Logo
image

আফস্পা বাতিলৰ দাবীত তোলপাৰ মহানগৰ

‘কা’ আমি নামানো, পুনৰ হুংকাৰ আছুৰ

আমাৰ অসম, ১০ ডিচেম্বৰ ঃ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন [নেছ’]ৰ আহ্বান ক্ৰমে আজি গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত নাগালেণ্ডৰ মন জিলাৰ আতিংগাঁৱত ১৪জন খিলঞ্জীয়া লোকক সামৰিক বাহিনীয়ে বৰ্বৰভাৱে হত্যা কৰাৰ প্ৰতিবাদত তথা দোষীৰ কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা বাতিলৰ দাবীত  বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটীৰ দীঘলীপুখুীৰপাৰৰ বাকৰিত ছাত্ৰ সন্থাৰ সদস্যসকলৰ সৈতে নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল, মণিপুৰ, মিজোৰামকে ধৰি উত্তৰ-পূৰ্বৰ বিভিন্ন ৰাজ্যৰ গুৱাহাটীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে স্বতস্ফুৰ্তভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে৷ লক্ষণীয়ভাৱে এই বিক্ষোভৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো নেতাই স্পষ্ট কৰি দিয়ে যে ‘কা’বিৰোধী আন্দোলন পুনৰ আৰম্ভ হ’ব আৰু অসমৰ ৰাইজে কোনো কাৰণতে ‘কা’ মানি নলয়৷ আছুৰ এই হুংকাৰে স্বাভাৱিকতে বিশেষ তাৎপৰ্য বহন কৰিছে৷ আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা উদ্দীপজ্যোতি গগৈ সমন্বিতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়–‘নাগালেণ্ডৰ মন জিলাৰ আতিংগাঁৱত সামৰিক বাহিনীয়ে বৰ্বৰভাৱে ১৪জনকৈ নিৰীহ খিলঞ্জীয়াক হত্যা কৰাৰ ঘটনাত জড়িতসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব৷ উত্তৰ-পূৰ্বাঞ্চলত বলৱৎ হৈ থকা ক’লা আইন আফস্পা বাতিল হ’বই লাগিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে শান্তি বিচাৰে৷ যিহেতু কেন্দ্ৰীয় চৰকাৰে নিৰীহ জনসাধাৰণক হত্যা কৰি শান্তি ভংগ কৰিছে৷ গতিকে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি নিবিচাৰে৷ নাগালেণ্ডৰ জনসাধাৰণ অকলশৰীয়া নহয়৷ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ নাগালেণ্ডৰ জনসাধাৰণৰ লগত আছে৷ ন্যায় নোপোৱালৈকে উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত সংগ্ৰাম অব্যাহত থাকিব– এয়া কেন্দ্ৰীয় চৰকাৰলৈ কঠোৰ সকীয়নি৷’ প্ৰতিবাদকাৰী ছাত্ৰসকলে আফস্পা বাতিল কৰক, আছু ষ্টেণ্ড উইথ নাগাছ অৱ মন ডিষ্ট্ৰিক্ট নাগালেণ্ড, আছাম ষ্টেণ্ড উইথ নাগালেণ্ড, পানিছ ড’ছ ইনভল্‌ভ ইন বাৰ্বাৰিক কিলিং ইন নাগালেণ্ড, ষ্টপ নেগ্‌লেক্টিং নৰ্থ-ইষ্ট, উই ৱাণ্ট পিচ ইন নৰ্থ-ইষ্ট, ষ্টপ কিলিং ইন’চেণ্ড পিপল, ৰিপিল আফস্পা– ইত্যাদি উত্তপ্ত শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য, নেছ’ৰ আহ৩ানত আজি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানী চহৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত, নগা ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত নাগালেণ্ডৰ ক’হিমাত, খাচী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থাৰ উদ্যোগত মেঘালয়ৰ শ্বিলঙত, মিজো জিৰলাইপ’ল চমুকৈ এমজেদপিৰ উদ্যোগত মিজোৰামৰ আইজলত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত ইটানগৰত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত আগৰতলাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ গুৱাহাটীৰ প্ৰতিবাদস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নগা ছাত্ৰ ফেডাৰেশ্বনৰ গুৱাহাটীৰ সভাপতি জিভি কিৱি হেছ’, নাগা খ্ৰীষ্টিয়ান ফেল’শ্বিপ গুৱাহাটীৰ পিটাৰ থং, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ গুৱাহাটীৰ সভাপতি ৰাজেশ ৰাং, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্বনৰ গুৱাহাটীৰ সভাপতি মাইকেল দেৱবাৰ্মা, সাধাৰণ সম্পাদক সুচেনজিৎ দেৱবাৰ্মা, ইষ্টাৰ্ন নাগা ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি তথা মন জিলাৰ এম ফৌ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ গুৱাহাটীৰ নেতৃবৰ্গই বক্তব্য দাঙি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে৷