Logo
image

ক’ভিড কেন্দ্ৰত যুৱকৰ কাণ্ড, লপাথপা

আমাৰ অসম, ০৮ অক্টোবৰঃ গুৱাহাটীৰ খানাপাৰাৰ ক’ভিড কেয়াৰ চেণ্টাৰত ঘৃণনীয় কাণ্ড সংঘটিত হয়৷ ক’ভিড কেয়াৰ চেণ্টাৰৰ টয়লেটৰ বেৰা ফুটা কৰি মোবাইল ফোনৰ কেমেৰাৰে যুৱতীয়ে গা ধোৱাৰ দৃশ্য ৰেকৰ্ডিং কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযুক্ত যুৱকজনক চেণ্ডেলেৰে কোবাই চূড়ান্ত শাস্তি প্ৰদান কৰে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে গুৱাহাটীৰ খানাপাৰাৰ ক’ভিড কেয়াৰ চেণ্টাৰত কালি কৰ’নাত আক্ৰান্ত যুৱতী এগৰাকীয়ে গা ধুই আছিল৷ একেটা চেণ্টাৰৰ ক’ভিড-১৯ত আক্ৰান্ত পশ্চিম বংগৰ যুৱক এজনে টয়লেটৰ বেৰা ফুটা কৰি যুৱতীগৰাকীৰ গা ধুই থকাৰ দৃশ্য মোবাইল ফোনেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ এই বিষয়ে জানিব পাৰি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি যুৱতীগৰাকীয়ে নিজৰ ভৰিৰ চেণ্ডেল খুলি যুৱকজনক গালত উপৰ্যুপৰি প্ৰহাৰ কৰে৷ ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কেন্দ্ৰটোৰ আৱাসীসকলেও যুৱকজনক কাণত ধৰাই উঠা বহা কৰাই চৰম শাস্তি প্ৰদান কৰে৷ ভৱিষ্যতে এনে দুষ্কাৰ্য কৰিলে পৰিস্থিতি বিষম হ’ব বুলি আৱাসীসকলে যুৱকজনক সকীয়াই দিয়ে৷