Logo
image

আনে নহয়, তৰুণ গগৈয়েহে হেঁচা দিছিল ন্যায়াধীশ গগৈক

আমাৰ অসম, ৯ ডিচেম্বৰঃ ‘মই যেতিয়া দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লৈছিলোঁ, তেতিয়া প্ৰথমেই মোৰ কাৰ্যালয়ত থকা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰে সংযোজিত হটলাইন আঁতৰাই দিছিলোঁ৷ মোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতত কোনোবাই কল কৰিছিল৷ কিন্তু পাছত ইণ্টেলিজেন্স ব্যুৰ’ৰ পৰা জানিব পাৰিছিলোঁ যে সেয়া ফেক কল আছিল৷ মোৰ মুখ্য ন্যায়াধীশৰ কাৰ্যকালত দুজন মানুহে মোক হেঁচা দিছিল৷ এজন আছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আনজন আছিল এজন বিষয়া৷ সেই বিষয়াজনে এতিয়াও চাকৰি কৰি আছে৷ মোক বিষয়াজনৰ নাম নুসুধিব৷ অন্যথা চৰকাৰে সেই বিষয়াজনক আঁতৰাই দিব৷ এনআৰচিৰ কাম বিলম্বিত কৰিবৰ বাবে তৰুণ গগৈয়ে মোক হেঁচা দিছিল৷’ –এই বিস্ফোৰক ভাষ্য দেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য ৰঞ্জন গগৈৰ৷ বুধবাৰে নতুন দিল্লীৰ নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰঞ্জন গগৈৰ আত্মজীৱনী ‘জাষ্টিচ ফৰ দ্য জাজ’ৰ উন্মোচনী অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত ৰঞ্জন গগৈয়ে এইদৰে কয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কেইবাগৰাকী প্ৰাক্তন মন্ত্ৰী, সাংসদ, উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু জ্যেষ্ঠ অধিবক্তাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত আছিল৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও উপস্থিত আছিল৷ গ্ৰন্থখনত ৰঞ্জন গগৈৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ ঘটনাৱলীৰ লগতে মুখ্য ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰা কালছোৱাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰা হৈছিল৷ ৰূপা পাব্লিকেশ্বনে প্ৰকাশ কৰা ৰঞ্জন গগৈৰ আত্মজীৱনীৰ বিষয়বস্তুক লৈ ইণ্ডিয়া টুডে’ গ্ৰুপৰ নিউজ ডিৰেক্টৰ ৰাহুল কানৱালৰ সৈতে হোৱা কথোপকথনত ৰঞ্জন গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়৷ গগৈৰ মতে, অসমত কোনেও ৰাষ্ট˜ীয় নাগৰিকপঞ্জী নিবিচাৰে৷ সেয়া কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক৷ পেঞ্চন সংক্ৰান্তীয় এটা গোচৰত তৰুণ গগৈয়ে ৰঞ্জন গগৈৰ মাতৃক সাক্ষাৎ কৰি ‘ফেভাৰ’ বিচাৰিছিল বুলিও ৰঞ্জন গগৈয়ে উল্লেখ কৰে৷ অৱশ্যে ৰঞ্জন গগৈৰ মাতৃয়ে সংশি¡ষ্ট গোচৰটো নিষ্পত্তি নোহোৱালৈকে তৰুণ গগৈয়ে বিচৰা ‘ফেভাৰ’ সন্দৰ্ভত ৰঞ্জন গগৈক অৱগত কৰোৱা নাছিল৷ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰগ্ৰহণ কৰাৰ পাছত ৰাজ্যসভালৈ যোৱা প্ৰসংগত ৰঞ্জন গগৈয়ে কয়– ‘ইয়াক লৈ মোৰ কোনো অপৰাধবোধ নাই৷ কাৰণ ৰাজ্যসভাৰ এজন মনোনীত সদস্যৰূপে মই চৰকাৰৰ সপক্ষে বা বিপক্ষে মতামত দাঙি ধৰিব পাৰোঁ৷ ইয়াত অপৰাধবোধৰ কথা কি থাকিব পাৰে?’ ইফালে, মুখ্য ন্যায়াধীশৰ কাৰ্যকালত উত্থাপিত যৌন কেলেংকাৰিৰ অভিযোগ সন্দৰ্ভত ৰঞ্জন গগৈয়ে কয় যে সমগ্ৰ বিষয়টোক লৈ উচ্ছতম ন্যায়ালয়ে আভ্যন্তৰীণ তদন্ত কৰিছিল আৰু উত্থাপিত অভিযোগসমূহ ভিত্তিহীন আছিল৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ভুৰি ভুৰি প্ৰশংসা কৰি ৰঞ্জন গগৈয়ে কয় যে আজিৰ দিনত শৰ্মাৰ দৰে ৰাজনীতিকৰ প্ৰয়োজন আছে৷ ৰাজনীতিক নহ’লেও উকীল হিচাপে শৰ্মাই বিশেষ সফলতা অৰ্জন কৰিব পাৰিলেহেঁতেন বুলিও তেওঁ সহাস্য মন্তব্য কৰে৷ লক্ষণীয়ভাৱে প্ৰকাশৰ পূৰ্বেই ৰঞ্জন গগৈৰ আত্মজীৱনীক লৈ সৃষ্টি হৈছে মহাবিতৰ্কৰ৷ ৰূপা পাব্লিকেশ্বনে গগৈৰ আত্মজীৱনী প্ৰকাশ পোৱাৰ বিষয়ে উল্লেখ কৰি টুইট কৰাৰ লগে লগেই দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অসংখ্য লোকে বিভিন্ন প্ৰসংগত ৰঞ্জন গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিভিন্ন গোচৰৰ ক্ষেত্ৰত ৰঞ্জন গগৈয়ে গ্ৰহণ কৰা ভূমিকা আৰু তেওঁ বা তেওঁৰ নেতৃত্বাধীন বিচাৰপীঠে দিয়া ৰায়ক লৈ অসংখ্য লোকে বিৰূপ মন্তব্য কৰে৷ প্ৰকাশৰ পূৰ্বেই বিতৰ্কৰ তুংগত উঠা ৰঞ্জন গগৈৰ বহুচৰ্চিত আত্মজীৱনীয়ে ব্যৱসায়িক ক্ষেত্ৰত কেনে ধৰণৰ সফলতা লাভ কৰে সেয়া সময়েহে ক’ব৷