Logo
image

কাছাৰত ব্যাপক সংক্ৰমণ, শিলচৰ মেডিকেলৰ ৫ চিকিৎসক পজিটিভ

আমাৰ অসম, ৮ ডিচেম্বৰ ঃ ৰাজ্যৰ ক’ভিডৰ সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বৰাকত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে৷ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধীক্ষকসহ প্তজন চিকিৎসক ক’ভিডত আক্ৰান্ত হৈছে৷ এছ এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীৰ লগতে ডাঃ ঋতুৰাজ ঠাকুৰীয়া, ডাঃ প্ৰদীপ্ত ৰয় চৌধুৰী, ডাঃ প্ৰভাহিতা বৰুৱা আৰু ডাঃ অজিত দে ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই৷ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ নডেল বিষয়া ডাঃ ৰিতুৰাজ ঠাকুৰীয়া আৰু ডাঃ অজিত দে’ বৰ্তমান চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্তি হৈছে৷ অধীক্ষক ডাঃ স্বামী আৰু আন দুজন চিকিৎসকে হোম আইছ’লেশ্বনত আছে বুলি জানিব পৰা গৈছে৷ ইপিনে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৫০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত গুৱাহাটীতে ৭৬জনৰ দেহত পজিটিভ ধৰা পৰিছে৷ মঙলবাৰৰ দিনটোতো ৰাজ্যত এজন ক’ভিড ৰোগী মৃত্যু মুখত পৰে৷ আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড আই চি ইউত চিকিৎসাধীন হৈ আছে ৩১জন ৰোগী৷

অমিক্ৰন ঃ কেন্দ্ৰক সতৰ্কবাণী আই এম এৰ

আমাৰ অসমঃ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনত ২৩জন লোক আক্ৰান্ত হোৱাৰ পাছতেই সমগ্ৰ দেশতে আতংকই বিৰাজ কৰিছে৷ অমিক্ৰনৰ সংক্ৰমণ লৈ চিন্তিত হৈ পৰিছে দেশৰ চিকিৎসক-বিশেষজ্ঞসকল৷ যাৰ পৰিপ্ৰেক্ষিতত অমিক্ৰনক প্ৰতিৰোধৰ বাবে পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বন চমুকৈ আই এম এ৷ সৰ্বভাৰতীয় চিকিৎসক সংস্থাটোৱে অমিক্ৰনে দেশত তৃতীয় ঢৌৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰি ক’ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যকৰ্মী আৰু আন আন কৰ্মচাৰীসকলক অতিৰিক্ত তৃতীয়টো টিকা অৰ্থাৎ ব’ষ্টাৰ ড’জ দিয়াৰ বাবেও স্বাস্থ্য মন্ত্ৰণালয়ক আহ৩ান জনাইছে৷ অমিক্ৰনৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্যকৰ্মীৰ উপৰি যিসকল নাগৰিকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম সেইসকলকো তৃতীয় ড’জ প্ৰদানৰ আহ্বান জনাইছে আই এম এ৷ ইয়াৰ অন্যথা দেশৰ পৰিস্থিতি ভয়াৱহ হ’ব বুলিও সতৰ্ক কৰি দিছে চিকিৎসক সংস্থাটোৱে৷ একাধিক ৰাজ্যত যিহেতু অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে সেয়েহে ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলকো তাৎক্ষণিকভাৱে ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আই এম এ৷ দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞসকলে অমিক্ৰন দ্ৰুতগতিত সংক্ৰমণ হোৱাৰ তথ্য সদৰি কৰাত ভাৰতত প্ৰাৰম্ভিক অৱস্থাতে সতৰ্কতামূলক পদক্ষেপ নল’লে তৃতীয় ঢৌ আশংকা নিশ্চিত বুলিও সংস্থাটোৱে সকীয়াই দিছে৷ আনহাতে, ভাৰতৰ বৰ্তমানলৈ ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি শীঘ্ৰে প্ৰতিজন নাগৰিককে ভেক্‌চিনৰ দুয়োটা ড’জ নিশ্চিত কৰিবলৈও আহ্বান জনাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে৷