Logo
image

শ্বহীদ হ’ল অসমীয়া ভাষা

এপিএছচিৰ পৰা

অসমীয়া আঁতৰালে চৰকাৰে

ন্যায়ালয়ৰ দ্বাৰা ছীল-মোহৰ

আমাৰ অসম, ১১ ডিচেম্বৰঃ  অসমীয়া নাজানিলেও অসম লোকসেৱা আয়োগৰ চাকৰি পোৱাৰ বাট অৱশেষত প্ৰশস্ত হ’ল৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তত শুকুৰবাৰে ছীল-মোহৰ মাৰি দিলে ন্যায়ালয়ে৷ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আয়োগৰ পৰীক্ষাৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷ আগন্তুক সময়ছোৱাত অসমীয়া লিখিব বা পঢ়িব নজনা প্ৰাৰ্থীও অৱতীৰ্ণ হ’ব পাৰিব আয়োগৰ পৰীক্ষাত৷ কেৱল অৱতীৰ্ণ হোৱাই নহয়, আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ অথচ অসমীয়া লিখিব পঢ়িব  নজনা প্ৰাৰ্থীয়ে চলাব পাৰিব ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ এই ব্যৱস্থাই মাতৃভাষা অসমীয়াৰ প্ৰতি চৰকাৰী শাসন ব্যৱস্থাৰ মোক্ষম আঘাত  বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যবাসীৰ প্ৰতিবাদৰ পিছতো নিজৰ সিদ্ধান্তত অটল থকা চৰকাৰৰ এই সিদ্ধান্ত অৱশেষত ন্যায়ালয়ত মানি ল’লে৷ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ বাট সম্পূৰ্ণৰূপে প্ৰশস্ত হৈ পৰে৷ উল্লেখ্য, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিয়ম ২০১৯ চনত সংশোধন কৰা হয়৷ এই সংশোধনীত কোৱালিফাইড লেংগুৱেজ পেপাৰ এখন সংযোগ কৰা হয়৷ অৱশ্যে এই নতুন ব্যৱস্থাৰ পৰা তিনিখন জিলাক ৰেহাই দিয়া হৈছিল৷ ২০২০ চনত এই নিয়ম পুনৰ সংশোধন কৰা হয়৷ এই সংশোধনীত আৰু ৩খন জিলাক এই নিয়মৰ পৰা ৰেহাই দিয়া হয়৷ মুঠতে ৬খন জিলাক লেংগুৱেজ পেপাৰৰ পৰা ৰেহাই দিয়া হয়৷ ৰেহাই পোৱা ৬খন জিলাৰ প্ৰাৰ্থীয়ে ৩০০ নম্বৰৰ পৰীক্ষা কমকৈ দিব লাগিব আৰু নতুন নিয়মৰ পৰা ৰেহাই নোপোৱা জিলাসমূহৰ প্ৰাৰ্থীয়ে ৩০০ নম্বৰৰ পৰীক্ষা বেছিকৈ দিবলগীয়া ব্যৱস্থা আৰম্ভ হয়৷ লেংগুৱেজ পেপাৰৰ পৰা ৰেহাই নোপোৱা জিলাৰ প্ৰাৰ্থীয়ে যদি এই পেপাৰত অনুত্তীৰ্ণ হয় তেন্তে পৰীক্ষাৰ পৰা বাহিৰ হৈ যাব লাগিব৷ কিন্তু এই নিয়মৰ পৰা ৰেহাই পোৱা ৬খন জিলাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ ২০১৯ আৰু ২০২০ চনৰ চৰকাৰৰ এই নিয়মক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰ তৰে একাংশ ক্ষুব্ধ প্ৰাৰ্থীয়ে৷  ইমান দিনে গোচৰটোৰ শুনানি চলি আছিল৷ আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ন্যায়ালয়ক জনোৱা হয় যে ২৪ নৱেম্বৰত কেবিনেট বৈঠকত আগন্তুক জানুৱাৰী মাহত হ’বলগীয়া মেইনছ পৰীক্ষাত কোনো প্ৰাৰ্থীয়ে লেংগুৱেজ পেপাৰৰ পৰীক্ষা দিব নালাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই নিয়ম পূৰ্বতে ৰেহাই নোপোৱা জিলাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব৷ ন্যায়ালয়ে চৰকাৰৰ এই সিদ্ধান্তৰ ভিত্তিত জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেইনছ পৰীক্ষাত যাতে লেংগুৱেজ পেপাৰৰ পৰীক্ষা নলয় তাৰ বাবে অসম লোকসেৱা আয়োগক নিৰ্দেশ দিয়ে৷ শ্বহীদ দিৱসৰ দিনাখনে ন্যায়ালয়ৰ এই নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে৷ গোচৰটোৰ পৰৱৰ্তী শুনানি ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷