Logo
image

নিজৰ বিচাৰ নিজেই কৰিছিল ৰঞ্জন গগৈয়ে! কটাক্ষ গৌৰৱৰ

আমাৰ অসম, ১১ ডিচেম্বৰঃ নিজৰ বিচাৰ নিজেই কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷ –শেহতীয়াভাৱে আত্মজীৱনীক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা ভূতপূৰ্ব মুখ্য ন্যায়াধীশজনক উদ্দেশ্যি এই শ্লোষোক্তি সাংসদ গৌৰৱ গগৈৰ৷ নক’লেও হ’ব যে শেহতীয়াভাৱে ৰঞ্জন গগৈয়ে কৰা কেতবোৰ মন্তব্যই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দিনচেৰেক পূৰ্বে ৰঞ্জন গগৈৰ আত্মজীৱনী প্ৰকাশ কৰে ৰূপা পাব্লিকেশ্বনে৷ প্ৰকাশৰ পূৰ্বেই বিতৰ্কৰ তুংগত উঠে গগৈৰ আত্মজীৱনী প্ৰসংগ৷ গ্ৰন্থখন   প্ৰকাশৰ বিষয়ে ৰূপা পাব্লিকেশ্বনে টুইট কৰাৰ লগে লগে হাজাৰ হাজাৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অধিকাংশই ৰঞ্জন গগৈৰ বিৰুদ্ধে৷ বিশেষকৈ যৌন কেলেংকাৰিৰ অভিযোগ উঠা ৰঞ্জন গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত স্পৰ্শকাতৰ অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া নিজেই নিয়ন্ত্ৰণ কৰা প্ৰসংগই বিদ্বৎ সমাজ আৰু আইনজ্ঞ মহলক হতভম্ব কৰে৷ আত্মজীৱনী উন্মোচনী অনুষ্ঠানত ৰঞ্জন গগৈয়ে কৰা কেতবোৰ মন্তব্যই পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ ৰঞ্জন গগৈয়ে কৈছিল যে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তৰুণ গগৈয়ে ৰঞ্জন গগৈৰ মাতৃৰ জৰিয়তে ৰঞ্জন গগৈক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল– এটা গোচৰৰ প্ৰসংগত৷ কেৱল সেয়ে নহয়, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া বিলম্বিত কৰিবৰ বাবে তৰুণ গগৈয়ে ৰঞ্জন গগৈক হেঁচা দিয়া বুলিও ৰাজহুৱাভাৱে মন্তব্য কৰিছিল ৰঞ্জন গগৈয়ে৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে ৰঞ্জন গগৈয়ে কৰা এই মন্তব্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই সন্দৰ্ভত স্বাভাৱিকতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে৷ শুকুৰবাৰে এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয়– ‘মাননীয় ৰঞ্জন গগৈ সন্দৰ্ভত মই ব্যক্তিগতভাৱে একো মন্তব্য নিদিওঁ৷ ৰেকৰ্ডছ স্পীক ফৰ ইট্‌ছেŒফ বুলি ইংৰাজীত এষাৰ কথা আছে৷ ৰঞ্জন গগৈৰ ৰেকৰ্ডেই সকলো কথা কয়৷ তেওঁ ৰাফালৰ কেছত ছীল্ড তথ্য বিচাৰি, তেওঁ নিজৰ ওপৰত অভিযোগ থকা গোচৰত নিজেই শুনানি গ্ৰহণ কৰি নতুন পৰম্পৰাৰ সৃষ্টি কৰিলে৷ মোৰ পিতৃ তৰুণ গগৈৰ ইতিমধ্যে মৃত্যু হৈছে৷ মোৰ মৃত পিতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো উচিত হোৱা নাই৷ ৰঞ্জন গগৈৰ কিবা অভিযোগ থাকিলে দেউতা জীয়াই থাকোঁতেই ক’ব লাগিছিল৷ তেতিয়া দেউতাই নি(য় উত্তৰ দিলেহেঁতেন৷ ৰঞ্জন গগৈক তেওঁৰ কিতাপখনৰ বাবে শুভেচ্ছা জনালোঁ৷ বিক্ৰী ভাল হওক৷ তৰুণ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো, তাকো মৃত্যুৰ পাছত– ৰঞ্জন গগৈৰ আন এটা অভিলেখ৷ এনআৰচি গোচৰত তেওঁ কি কৰিলে সেয়া সকলোৱে জানে৷ ৰঞ্জন গগৈয়ে হিমন্তবিশ্ব শৰ্মাক ইনকাম টেক্সৰ এক্সপাৰ্ট বুলি স্বীকৃতি দিয়া কাৰ্যই সকলো কথা স্পষ্ট কৰি দিছে৷ মই ৰঞ্জন গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথা ভবা নাই৷ মই এই দুটা দিনত অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়াৰ উমান পাইছোঁ৷ ৰাইজৰ দৃষ্টিভংগীক লৈ মই সুখী৷ মোৰ পৰিয়াল আৰু পুত্ৰৰ নামত মই কেতিয়াও কোম্পানী নোখোলোঁ৷’ উল্লেখ্য, ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হোৱাক লৈ তুমুল বিতৰ্ক হৈছিল৷ তেওঁৰ বিভিন্ন গোচৰৰ ৰায়দানক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ যৌন কেলেংকাৰিৰ অভিযোগক কেন্দ্ৰ কৰি সৰ্বত্ৰ তোলপাৰ লাগিছিল৷ আনকি অৱসৰৰ পাছত ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰা প্ৰসংগয়ো দেশৰ ভিতৰে-বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷