Logo
image

আজি ভিকী-কেটৰিনাৰ বহু অপেক্ষিত বিয়া

হনীমুনলৈ নাযায় ভিকী-কেটৰিনা! ধুমধামেৰে সংগীত অনুষ্ঠান সমাপ্ত

আমাৰ অসম, ৯ ডিচেম্বৰঃ দেশৰ সৰ্বাধিক চৰ্চিত বিয়াখন অনুষ্ঠিত হ’ব৷ ৯ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে জয়পুৰত ধুমধামেৰে অনুষ্ঠিত হ’ব বলীউডৰ জনপ্ৰিয় অভিনেতা ভিকী কৌশল আৰু জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাঈফৰ বিয়া৷ সাতটা বগা ঘোঁৰাই টনা ৰথত উঠি আহিব দৰা ভিকী৷ মঙলবাৰে নিশা ধুমধামেৰে অনুষ্ঠিত হৈ যায় সংগীত অনুষ্ঠান৷ ইয়াত উপস্থিত থাকে বলীউডৰ বহু আগশাৰীৰ তাৰকা৷ সকলোৱে সংগীত অনুষ্ঠানত মতলীয়া হৈ পৰে৷ দৰা-কইনাই নাছ-গানেৰে সকলোকে মুগ্ধ কৰি তোলে৷ ভিকী আৰু কেটৰিনাৰ অনুৰোধত জয়পুৰৰ ছাৱাই মাধপুৰ জিলাৰ ৭০০ বছৰীয়া পুৰণি ‘ছিক্স ছেঞ্চেছ হোটেল ফ’ৰ্ট’ক অতি ধুনীয়াকৈ সজাই-পৰাই তোলা হয়৷ বিবাহস্থলীৰ নিৰাপত্তাৰ দায়িত্বত আছে কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক তথা ছুপাৰষ্টাৰ ছলমান খানৰ দেহৰক্ষী ছেৰা আৰু তেওঁৰ ছিকিউৰিটী কোম্পানী৷ বুধবাৰে পৰম্পৰাগত ‘হালদি’ অনুষ্ঠানো ধুমধামেৰে অনুষ্ঠিত হয়৷ প্ৰকাশিত বাতৰি অনুসৰি বিয়াৰ পাছত ভিকী আৰু কেটৰিনাই হনীমুনৰ বাবে নাযায়৷ বিয়াৰ পাছতে দুয়ো পুনৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিব৷ লাইট-কেমেৰা-একশ্বনৰ মাজত দুয়ো ব্যস্ত হৈ পৰিব৷ গতিকে হনীমুনৰ বাবে যোৱাৰ অৱকাশ নাই দুয়োৰে৷ বৃহস্পতিবাৰে বিয়ালৈ অহা অতিথিৰ বাবে গোপন ‘কোড নেম’ ৰখা হৈছে৷ সেই নামেৰেই তেওঁলোকক মতা হ’ব৷ বিয়াৰ পাছতে আশীৰ্বাদ ল’বলৈ ভিকী-কেট যাব পাৰে এখন গৌশালালৈ৷ গৌশালাৰ ফালৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে৷ বিয়াত বংগৰ মিঠাইৰ পৰা আৰম্ভ কৰি ইটালীৰ কেক্‌ থাকিব৷ আহাৰত ৭০বিধ শাক-পাচলি থকাৰ বিপৰীতে আপ্যায়নত থাকিব ৭৬বিধ ফল-মূল৷