ কৰা হৈছে যে নিয়মিত ধুমপান বা মদ্যপান কৰিলে মুখৰ ভিতৰত লেলাউটিৰ উৎপাদন হ্ৰাস পায়৷ তাৰ বাবেই এনে সমস্যা হ’ব পাৰে৷ 

৪/ ডায়েবেটিছজনিত ৰোগত ভুগিলেও ডিঙি শুকাই যোৱা যেন অনুভৱ হ’ব পাৰে৷ টোপনিৰ মাজতে যদি মুখ শুকাই যায়, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷