Logo
image

মাতৃভাষাটো নেৰিবা!

শিক্ষামন্ত্ৰীক কাতৰ আৱেদন জ্ঞানপীঠজয়ী নীলমণিৰ

আমাৰ অসম, ১১ ডিচেম্বৰঃ যি সময়ত ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা উৎখাতৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে তেনে সময়তে নিজৰ মাতৃভাষা নেৰিবলৈ কাতৰ  আবেদন জনাইছে জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকনে৷ উল্লেখ্য যে জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে ফুকনক অভিনন্দন জনোৱাৰ বাবে বৃহস্পতিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু৷ শিক্ষামন্ত্ৰী পেগুক আশীৰ্বাদ জনোৱাৰ লগতে কাব্যঋষি ফুকনে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ নিজৰ উদ্বিগ্নতা আৰু আশংকা মুকলিভাৱে প্ৰকাশ কৰে৷ যথেষ্ট আবেগিক হৈ পৰা কবিজনে এটা সময়ত উচুপিও উঠে৷ ‘তোমাৰ নাম শুনিছোঁ৷ কৃতি ছাত্ৰ৷ যদি সঁচাকৈয়ে কৰিম বুলি ভবা তেন্তে বহুত কাম কৰিব পাৰিবা৷ কিন্তু মাতৃভাষাটো নেৰিবা৷ ইমান প্ৰতিযোগিতাৰ মাজত খাৰখোৱা অসমীয়া তিষ্ঠি থাকিব পাৰিবনে? কিবা প্ৰকাৰে ভাষাটোক ৰক্ষা কৰিব লাগিব৷ এনেকুৱা এটা শুৱদি ভাষা৷ অসমখন বৰ ধুনীয়া দেশ’– এই ভাষ্য আছিল বৰেণ্য কবিজনৰ৷ ইয়াৰ পূৰ্বেও কেব গৃহীত হোৱাৰ সময়ত অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ আৰ্তনাদ কৰি উঠিছিল ফুকনে৷ মাৰ মুখৰ ভাষাটো নাইকীয়া হ’ব বুলি হুকহুকাই কান্দি উঠিছিল তেওঁ৷ ‘মাৰ মুখৰ ভাষা নাইকীয়া হ’ব, মাটি আমাৰ নাইকীয়া হ’ব৷ মই কা বিৰোধী৷’ সেই সময়ত এনেদৰে নিজৰ স্থিতি অতি শক্তিশালীভাৱে দাঙি ধৰিছিল ফুকনে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ প্ৰশ্ন কাকত আঁতৰালেও শেহতীয়াভাৱে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাভাষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক শক্তিশালী সিদ্ধান্ত৷ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী বেনাৰ্জীৰ স্পষ্ট ঘোষণা– বংগত চৰকাৰী চাকৰি পাবলৈ হ’লে বাংলাভাষা জানিবই লাগিব৷ কেৱল বংগত থাকিলে নহ’ব, বাংলাভাষাৰ ব্যৱহাৰ জনাটো ৰাজ্যখনৰ চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত অন্যতম প্ৰধান চৰ্ত হ’ব৷