Logo
image

আত্মজীৱনীত সঁচা কোৱা নাই ‘ন্যায়াধীশে’ ক্ষুব্ধ গৌৰৱ গগৈ

আমাৰ অসম,১০ ডিচেম্বৰ ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম বিলম্ব কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হেঁচা দিয়া বুলি দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৰা বিস্ফোৰক মন্তব্যৰ পিছতে প্ৰাক্তন মুখ্য ন্যায়াধীশজনক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ সাংসদ পুত্ৰ তথা লোকসভাৰ বিৰোধী দলৰ  উপ-দলপতি গৌৰৱ গগৈয়ে৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনি ‘জাষ্টিচ ফৰ দ্যা জাজ’ৰ উন্মোচনী অনুষ্ঠানত কৰা এই বক্তব্য সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় সঁচা কথাবোৰ সকলোৱে জানে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কংগ্ৰেছ চৰকাৰে আনিছিল৷ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে এন আৰ চিৰ সকলো পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল৷ বিজেপি চৰকাৰে কেৱল ভেৰিফিকেশ্যনহে কৰিছিল৷ এন আৰ চি যদিও ৰাষ্ট্ৰীয় প্ৰকল্প কিন্তু সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এন আৰ চিৰ বাবে ড॰ মনমোহন সিং চৰকাৰৰ পৰা পুঁজি মোকলাই আনিছিল৷ সেই পুঁজিৰ দ্বাৰা বিজেপিয়ে সম্পূৰ্ণ কৰিছিল এন আৰ চিৰ কাম৷ কংগ্ৰেছে এন আৰ aচিক সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল৷ কিন্তু বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত সমগ্ৰ প্ৰক্ৰিয়াটোত বেমেজালি সৃষ্টি কৰিলে৷ বিজেপিয়েহে প্ৰতীক হাজেলাৰ দোষ খুচুৰি থাকে৷ বুধবাৰে নতুন দিল্লীৰ নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাংব্ৰেৰীৰ প্ৰেক্ষাগৃহত নিজৰ আত্মজীৱনী ‘জাষ্টিচ ফৰ দ্যা জাজ’ উন্মোচনী অনুষ্ঠানত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে  অভিযোগ কৰি কৈছিল-মোৰ মুখ্য ন্যায়াধীশৰ কাৰ্যকালত দুজন মানুহে মোক হেঁচা  দিছিল৷ এজন আছিল অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু আনজন আছিল এজন বিষয়া৷ এন আৰ চিৰ কাম বিলম্বিত কৰিবৰ বাবে তৰুণ গগৈয়ে মোক হেঁচা দিছিল৷ পেঞ্চন সংক্ৰান্তীয় এটা গোচৰত তৰুণ গগৈয়ে মোৰ মাতৃক সাক্ষাৎ কৰি ‘ফেভাৰ’ বিচাৰিছিল৷ তৰুণ গগৈ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্যক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

তৰুণ গগৈ জীয়াই থকা অৱস্থাত নক’লে কিয় ৰঞ্জন গগৈয়ে

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ ঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া লেহেমীয়া কৰিবলৈ হেঁচা দিছিল বুলি দেশৰ উচ্ছতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰাত মহাবিতৰ্কৰ সূত্ৰপাত হৈছে৷ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশজনৰ এই বক্তব্যত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰশ্ন উত্থাপন কৰিছে –তৰুণ গগৈ জীয়াই থকা অৱস্থাত তেওঁ এই কথা কিয় গোপনে ৰাখিছিল? ইয়াৰ অন্তৰালত থকা ৰহস্য প্ৰাক্তন মুখ্য ন্যায়াধীশজনে ৰাজহুৱা কৰাৰ প্ৰয়োজন আছে৷ তেওঁ কয়, “ৰঞ্জন গগৈয়ে আত্মজীৱনীত এনে তথ্য সদৰী কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ৷ কিন্তু উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশজনৰ এনে বক্তব্যই আচৰিত কৰিছে৷” তেওঁ লগতে কয়, “উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে, এজন অসম সন্তান হিচাপে ৰঞ্জন গগৈক সন্মান কৰোঁ৷ তেখেতৰ পিতৃকো সন্মান কৰিছিলোঁ৷ কিন্তু তেখেতে অসমৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰীজনৰ বিষয়ে মৃত্যুৰ পাছত এনে মন্তব্য কৰাত আশ্বৰ্যাম্বিত হৈছোঁ৷” গোস্বামীয়ে লগতে কয় যে ৰঞ্জন গগৈয়ে ৰাম মন্দিৰৰ ৰায়দান কৰা আৰু ৰাফেল কেলেংকাৰী ৰায়দান কৰাৰ সময়তে সন্দেহ সৃষ্টি হৈছিল৷ তেওঁ সাংসদ হোৱাৰ পাছতো বু বু বা বা হৈছিল৷ সেইজন ৰঞ্জন গগৈয়ে প্ৰকাশ কৰা এনে তথ্য জনসাধাৰণে কেতিয়াও গ্ৰহণ নকৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুৰ পাছত এই  তথ্য সদৰী কৰাত ইয়াৰ সত্যাসত্য নিৰ্ণয় কৰাৰো কোনো অৱকাশ নাথাকিল বুলি তেওঁ প্ৰকাশ কৰে৷

কেন্দ্ৰত হিটলাৰী শাসন, অসমত ল’ৰাৰজাৰ

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ নেতৃত্বত দিল্লীৰ পৰা অহা নাগালেণ্ডৰ দায়িত্বত থকা কংগ্ৰেছ নেতা অজয় কুমাৰ, অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈক নাগালেণ্ডৰ মন জিলাৰ অটিং বস্তিলৈ যোৱাত যোৰহাট জিলা প্ৰশাসনে বাধা প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰ আৰু প্ৰশাসনৰ এই কাৰ্যক ফেচীবাদী আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে৷ কংগ্ৰেছ নেতাজনে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি ‘আমাৰ অসম’ক কয় যে নাগালেণ্ডত আছাম ৰাইফল্‌ছে বৰ্বৰভাৱে ১৪জন নিৰীহ শ্ৰমিকক গুলীয়াই হত্যাক কৰা ঘটনাৰ খবৰ ল’বলৈ এই উচ্ছ স্তৰীয় প্ৰতিনিধি দলটোক কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে প্ৰেৰণ কৰিছিল৷ কিন্তু গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জন প্ৰতিনিধিৰ দলটোক এনেদৰে যোৰহাটৰ বিমান বন্দৰত আবদ্ধ কৰি ৰাখি বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিলে৷ বিজেপি চৰকাৰে নাগালেণ্ডৰ প্ৰকৃত সত্যক লুকুৱাই ৰখাৰ বাবে এনেদৰে প্ৰতিনিধি দলটোক আবদ্ধ কৰি ৰখা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰকৃত সত্যক সদায় ঢাকি ৰাখিব নোৱাৰে৷ সত্য এদিন পোহৰলৈ আহিবই৷ তেওঁ লগতে কয় যে সম্প্ৰতি কেন্দ্ৰত হিটলাৰী শাসন চলিছে আৰু অসমত ল’ৰা ৰজাৰ শাসন চলিছে৷ এনে শাসন দীৰ্ঘদিনলৈ বৰ্তাই ৰখা সম্ভৱ নহয় বুলিও কংগ্ৰেছ নেতাজনে প্ৰকাশ কৰে৷ ইফালে কেন্দ্ৰীয় নেতাকেইজনক এনেদৰে যোৰহাটৰ বিমান বন্দৰত আবদ্ধ কৰি ৰখা ঘটনা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছে আলোচনা কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও কাৰ্যকৰী সভাপতিজনে জানিবলৈ দিয়ে৷