Logo
image

দেশৰ ভিতৰতেই আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ অসমত

আমাৰ অসম, ১১ ডিচেম্বৰঃ দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ বিভিন্ন ৰাজ্যত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শীৰ্ষত আছে অসম আৰক্ষী৷ ২১৭৯টা গোচৰ ৰুজু হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে৷ ইয়াৰে মাথোন তিনিটা গোচৰৰহে চাৰ্জশ্বীট দাখিল হৈছে৷ আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত এছ পি, ডি এছ পি আৰু উচ্ছ পদস্থ বিষাৰ নামো আছে৷ দেশৰ ভিতৰতে অসম আৰক্ষীৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হ’লেও অৱশে এই ক্ষেত্ৰত নিৰ্বিকাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ ডিজিপি মহন্তৰ মতে এয়া ভাল খবৰহে৷ শূন্য সহনশীলতা নীতিৰে কাম কৰাৰ বাবেহে এনেদৰে আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ 

আমাৰ অসমঃ ড্ৰাগ্‌ছৰ পৰা অসমখনক মুক্ত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ‘‘ড্ৰাগ্‌ছ ফ্ৰি অসম’’ নামেৰে এটা ‘এপ’ মুকলি কৰিছে৷ এই ‘এপ’ৰ সহায়ত ৰাজ্যৰ জনসাধাৰণে ড্ৰাগ্‌ছৰ বিক্ৰী, সৰবৰাহ, মজুতকৰণ, সেৱন আদিৰ বিষয়ে অসম আৰক্ষীক অৱগত কৰিব পাৰিব আৰু আৰক্ষীয়ে এনে তথ্য লাভ কৰাৰ লগে লগে তাৎক্ষণিকভাৱে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ [এন আই চি]ৰ সহযোগত এই ‘এপ’টো প্ৰস্তুত কৰি উলিয়াইছে৷ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই শুকুৰবাৰে পৰা দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ড্ৰাগ আইন প্ৰয়োগকাৰী সংস্থাসমূহ, উত্তৰ-পূৱত নিয়োজিত কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীসমূহ, কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয় [ডি আৰ আই] আৰু শু{¨ বিভাগৰ বিষয়াসকলৰ এক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধনী অনুষ্ঠানত এই ‘এপ’টো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ সঞ্চালকপ্ৰধান মহন্তই ‘এপ’টো দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সদ্যপ্ৰয়াত প্ৰধান বিপিন ৰাৱাটৰ নামত উচৰ্গা কৰা বুলি উল্লেখ কৰি কয় চলিত বছৰৰ প্ৰয়াত প্ৰধানগৰাকীয়ে যোৱা ২৩ অক্টোবৰত অসম আৰক্ষীয়ে আয়োজন কৰা ‘ৰবিকান্ত সিং সোঁৱৰণী বক্তৃতানুষ্ঠান’ত অংশগ্ৰহণ কৰাৰ উপৰি সন্ধিয়া ‘অসম পুলিচ ৱাৰ এগেইনষ্ট ড্ৰাগ্‌ছ’ শীৰ্ষক এখন পুথি উন্মোচন কৰি ড্ৰাগ্‌ছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবে অসম আৰক্ষীক ভূয়সী প্ৰশংসা কৰিছিল আৰু ড্ৰাগ্‌ছবিৰোধী অভিযান তীব্ৰতাৰে চলাই যাবলৈ আহ্বান জনাইছিল৷ গুৱাহাটীৰ উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ‘নাৰ্কটিক্‌চ কKC’ল ব্যুৰ’ৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধনী ভাষণত সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই ম্যানমাৰ আৰু ‘গোল্ডেন ট্ৰাই-এংগল’ৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ মাজেদি হৈ থকা ড্ৰাগ্‌ছৰ সৰবৰাহৰ বিষয়ে উল্লেখ কৰি কয় ৰাজ্যখনত ড্ৰাগ্‌ছৰ যোগান আৰু চাহিদা যাতে হ্ৰাস পায় তাৰ বাবে অসম আৰক্ষীয়ে সু-পৰিকল্পিতভাৱে কাৰ্য্যপন্থা অব্যাহত ৰাখিছে৷ তেওঁ কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ শাসনলৈ অহাৰ পিছত অসম আৰক্ষীয়ে এন.ডি.পি.এছ এক্টৰ অধীনত ১৭০০ গোচৰ ৰুজু কৰাৰ লগতে ২৯০০ অপৰাধীক কৰায়ত্ত কৰিছে আৰু প্ৰায় ৩২৫ কোটি টকা বজাৰ মূল্যৰ নিচাযুক্ত দ্ৰৱ্য জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ৫০ কেজি হিৰ’ইন আৰু ৩৭ কেজি অ’পিয়ামো আছে৷ তদুপৰি ৰখন বাহেনা জব্দ কৰা হৈছে৷ আজি মুকলি কৰা ‘ড্ৰাগ্‌ছ ফ্ৰি অসম’ এপটোৰ জৰিয়তে অসম আৰক্ষীৰ ড্ৰাগ্‌ছবিৰোধী অভিযান অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰি সঞ্চালকপ্ৰধান মহন্তই এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে৷ এন.চি.বিৰ সঞ্চালকপ্ৰধান এছ এন প্ৰধানে চকু বক্তব্য আগবঢ়ায়৷ সঞ্চালকপ্ৰধানগৰাকীয়ে অপৰাধ অনুসন্ধান বিভাগে প্ৰকাশ কৰি উলিওৱা ‘হেণ্ডবুক ফৰ ইনভেষ্টিগেটিং অফিচাৰছ অফ এন ডি পি এছ এ ‘কেইছেছ’ শীৰ্ষক এখনি হাতপুথিও উন্মোচন কৰে৷ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান [আইন-শৃংখলা] জি পি সিং, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান [প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখা] ডাঃ এল আৰ বিষ্ণই, এন চি বিৰ উপ-সঞ্চালকপ্ৰধান মণিকা বাট্ৰা আৰু অন্যান্য বিষয়াসকলো উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান এ ৱাই ভি কৃষ্ণাই৷