Logo
image

দিল্লীত অসমৰ নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যু

আমাৰ অসম, ০৮ অক্টোবৰঃ ৰহস্যজনকভাৱে এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ মৃত্যুৰ ঘটনাই ৰাজধানী নতুন দিল্লীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দেওবাৰে ৰাজধানী দক্ষিণ দিল্লীৰ ছফদৰজং এনক্লেভত সংঘটিত হৈছে এই ঘটনা৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ অজন্তা লহকৰে যোৱা ১১ ছেপ্টেম্বৰত দিল্লীৰ অভিজিত ধৰ নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ আপাতদৃষ্টিত চিপজৰী লৈ আত্মহত্যা কৰা বুলি ধৰৰ পৰিয়ালে দাবী কৰিছে যদিও যুৱতীগৰাকীৰ পৰিয়ালে সমগ্ৰ ঘটনাটোক হত্যাকাণ্ড বুলি অভিহিত কৰিছে৷ স্বামী অভিজিতেই হত্যা কৰা বুলি পোনপটীয়াকৈ অভিযোগ উত্থাপিত হৈছে৷ মৃত্যুৰ পূৰ্বে অভিজিতৰ সৈতে অজন্তাই বাক-বিতণ্ডাত লিপ্ত হোৱাৰ কথাও জানিব পৰা গৈছে৷ যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে, মৃত্যু সন্দৰ্ভত অজন্তাৰ স্বামী আৰু শাহুৱেকৰ ভাষ্যৰ কোনো মিল নাই৷ চাঞ্চল্যকৰ কথাটো হৈছে অজন্তাক বিয়া কৰাৰ আগতেও এবাৰ বিবাহপাশত আৱদ্ধ হৈছিল অভিজিত৷ দেওবাৰে অজন্তাৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই আজি দিল্লীত বিমানযোগে উপস্থিত হয় অজন্তাৰ বায়েক আৰু ভিনীহিয়েক৷ ইয়াৰ পাছত স্থানীয় আৰক্ষী চকীত তেওঁলোকে গোচৰ ৰজু কৰে৷ জানিব পৰা মতে, অজন্তাৰ মৰণোত্তৰ পৰীক্ষা বুধবাৰে সম্পন্ন কৰা হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছতেই আৰক্ষীয়ে তদন্তৰ কাম আৰম্ভ কৰিব৷ বিবাহৰ মাত্ৰ এমাহৰ ভিতৰত অসমীয়া বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে ৰাজধানী দিল্লী অসমীয়া সমাজত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷