Logo
image

চুক্তি ৰূপায়ণ নহ’ল! হাত দাঙি দিলে অগপৰ দুই মন্ত্ৰীয়ে

আমাৰ অসম, ১১ ডিচেম্বৰঃ অসম চুক্তি স্বাক্ষৰৰ ৩৫ বছৰৰ পাছতো ৰূপায়ণ নহ’ল অসম চুক্তি৷ ক্ষমতাত থাকিও অগপই ৰূপায়ণ কৰিব নোৱাৰিলে অসম চুক্তি৷ কাৰ্যতঃ আজি অসম চুক্তি ৰপায়ণ বিভাগৰ মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নিজৰ ব্যৰ্থতাৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিলে৷ মন্ত্ৰী দুজনে ক’লে বহু চেষ্টাৰ পাছতো অসম চুক্তিৰ যথাযথ ৰূপায়ণ হোৱা নাই৷  ‘আমি জানি বুজি ভুল নকৰোঁ, আমি আগতে কৰা ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ৷ অসম চুক্তিত এনে বহু দফা আছে যিসমূহৰ ৰূপায়ণত কেন্দ্ৰৰ অনুমতিৰ প্ৰয়োজন৷ কিন্তু খুব সোনকালে আমি বহুকেইটা দফা কাৰ্যকৰী কৰিব পাৰিম৷’– এইদৰে মন্তব্য কৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাই৷ শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অগপৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি বৰাই কয়– ‘আমি বহুত কথা শিকিলোঁ, বিগত দিনবোৰৰ পৰা৷ কাৰোবাৰ দৃষ্টিত আমাৰ ভুল হ’ব পাৰে, কিন্তু আমি বাস্তৱক্ষেত্ৰখনৰ সৈতে ভৰিত ভৰি মিলাই গৈ আছোঁ৷ ২০১৪ চনত আমি পৰাজিত হৈছোঁ, কিয় হৈছোঁ, দলীয় স্বাৰ্থৰ বিৰুদ্ধে গৈছোঁ৷ অসম আৰু অসমীয়াৰ লাভ হ’ব বুলিয়েই আমি স্বাৰ্থৰ বিৰুদ্ধে গৈছোঁ৷’ একেটা অনুষ্ঠানতে অগপৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়– ‘আমি আজি আন দলৰ সহায় লৈ চৰকাৰত থাকিব লাগে৷ চিটৰ ভাগ-বটোৱাৰা কৰিছোঁ৷ কিন্তু তাতো আমি প্ৰথম প্ৰাধান্য দিছোঁ অসম চুক্তি ৰূপায়ণ৷ আপোচ নকৰোঁ নকৰোঁ কওঁতে কওঁতে আমাৰ বিধায়ক জ্ঝজন হ’লগৈ, আপোচ কৰিলে বহু বিধায়ক হ’লহেঁতেন৷ অসম চুক্তি ৰূপায়ণৰ বাবে আছুৰ আন্দোলন যিদৰে অব্যাহত আছে একেদৰে চৰকাৰৰ ভিতৰত থাকিও ৰাজনৈতিকভাৱে আমি ৰূপায়ণৰ বাবে কাম কৰি আছো৷ অতুল বৰা এতিয়া অসম চুক্তি ৰূপায়ণ মন্ত্ৰী, আমাৰ বাবে খুব সুখৰ খবৰ এয়া৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আগবাঢ়িছে এই কাম৷ ৰাজনীতি কৰি এই বিষয়বোৰত আমি মূৰ পোলাকা মাৰিলে নহ’ব৷ আমি বিৰোধীও হৈছিল, উত্থান-পতন আমাৰ হৈছে, সেয়া আমি মানিবই লাগিব৷ মই সঁচা কৈছোঁ আজিৰ দিনটোত, আমাৰ কিছু কৰিবলৈ ৰৈ গ’ল৷’ উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী অমৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অসম গণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় শ্বহীদ দিৱস৷ দলটোৰ মহানগৰ জিলা সমিতিৰ সহযোগত আৰু দিছপুৰ বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত পবিত্ৰ শ্বহীদ দিৱসৰ আৰম্ভণীতে অসম গণ পৰিষদৰ দলীয় পতাকা উত্তোলন কৰে দলৰ সভাপতি অতুল বৰাই৷ অতি নান্দনিক ৰূপত সাজি উলিওৱা পবিত্ৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ লগতে অসম আন্দোলনৰ প্ৰতিগৰাকী জাতীয় অমৰ বীৰ শ্বহীদলৈ পুষ্পাৰ্ঘ্যৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশব মহন্ত, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়নাথ তালুকদাৰ, দলীয় বিষয়ববীয়া প্ৰমুখ্যে সমবেত অসংখ্য জনতাই৷ ইয়াৰ পাছতে কলাক্ষেত্ৰৰ সেউজ বাকৰিত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত হিন্দু, শিখ, জৈন, ইছলাম, শংকৰী ধৰ্মৰ গুৰু-শিষ্যই পবিত্ৰ ধৰ্মীয় পাঠ কৰি শ্বহীদৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷ ইপিনে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আদৰণী ভাষণত দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক ড° তপন দাসে কয় যে অসম আন্দোলনৰ শ্বহীদৰ অতুলনীয় স্বদেশ প্ৰেম আৰু মহান ত্যাগ অসমীয়া জাতিৰ ইতিহাসত চিৰদিন সোণোৱালী আখৰেৰে জিলিকি থাকিব৷ সাধাৰণ সম্পাদক ডা: কমলা কলিতাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতেই দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই শ্বহীদ দিৱসৰ তাৎপৰ্য ডাঙি ধৰি অসম আন্দোলনৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷ ইয়াৰ পাছতে দলৰ উপসভাপতি সুনীল ডেকাই পৰিচালনা কৰা শ্বহীদ পৰিয়ালৰ সম্বৰ্ধনা অনুষ্ঠানত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়নাথ তালুকদাৰ আৰু শ্বহীদ নৰেন শৰ্মাৰ জীয়ৰী জিণ্টি শৰ্মা দেৱীক অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশব মহন্তই শৰাই, চেংলেং চাদৰ আৰু গামোচাৰে সন্মানিত কৰে৷ ইপিনে নিজৰ চমু অথচ অতি সাৰগৰ্ভ ভাষণত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে জাতিৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া অসম আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদ যুগে যুগে অমৰ হৈ থাকিব৷ কংগ্ৰেছৰ অপশাসনৰ বাবেই অসম মাতৃৰ বীৰ পুৰুষে এনেদৰে ঐতিহাসিক অসম আন্দোলনত জাতিৰ শ্ৰীচৰণত প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছিল৷ সেয়েহে শ্বহীদৰ সেই অতুলনীয় ত্যাগ আৰু নিভাঁজ স্বদেশ প্ৰেমক অসম গণ পৰিষদে কেতিয়াও অথলে যাবলৈ নিদিয়ে৷ আনহাতে দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশব মহন্তই ভাষণ দিবলৈ গৈ অতি আবেগিক হৈ পৰে৷ অতি মৰ্মস্পৰ্শী ভাষাৰে মহন্তই কয়: নিংসংকোচে কও যে অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ প্ৰতি অসম গণ পৰিষদে যিমান কৰিব লাগিছিল ঠিক সিমানখিনি হয়তো বিভিন্ন অসুবিধাৰ বাবে কৰিব পৰা নাই৷ কিন্ত অসম আন্দোলনৰ শ্বহীদৰ নামত অসম গণ পৰিষদে কঅতো চুলিৰ সমানো আপোচ কৰা নাই আৰু ভবিষ্যতেও নকৰে৷ আপোচমুখী স্থিতি গ্ৰহণ কৰা হেতেন অসম গণ পৰিষদ দল ৰাজনৈতিকভাবে বহু লাভান্বিত হঅলহেতেন৷ অসমীয়া জাতিৰ স্বভিমান ৰক্ষাৰ স্বাৰ্থত অসম গণ পৰিষদ দলে অমৰ শ্বহীদৰ মহান ত্যাগক সদায় সন্মান কৰি আহিছে আৰু আগলৈয়ো কৰি যাব৷ উল্লেখযোগ্য যে মুকলি সভাত যুব শিল্পী অমৰ ডেকা আৰু তেওঁৰ সহশিল্পীসকলে পৰিবেশন কৰা অসম সংগীত আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ কালজয়ী সংগীত  শ্বহীদ প্ৰণামো তোমাকঅঅ শীৰ্ষক গীত দুটিয়ে কেন্দ্ৰীয় শ্বহীদ দিৱসক বিশেষ মাত্ৰা প্ৰদান কৰে৷ তদুপৰি আই মাতৃৰ নাগাৰা নাম পৰিবেশনো আছিল আজিৰ আন এক অন্যতম আকৰ্ষণীয় অনুষ্ঠান৷  কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, নুৰুল হুচেইন, কুমাৰ দীপক দাস, হিৰণ্য কোঁৱৰ, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, মনোজ শইকীয়া, বিমলেন্দু সিনহা, সুনীল ৰাজকোঁৱৰ, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতা, অসম যুব পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজেন মেধি, কাৰ্যকৰী সভাপতি অতুলানন্দ বৰ্মন, দিছপুৰ বিধান পৰিষদৰ সভাপতি শ্ৰীকান্ত ডেকা, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা প্ৰমুখ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা দলীয় নেতা-কৰ্মী তথা কেবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে৷ নলবাৰী, বৰপেটা, বঙাইগাঁও,  চাবুৱা, আমগুৰি, ধুবুৰী, কলিয়াবৰ, বোকাখাট, জালুকবাৰী, পশ্চিম গুৱাহাটী, ৰঙিয়া, কমলপুৰ, ধেমাজি, বিশ্বনাথ, গহপুৰ, যোৰহাট, হোজাই, শিৱসাগৰ আদি বিভিন্ন সমষ্টিত শ্বহীদ দিৱস কৰা হয়৷