Logo
image

অসমৰ এজনো সাংবাদিকৰ পৰিয়ালে ক’ভিডত মৃত্যুৰ ক্ষতিপূৰণ নাপালে

আমাৰ অসম, ৯ ডিচেম্বৰঃ দিল্লীৰ দৰবাৰত অসমৰ মৰ্যাদা কি? দিল্লীৰ ৰাজপাটত বহাসকলে অসমীয়াক কি বুলি ভাবে? এনে বহু প্ৰশ্ন সততে উত্থাপিত হয় যদিও শেহতীয়াভাৱে এক বিশেষ প্ৰসংগত উত্থাপিত হৈছে এই হৃদয়বিদাৰক তথা ক্ষোভ মিশ্ৰিত প্ৰশ্ন৷ উল্লেখ্য, দেশৰ ১৯খন ৰাজ্যৰ ক’ভিডত মৃত্যু হোৱা সাংবাদিকৰ পৰিয়ালৰ বাবে বুধবাৰে এককালীন অৰ্থসাহায্য ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে৷ সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুঠ ১২৩গৰাকী সাংবাদিকৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬.১৫ কোটি টকা মুকলি কৰি দিয়াৰ কথাও ঘোষণা কৰে৷ যিসকল সাংবাদিকৰ পৰিয়াললৈ এককালীন অৰ্থসাহায্য প্ৰদান কৰাৰ দিহা কৰা হৈছে, সেইসকলৰ তালিকাও প্ৰকাশ কৰে চৰকাৰে৷ আশ্চৰ্যজনকভাৱে এই তালিকাত অসমৰ এজনো সাংবাদিকৰ নাম নাই৷ অথচ ক’ভিড মহামাৰীয়ে অসমৰ কেইবাজনো সাংবাদিকৰ প্ৰাণ কাঢ়ি নিছিল৷ নতুন দিল্লীত কৰ্মৰত অসমৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱা আৰু নীলাক্ষি ভট্টাচাৰ্যৰ উপৰি গুৱাহাটীৰ প্ৰতিষ্ঠিত সাংবাদিক আয়ুষ্মান দত্তৰ ক’ভিডত মৃত্যু হৈছিল৷ ধনেশ্বৰ ৰাভা, শিলচৰৰ জ্যেষ্ঠ সাংবাদিক অসীম দত্ত, আকাশবাণীৰ বাতৰি পৰিৱেশ গোলাপ শইকীয়া, মৰাণৰ সাংবাদিক যদু চেতিয়া, ছয়গাঁৱৰ জ্যেষ্ঠ সাংবাদিক শিৱচৰণ কলিতা, নগাঁৱৰ সাংবাদিক হোমেশ্বৰ হীৰা, তন্ময় চক্ৰৱৰ্তী, মাণিকলাল দাস, গৌতম দাসকে ধৰি অসমৰ কেইবাজনো সাংবাদিকৰ ক’ভিডত মৃত্যু হৈছিল৷ আনকি ক’ভিডজনিত জটিলতাৰ বাবে অসমে হেৰুৱাবলগীয়া হৈছিল প্ৰখ্যাত সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি আৰু ড॰ লক্ষ্মীনন্দন বৰাকো৷ নতুন দিল্লীস্থিত বিশিষ্ট সাংবাদিক নীলাক্ষি ভট্টাচাৰ্যৰ মৃত্যু হৈছিল চলিত বৰ্ষৰ ৩০ এপ্ৰিলত৷ ভট্টাচাৰ্যৰ স্বামী জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু হৈছিল ৰ মে’ত৷ একেদিনাই মৃত্যু হৈছিল নতুন দিল্লীস্থিত আন এজন সাংবাদিক অনিৰ্বাণ বৰাৰ৷ জিতেন্দ্ৰ দেৱাত্মা নামৰ সাংবাদিকজনৰ মৃত্যু হৈছিল যোৱা বছৰৰ ২১ অক্টোবৰত৷ কেন্দ্ৰীয় চৰকাৰে অৰ্থসাহায্য আগবঢ়োৱা ক’ভিডত মৃত সাংবাদিকৰ তালিকাত অসমৰ সাংবাদিকৰ নাম অন্তৰ্ভুক্ত নোহোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সাংবাদিক মহলত সৃষ্টি কৰিছে ক্ষোভ আৰু অসন্তুষ্টি৷ গুৱাহাটী প্ৰেছ ক্লাবে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ইতিমধ্যে এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰমন্ত্ৰী অনুৰাগ সিং ঠাকুৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু প্ৰেছ ইনফৰ্মেশ্বন ব্যুৰ’ৰ কাৰ্যালয়লৈ৷ প্ৰেছ ক্লাবৰ প্ৰশ্ন– ক’ভিডত মৃতৰ তালিকাত অসমৰ সাংবাদিকসকলৰ নাম আছেনে নাই? সাংবাদিকৰ পৰিয়ালে ন্যায় পাবনে নাপায়? কৰ্মজীৱনত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা সাংবাদিকসকল মৃত্যুৰ পাছতো অৱহেলিত হৈয়েই ৰ’ব নেকি?