Logo
image

মহঙা দিনতো হো-হোৱাই নামিছে কাগজ কলৰ দাম

আমাৰ অসম, ১০ ডিচেম্বৰ ঃ পানীৰ দৰত বিক্ৰী হ’ব কাগজ কল৷ ৰাজ্যৰ অন্যতম দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ ক’ল পুনৰজীৱিত কৰাৰ পৰিৱৰ্তে যিকোনো প্ৰকাৰে কাগজ কলৰ ভূমি বিক্ৰীৰ বাবে চেষ্টা যেন ক্ৰটি কৰা নাই কেন্দ্ৰ চৰকাৰে৷ নেশ্বনেল কোম্পানী ল’ ট্ৰিবিউনেলে কাগজ কল দুটা পুনৰুজীৱিত কৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰণেৰে নিলাম কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও বাস্তৱত লিকুইডেটৰে কাগজ কলৰ ভূমি সম্পত্তি খণ্ড খণ্ড কৰি বিক্ৰীৰহে চেষ্টা চলাইছে৷ যাৰ বাবে লিকুইডেটৰ কুলদীপ বাৰ্মাই মাত্ৰ দুসপ্তাহৰ ভিতৰতে কাগজ কল দুটা বিক্ৰীৰ বাবে নিলামৰ বিজ্ঞাপন জাৰি কৰিছে৷ আপুনি শুনিলে আঁচৰিত যেন লাগিলেও দুসপ্তাহৰ ভিতৰতে লিকুইডেটৰে কাগজ কলৰ মূল্য পূৰ্বৰ তুলনাত ৭৮-৫৯ কোটি টকা হ্ৰাস কৰিলে৷ আন আন সম্পত্তি বাদ দি কেৱল দুয়োটা কলৰ ১৫৮ৰ একৰ বিশাল ভূমিৰ মূল্য ৭০ কোটি টকা হ্ৰাস কৰিছে৷ কি উদ্দেশ্যেৰে বিশাল তৈল ভাণ্ডাৰ থকাৰ পাছতো কাগজ কলৰ ভূমিৰ মূল্য হ্ৰাস কৰিছে, সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ কিয়নো ইতিপূৰ্বে অসম চৰকাৰে নূ্যনতম ৩০০ কোটি টকা মূল্যত কাগজ কলৰ ভূমি ক্ৰয় কৰাৰ বাবে লিকুইডেটৰলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অৱশ্যে অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ পৰিৱৰ্তে কাগজকলৰ ভূমিত ঔদ্যোগিক এলেকালৈ হস্তান্তৰ কৰাহে পৰিকল্পনা কৰিছে৷ উল্লেখ্য, লিকুইডেটৰ কুলদীপ বামাই ২৫ নৱেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰি কাগজ কলৰ ভূমি সম্পত্তিৰ মূল্য ৭৮৬.১৮ কোটি টকা নিৰ্ধাৰণ কৰি নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ ৩ ডিচেম্বৰৰ ভিতৰত আগ্ৰহী সকলক আবদেনৰ বাবে সময় সীমাও নিৰ্ধাৰণ কৰি দিছিল৷ কিন্তু কাগজ  কল ক্ৰয়ৰ বাবে কোনো আগ্ৰহী নোহোৱাৰ অজুহাতেৰে পুনৰ ৯জানুৱাৰীত নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদীপ বাৰ্মাই৷ অৱশ্যে এইবাৰৰ বিজ্ঞাপনত কাগজ কলৰ ভূমি সম্পত্তিৰ মূল্য ৭০৭.৫৯ কোটি টকালৈ হ্ৰাস কৰিলে৷ অৰ্থাৎ মাত্ৰ দুসপ্তাহত কাগজ কলৰ মূল্য হ্ৰাস পালে ৭৮.৫৯ কোটি টকা৷ পূৰ্ব নিলামৰ বিজ্ঞাপনত নগাঁও কাগজ কলৰ ৫৭৩ একৰ ভূমি আৰু কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমিৰ লগতে ডিমা-হচাওৰ ১০ কঠা ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৭০০ কোটি টকা৷ কিন্তু বৃহস্পতিবাৰে প্ৰকাশ কৰা বিজ্ঞাপনত উক্ত, ভূমিৰ মূল্য ৬৩০ কোটিলৈ হ্ৰাস কৰিলে৷ আনহাতে, পূৰ্বতে গুৱাহাটীৰ গেম ভিলেজত থকা দুটা ফ্লেটৰ মূল্যৰ ১.০৪ কোটি নিৰ্ধাৰণ কৰিছিল এইবাৰ ফ্লেট দুটাৰ মূল্য ৯৪ লাখ টকালৈ হ্ৰাস কৰিলে৷ আনহাতে মুম্বাইস্থিত এটা আৱাসিক ফ্লেটৰ মূল্যত ৰ.১০ কোটি টকাৰ পৰা ৰ কোটি টকালৈ হ্ৰাস কৰিছে৷ ইপিনে কলকতাৰ চল্টলেকত থকা হাউচিং কলনীৰ মূল্য পূৰ্বে বিজ্ঞাপনত ৫৮.৫০ কোটি টকা ৰাখিছিল যদিও এইবাৰ ইয়াৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫২.৬৫ কোটি টকা৷ একেদৰে পূৰ্বে দিল্লীস্থ কাৰ্যালয়ৰ মূল্য ১০.২১ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও ইয়াৰ মূল্যও ৯.২০ কোটি টকালৈ হ্ৰাস কৰিছে৷ নাগালেণ্ড পেপাৰ কোম্পানীত থকা ১৫.৩৩ কোটি টকাৰ শ্বেয়াৰৰ মূল্যত ১৩.৮০ কোটি টকালৈ হ্ৰাস কৰিছে৷ লিকুইডেটৰে অহা ১৬ ডিচেম্বৰৰ ভিতৰত আগ্ৰহী সকলে আবেদন কৰাৰ সময়সীমাত চুড়ান্ত কৰি দিছে৷ অৱশ্যে এইবাৰো পূৰ্বৰ দৰে কোনো নিলামত অংশ নল’লে হয়তো পানীৰ দৰতে বিক্ৰী কৰিব কাগজ কলত বিশাল ভূমি সম্পত্তি৷