Logo
image

ল’ৰাহঁতক বুলেট, জেপখৰচ দিব ‘মামা’ই

আমাৰ অসম, ১১ ডিচেম্বৰঃ মামা মানে কংস, ভাগিন মানে কৃষ্ণ– দুয়োৰে মাজত অহি-নকুল সম্পৰ্ক৷– এই ‘কনচেপ্ট’ এতিয়া ক্ৰমাৎ পাহৰণিৰ গৰ্ভলৈ৷ বহুক্ষেত্ৰত মামা-ভাগিনৰ পৰম্পৰাগত ধাৰণা সলনি হৈছে৷ বিশেষকৈ অসমত ওলোটা ঘটনাহে ঘটিছে৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই অসমত ‘মামা’ৰূপে জনপ্ৰিয় হৈ পৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা৷ বিশেষকৈ শিশু,কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মাজত মামা হিমন্ত সাংঘাতিক জনপ্ৰিয় হৈ পৰিছে৷ তেওঁক লৈ শ শ ভাগিনে টুইট কৰে, ‘মিম’ বনায়৷ এইবোৰত অলপো খং নুঠে হিমন্তবিশ্ব শৰ্মাৰ৷ বিপৰীতে হাজাৰ হাজাৰ ‘ভাগিন’ৰ নিৰ্দোষ ধেমালিক লৈ মুকলিভাৱে আনন্দ কৰে শৰ্মাই, তেওঁলোকৰ লগত ছেল্‌ফি উঠে– আহাৰো গ্ৰহণ কৰে৷ সম্প্ৰতি হিমন্তবিশ্ব শৰ্মা য’লৈকে যায়, তাতেই কম বয়সীয়া ল’ৰা-ছোৱালীয়ে তেওঁক মামা বুলি সম্বোধন কৰে৷ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মায়ো ভাগিন বুলি সঁহাৰি দিয়ে৷ এনে ঘটনা শুকুৰবাৰেও ঘটিল মৰিগাঁৱত৷ মৰিগাঁও মহাবিদ্যালয়ত নৰেন্দ্ৰনাথ কেওট বিজ্ঞান ভৱন উদ্বোধন কৰিবলৈ অহা মুখ্যমন্ত্ৰী শৰ্মাক ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি জনায়– ‘এক দুই, মামা তুমি জুই; তিনি চাৰি, বুলেট দিব কিনি...’ শীৰ্ষক গীতেৰে৷ ভাগিনসকলক উদ্দেশ্যি ‘মামা’ই কয়– ‘ছাত্ৰীসকলক স্কুটী দিয়াৰ পাছত ছাত্ৰসকলে বেয়া পাইছিল৷ তেওঁলোকে কৈছিল যে ছাত্ৰসকলক মই কিয় একো নিদিলোঁ৷ সেইবাবেই মই ছাত্ৰসকলক বুলেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ৷ অহা বছৰৰ এপ্ৰিলৰ পৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বুলেট দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ একাংশ ভাগিনে তেওঁলোকক বুলেট নালাগে বুলি আমাক কৈছে৷ সেইবাবে যিসকলক বুলেট নালাগে, সেইসকলক পালছাৰ বাইক দিয়াৰ সিদ্ধান্ত লৈছোঁ৷ সেই বুলেট বা পালছাৰ বাইকৰ পিছফালে ছোৱালী উঠাব পাৰিব যদিও কোনেও লিমিট ক্ৰছ কৰিব নোৱাৰিব৷ ডাক্তৰ-ইঞ্জিনিয়াৰ বহুত হ’ল, এতিয়া আমাক কাৰিকৰীভাৱে দক্ষ প্ৰশিক্ষণপ্ৰাপ্ত ল’ৰা-ছোৱালী লাগে৷ সেয়ে চৰকাৰে কলেজসমূহত ভোকেশ্বনেল ট্ৰেইনিং ক’ৰ্ছ খোলাৰ কথা চিন্তা কৰিছে– যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে স্বাৱলম্বী হোৱাৰ উপৰি আন চাৰি-পাঁচজনকো কৰ্মসংস্থাপন দিব পাৰিব৷’ লক্ষণীয়ভাৱে ‘মামা’ই ল’ৰাহঁতক বুলেট-পালছাৰৰ লগতে প্ৰয়োজন সাপেক্ষে জেপখৰচ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷