Logo
image

গুগলৰ পৰা প্ৰায় ৪ লাখ টকা পুৰস্কাৰ বঙাইগাঁৱৰ ৰণি দাসক

আমাৰ অসম ,১০ ডিচেম্বৰঃ কেইমাহমান পূৰ্বে এটা অচিনাকী ভাইৰাছৰ দ্বাৰা গুগল অপাৰেটিং ছীষ্টেম সম্পূৰ্ণৰূপে আক্ৰান্ত হৈছিল৷ এই ভাইৰাছৰ প্ৰভাৱত এণ্ড্ৰয়ডৰ ১০ নম্বৰ ভাৰ্ছনৰ তলৰ সকলোবোৰ মোবাইলৰ কেমেৰা, মাইক্ৰ’ফোন, লোকেশ্বন আদি যিকোনো হেকাৰে অতি সহজে মোবাইলৰ গৰাকীৰ অজ্ঞাতসাৰে ব্যৱহাৰ কৰিব পৰা হৈ পৰিছিল৷ ইয়াৰ ফলত গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গুগুল কতৃৰ্পক্ষ তীব্ৰ প্ৰত্যাহ৩ানৰ সন্মুখীন হয়৷ প্ৰথম অৱস্থাত গুগল কতৃৰ্পক্ষ এই সন্দৰ্ভত অৱগত হোৱা নাছিল৷ কিন্তু অসমৰ এজন যুৱকে গুগলক মেইলযোগে এই মাৰাত্মক ভাইৰাছটোৰ বিষয়ে অৱগত কৰে৷ বিষয়টো অৱগত হোৱাৰ পাছতে গুগল কতৃৰ্পক্ষই এই মাৰাত্মক ভাইৰাছবিধক নিজৰ অপাৰেটিং ছীষ্টেমৰ পৰা আঁতৰ কৰিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত ৰাখে যদিও বহু চেষ্টাৰ পাছতো নিজৰ অপাৰেটিং ছীষ্টেমৰ পৰা এই অচিনাকী ভাইৰাছবিধ আঁতৰ কৰিবলৈ সক্ষম নহ’ল৷ পাছত ভাইৰাছটো সন্দৰ্ভত অৱগত কৰোৱা সম্প্ৰতি বেংগালুৰুৰ ইডাৰ লেব নামৰ প্ৰতিষ্ঠানত চিকিউৰিটী ইঞ্জিনিয়াৰৰূপে কৰ্মৰত বঙাইগাঁৱৰ নতুনপাৰাৰ ৰণি দাস নামৰ যুৱকজনৰ তথ্যৰ ওপৰত ভিত্তি কৰি গুগলৰ বিশেষজ্ঞসকলে ভাইৰাছবিধৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে৷ চলিত বৰ্ষৰ মে’ মাহত ৰণি দাসে গুগলক ভাইৰাছবিধৰ সবিশেষ অৱগত কৰিছিল৷ তাৰ পাছত ৰণী দাসৰ প্ৰত্যক্ষ সহযোগত গুগলৰ বিশেষজ্ঞসকলে প্ৰায় ছমাহ ধৰি চলোৱা অভিযানৰ অন্তত এই অচিনাকী ভাইৰাছবিধক তেওঁলোকৰ অপাৰেটিং ছীষ্টেমৰ পৰা আঁতৰ কৰিবলৈ সক্ষম হয়৷ ছমাহে ভাইৰাছৰ বিৰুদ্ধে চলোৱা নিৰন্তৰ যুদ্ধৰ পাছত নিজৰ ছীষ্টেম সুৰক্ষিত কৰিবলৈ সক্ষম হোৱাত গুগল কতৃৰ্পক্ষই স্বস্তিৰ নিশ্বাস পেলায়৷ এই সহায়ৰ বাবে গুগল কতৃৰ্পক্ষই ৮ ডিচেম্বৰত ৰণি দাসলৈ ধন্যবাদসূচক মেইল প্ৰেৰণ কৰাৰ লগতে ৫ হাজাৰ ডলাৰৰ এককালীন উপহাৰ প্ৰদানৰ সিদ্ধান্তৰ কথা অৱগত কৰে৷