Logo
image

বিজেপি ত্যাগ কল্পনা পাটোৱাৰীৰ, সৰভোগৰ পৰা ৰাজভোগ কৰাৰ উদ্দেশ্যৰে অগপত যোগদান

আমাৰ অসম, ০৯ অক্টোবৰঃ বিজেপি ত্যাগ কৰিলে জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীয়ে। ২০১৮ চনত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল কণ্ঠশিল্পী গৰাকীয়ে। মাত্ৰ দুবছৰতে বিজেপি আমুৱালে কল্পনা পাটোৱাৰীৰ। শুকুৰবাৰে জাতীয়তাবাদৰ লক্ষ্যৰে অগপত যোগদান কৰে শিল্পী গৰাকীয়ে। যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফনীভূষন চৌধুৰীকে ধৰি যথেষ্ট সংখ্যক অগপ কৰ্মী। যোগদান কৰি কল্পনা পাটোৱাৰীয়ে আগন্তুক নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা টিকট বিচৰাৰ কথা প্ৰকাশ কৰে। লগতে তেঁও কয়, টিকট নাপালে অন্য কথা ভাবিম।

অনুষ্ঠানটোত উপস্থিত থকা অগপৰ সভাপতি অতুল বৰাই কল্পনা পাটোৱাৰীৰ যোগদান প্ৰসংগত কয় যে, মই এশ সিংহৰ শক্তি পোৱা যেন লাগিছে।