Logo
image

কা’ৰ বিৰুদ্ধে কোন

 দুবছৰৰ পাছত ‘কা’ বিৰোধিতাৰ মঞ্চত শক্তিহীন, দায়সৰা নেতৃত্ব

আমাৰ অসম, ১৩ ডিচেম্বৰঃ দুৰ্বাৰ শক্তি আৰু জনসমৰ্থনেৰে আৰম্ভ হোৱা ‘কা’ আন্দোলনৰ দুবছৰ সম্পূৰ্ণ হ’ল৷ দুবছৰৰ এই সময়ছোৱাত কিশোৰৰ পৰা যুৱলৈ একাধিক লোক আৰক্ষীৰ গুলীত নিহত হ’ল, বহু ঘুণীয়া হ’ল, বহুতে এতিয়াও কাৰাগাৰৰ ভিতৰতে দিন গণিছে৷ ইয়াৰ বিপৰীতে ‘কা’ বিধেয়ক আইনত পৰিণত হ’লগৈ, আন্দোলনকাৰী নেতৃত্বৰ একাংশই সুৰ সলনি কৰিলে, বহুতে চৰকাৰী পদ-সা-সুবিধা লৈ আঁতৰি গ’ল৷ দুটা বছৰ পূৰ্বে আইনখনৰ বিৰুদ্ধে যি অভূতপূৰ্ব জনজাগৰণ হৈছিল, সি আজি স্তিমিত আৰু বহুতৰ মতে অপ্ৰাসংগিক৷ আজি মহানগৰীত ‘কা’ আন্দোলনৰ দ্বিবৰ্ষপূৰ্তি উপলক্ষে একাধিক মঞ্চত নেতা-উদ্যোক্তাসকল সমৱেত হয়৷ বুদ্ধিজীৱীৰ পৰা কণ্ঠশিল্পীলৈ, ছাত্ৰনেতাৰ পৰা ৰাজনৈতিক নেতালৈ সকলোৰে মুখত ‘কা আমি নামানো’ সংলাপ৷ কিন্তু সেই তীব্ৰতা, সেই অনমনীয়তা, সেই দৃঢ়তা যেন নাই৷ বৰঞ্চ কেন্দ্ৰ বা দিছপুৰৰ বিৰুদ্ধে আপোচহীন ‘কা’বিৰোধী আন্দোলনৰ ঠাইত শুনা গ’ল সতীৰ্থ আন্দোলনকাৰী নেতাৰ বিৰুদ্ধে অভিযোগ-প্ৰতিঅভিযোগ বা দায়সৰা মন্তব্য৷ তেওঁলোকৰ কথাতেই স্পষ্ট হ’ল ‘কা’ৰ বিৰুদ্ধে সৰ্বশক্তিৰে চৰকাৰৰ বিৰুদ্ধে ক্ষমাহীন যুদ্ধৰ বাবে তেওঁলোকৰ সাহস হেৰুৱাইছে৷ ইয়াৰ বিপৰীতে আন্দোলনকাৰী নেতৃত্বও যেন বহুধাবিভক্ত৷ চৰকাৰ নহয়, তেওঁলোকৰ লক্ষ্য যেন সতীৰ্থ নেতাহে৷ ইজনে আনজনৰ ওপৰত জাপি দিছে ‘কা’ আন্দোলনৰ ব্যৰ্থতাৰ অপবাদ৷ কোনোবাই হয়তো হাস্যকৰভাৱে আন সকলোৰে গুৰুত্ব নস্যাৎ কৰি অকলেই ‘কা’ আন্দোলন চলাই যাব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য, দেওবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত উপস্থিত থাকি ‘কা’ৰ বিৰোধিতা কৰি বিশিষ্ট বুদ্ধিজীৱি ড॰ হীৰেন গোহাঁয়ে কয়– একাংশ জাতীয় দলৰ নেতৃত্বৰ ভুল আৰু কৰ’নাৰ বাবে ‘কা’বিৰোধী আন্দোলন স্থবিৰ হ’ল৷ এফালে ‘কা’ৰ বিৰোধিতা কৰিম বুলি, ‘কা’ আমি নামানো বুলি কৈ আনফালে চৰকাৰৰ লগত হলি-গলি কৰাটো দুৰ্ভাগ্যজনক৷ ‘কা’ৰ প্ৰভাৱ লগে লগে নপৰে৷ এই সংবিধানবিৰোধী আইন বলৱৎ হ’লে লাহে লাহে দেশত এনে বীভৎস পৰিৱেশৰ সৃষ্টি হ’ব– য’ত সভ্য মানুহ জীয়াই থকা টান হ’ব৷ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণ দিব লাগে৷ আন্দোলনত হোৱা মৃত্যুৰ প্ৰকৃত তদন্ত হব লাগে৷ ‘কা’ৰ বিৰুদ্ধে মাত মতাসকল এখন মঞ্চত ঐক্যবদ্ধ হ’ব লাগে৷ এই ক্ষেত্ৰত  সংবাদ মাধ্যমৰ ভূমিকা মূল৷ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা শক্তিৰ বিৰুদ্ধে ৰাইজ সাজু থাকিব লাগিব৷ ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়– ‘কা’বিৰোধী আন্দোলনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে৷ এই আন্দোলন ৰাজপথতো চলিব, খেলপথাৰতো চলিব৷ ৰাজপথত চলিব সমদল আৰু খেলপথাৰত হ’ব জনসভা৷ খেলুৱৈ-শিল্পী সকলো চামিল হ’ব এই আন্দোলনত৷ এই আন্দোলন শেষ হোৱা নাই৷ ‘কা’ বাতিল হ’বই লাগিব৷ এই আন্দোলনৰ বাবে ৰাইজৰ পৰামৰ্শ লাগিব৷ আলোচনাত বহা মানেই আপোচ নহয়৷ ই গণতান্ত্ৰিক আন্দোলনৰ অংশ৷ চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনাত বহাক লৈ সমালোচনা কৰাটো দুৰ্ভাগ্যজনক৷ ‘কা’ বাতিল নোহোৱা পৰ্যন্ত আছু ক্ষান্ত নহয়৷ অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হ’ব লাগিব৷ ইফালে, ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয়– কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমাক কনফিউজ কৰি আছে৷ আলোচনা হৈছে কিন্তু ফলাফল পোৱা নাই৷ মুখ্যমন্ত্ৰী সলনি হ’ল, মন্ত্ৰী সলনি হ’ল, কিন্তু ফলাফল পোৱা নাই৷ নতুন চৰকাৰে আমাৰ কথাখিনি শুনি লওক৷ মোদী চৰকাৰে অসমৰ কথা নাজানে৷ দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ নিচিনা আমি আন্দোলন কৰি আছোঁ, তেওঁলোকৰ যুক্তি বহুত শক্তিশালী৷ ‘কা’ আমি নামানো৷ এয়া স্পষ্ট কথা৷ ‘কা’বিৰোধী আন্দোলন চলি যাব৷ মেৰুদণ্ডহীন মানুহৰ কথাই ‘কা’বিৰোধী আন্দোলন বিচলিত কৰিব নোৱাৰে৷ ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়–  শ্বহীদৰ ত্যাগ আৰু মহানতাক মান্যতা দিবলৈ আমি সংকল্পবদ্ধ৷ আমি শ্বহীদৰ সাহসেৰে সাহসী৷  ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’ বিৰোধিতা কৰিবলৈ আহি প্ৰাণ আহুতি দি শ্বহীদবৰণ কৰিছিল পাঁচগৰাকী অসমীয়া ডেকাই৷ কোনো স্বাভিমানী অসমীয়াই পঞ্চ শ্বহীদৰ বিৰল ত্যাগ আৰু মহানতাক পাহৰিব নোৱাৰে৷ অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ছেম, দীপাঞ্জল, আব্দুল, ঈশ্বৰ আৰু বীজেন্দ্ৰৰ আত্মত্যাগে আমাক আপোচবিহীনতাৰ পাঠ শিকায় প্ৰতিনিয়ত৷ মূৰ তুলি কথা ক’বলৈ পঞ্চশ্বহীদৰ ত্যাগৰ ইতিহাস আমাৰ সাহসৰ সৌধ৷ এই পাঁচগৰাকী অসম তনয়ক শ্বহীদ বুলি স্বীকৃতি দিবলৈও চৰকাৰৰ নূ্যনতম সদিচ্ছাৰ অভাৱ৷ আজিপৰ্যন্ত এবাৰলৈও চৰকাৰে পঞ্চ শ্বহীদৰ ত্যাগৰ বাবে ক্ষমা নুখুজিলে৷ আক্ষেপ প্ৰকাশ নকৰিলে৷ এবাৰলৈ তেওঁলোকৰ অহংকাৰৰ চূড়া লজ্জাত তললৈ নামি নাহিল৷ শাসকৰ এই অহংকাৰ, অত্যাচাৰক, এই ধৃষ্টতাক ৰাইজে মনত ৰাখিব৷ সময় সাক্ষী হৈ ৰ’ব সেই নিদাৰুণ সময়ৰ৷ আমি গান্ধীজীৰ অহিংস আন্দোলনক বিশ্বাস কৰো৷ বিগত সময়ত একাংশই অহিংস আন্দোলনত হিংসা বিয়পোৱাৰ বাবে আন্দোলন কিছু দুৰ্বল হৈছিল৷ ‘কা’ৰ বিৰুদ্ধে আমাৰ অহিংস আন্দোলন চলিবই৷ ‘কা’বিৰোধী আন্দোলন সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়–‘কা’বিৰোধী আন্দোলনৰ নেতৃত্বৰ ভুলৰ বাবে আন্দোলন সফল নহ’ল৷ ৰাজপথৰ আন্দোলন খেলপথাৰত শেষ হ’ল৷ অসমলৈ অনন্ত কাললৈ হিন্দুসকল অহাটো বিচাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে৷ অনন্ত কাললৈ হিন্দু আনিবৰ বাবে ‘কা’ অনা হৈছে৷   বিজেপি-আৰএছএছে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে অসমীয়া জাতিটোক ভাগ-ভাগ কৰাৰ চক্ৰান্ত চলাইছে যাতে অসমীয়া জাতিয়ে কেতিয়াও একত্ৰিত হৈ জাতীয় সংগ্ৰাম আগুৱাই নিব নোৱাৰে৷ আনহাতে, ক’ভিড-লকডাউনে অসমৰ জনজীৱন অৰ্থনৈতিকভাৱে জুৰুলা কৰিছে, এনে পৰিস্থিতিত ‘কা’ বিৰোধী আন্দোলন ব্যাপক ৰূপত আগুৱাই নিবলৈ যি সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ প্ৰয়োজন সেই পৰিবেশ গঢ় লৈ উঠা নাই৷ অসমীয়া জাতিয়ে জাতিদ্ৰোহী ‘কা’ মানি লোৱা নাই আৰু পুনৰ ‘কা’ আন্দোলনৰ ব্যাপক ৰূপত আগবঢ়াই নিবলৈ প্ৰস্তুত হৈ আছে৷  ‘কা’ৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয়– ‘কা’ প্ৰণয়নৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম চুক্তি নস্যাৎ কৰিছে৷ পঞ্চ শ্বহীদৰ পৰিয়ালে ন্যায় নাপালে৷ কোনো এজন মন্ত্ৰী-বিধায়কে খবৰ এটাও নল’লে পঞ্চ শ্বহীদৰ৷ জাতিৰ বাবে আত্মবলিদান দিয়া পাঁচ কিশোৰ-যুৱকক দুবৃৰ্ত্ত সজালে৷ ‘কা’ৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই কয়– বিদেশী চৰকাৰ আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে কৰা আন্দোলন একে নহয়৷ একাংশ লোকে ৰাজপথৰ আন্দোলন পৰিহাৰ কৰি ৰাজনৈতিক যুঁজ দিবলৈ গৈ প্ৰায় শূন্য স্থিতি পোৱাৰ পিছতো তেওঁলোকে ‘কা’ক লৈ চৰকাৰক প্ৰশ্ন তুলিব বাদ দি প্ৰশ্ন তুলিছে ছাত্ৰ সন্থাক লৈ৷ ছাত্ৰ সন্থাক আন্দোলনৰ নীতি শিকোৱাৰ দৰকাৰ নাই৷ আন্দোলনৰ নীতি শিকিবলৈ আহে ছাত্ৰ সন্থাৰ ওচৰলৈ৷ ‘কা’ক লৈ বিশিষ্ট শিক্ষাবিদ আব্দুল মান্নানে কয়– অসমত গণতান্ত্ৰিক ব্যৱস্থা ধৰ্ষিত হৈছে, বিপন্ন হৈছে৷ কৃষক আন্দোলনে যি পথ দেখুৱাইছে তাৰ পৰা আমি জনতা কিমান শক্তিশালী বুজি উঠা উচিত৷ সকলো দলকে একত্ৰিত কৰি এখন মঞ্চত প্ৰতিবাদ কৰিলে নি(য় সুফল পাম৷ ‘কা’ আমি নামানো৷ ‘কা’ বাতিল কৰি অসমখনক সুৰক্ষা দিব লাগিব৷ চি পি আই এমৰ নেতা উদ্ধৱ বৰ্মনে কয়– ‘কা’ সংবিধানবিৰোধী, সাম্প্ৰদায়িক, বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজন অনা আইন৷ এই আইনে দেশৰ সংবিধানৰ বাবে সাংঘাতিক বিপজ্জনক৷ আৰ এছ এছে এই কাম কৰিছে৷ বিজেপি আৰএছএছৰ দ্বাৰা পৰিচালিত৷ সকলো দল-সংগঠন ‘কা’ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিব লাগে৷ ইফালে, ‘কা’ সন্দৰ্ভত কংগ্ৰেছ নেতা মনজিৎ মহন্তই কয়– ‘কা’ আন্দোলন সাংস্কৃতিক অনুষ্ঠানৰ দৰে কৰিলে৷ তাত শিৰ ফুলাই গান গোৱা একাংশ শিল্পীয়ে এতিয়া বিজেপিৰ চুৱা চেলেকি আছে৷ এতিয়া অকল হিমন্ত আৰু জি পি সিঙৰ চৰকাৰ চলিছে  জি পি সিঙক গুলীওৱাৰ বাবে বিশেষভাবে মাতি অনা হৈছিল অসমলৈ৷

‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক বিভিন্ন দল-সংগঠনৰ স্মৰণ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ ঃ ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ হাতীগাঁও হাইস্কুলত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অধিবক্তা, শিল্পীৰ উপস্থিতিত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ অনুষ্ঠানত পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, অধিবক্তাদ্বয় সত্যেন শৰ্মা, নেকিবুৰ জামান, শিল্পী আমিনুল হক আৰু শ্বহীদ ছেমৰ পিতৃ বিজয় ষ্টেফ’ৰ্ডে৷ ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই আঁত ধৰা অনুষ্ঠানত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, শিল্পী জুবিন গাৰ্গ, অধিবক্তা নেকিবুৰ জামান, সত্যেন শৰ্মা, সমাজকৰ্মী-গীতিকাৰ মঞ্জুলা হাজৰিকা, গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সভাপতি আমিনুল হকে ‘কা’ৰ বিৰোধিতা কৰি বক্তব্য আগবঢ়োৱাৰ উপৰি ‘কা’বিৰোধী যুঁজখন আগবঢ়াই যাব বুলি একমুখে সংকল্প গ্ৰহণ কৰে৷ কা আন্দোলনত গুলীবিদ্ধ হাতিগাৱঁৰ ৰাজেন মেধিক ৫০ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে হাতীগাৱঁৰ দুই যুৱ ব্যৱসায়ীয়ে৷ যুৱ ব্যৱসায়ী নুৰুল হক [ৰিKI×ু]আৰু আজনুৰ আলীয়ে ৰাজেন মেধিক প্ৰদান কৰে এই আৰ্থিক সাহায্য৷ গুলীবিদ্ধ ভৰিত পৰিধান কৰিবৰ বাবে এযোৰ কৃত্ৰিম জোতাৰ বাবেও প্ৰদান কৰে ১০ হাজাৰ টকা৷ কা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত আহত হৈ ঘূণীয়া হৈছিল ৰাজেন মেধি৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ান মৰ্মে ব্যক্তিজনক সহায় কৰিবলৈ ওলাই আহে ব্যৱসায়ী দুজন৷ হাতীগাৱঁত অনুষ্ঠিত হোৱা পঞ্চ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য উপদেষ্টা সমুজ্বল ভট্ৰাচাৰ্যৰ হাতেৰে প্ৰদান কৰে এই সাহায্য৷ ’কা’ বিৰোধী সম্বন্ধয় সমিতি, অসমৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰত ‘ছহিদ স্মৰণ আৰু সংকল্প দিৱস’ৰ আয়োজন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে গণশিল্পী হুমায়ুন চৌধুৰীয়ে গীত পৰিবেশন কৰে৷ তাৰপাছত শ্বহীদ বেদীত উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্মৃতি তৰ্পন কৰে৷’ কা’ বিৰোধী সম্বন্ধয় সমিতি, অসমৰ মুখ্য সম্বন্বয়ক দেবেন তামুলিয়ে আঁতধৰা সভাখনত ‘কা’ বিৰোধী সম্বন্বয় সমিতি, অসমৰ সভাপতি ড॰ হীৰেণ গোহাঁই, অধ্যাপক আব্দুল মান্নান, কংগ্ৰেছ নেতা মনজিত মহন্ত, চি পি আই নেতা মুনিন মহন্ত, চি পি আই এমৰ নেতা উদ্ধৱ ভৰালী, এন চি পিৰ নেতা হৃদয়ানন্দ গগৈ, ‘কা’ আন্দোলনত নিহত হোৱা দীপাঞ্জল দাসৰ পিতৃ খনেন দাস, ছেম ষ্টেফ’ৰ্ডৰ ভিনিয়েক চাদেক আলি, আব্দুল আলিমৰ পৰিয়ালৰ লোক আদি উপস্থিত থাকি ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰে আৰু ‘কা’ আইন বাতিলৰ বাবে আন্দোলন অব্যাহত থাকিব বুলি কয়৷ ইফালে, অসম জাতীয় পৰিষদৰ ‘জাতীয় স্বাভিমান যাত্ৰা’ৰ তৃতীয় দিনা ‘আত্মবলিদান দিৱস’ত কা আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ গৃহস্থান ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাত দলে শ্বহীদ ঈশ্বৰ নায়কসহ পঞ্চশ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপসভাপতি অঞ্জন উপাধ্যায়, সম্পাদকত্ৰয় ৰাজীব ভট্টাচাৰ্য, প্ৰিন্স ফাইজুল হক আৰু জান বৰা, কাৰ্যালয় সম্পাদক নিখিল ভট্টাচাৰ্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতী আৰু অৰূপ কলিতা প্ৰমুখ্যে নেতাসকলে শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ দলৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কক ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত সভাপতি গগৈ, সাধাৰণ সম্পাদক ভূঞা, যুটীয়া সম্পাদক দুলদুল বৰকটকী আৰু কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতীসহ নেতাসকলে ভাষণ দিয়ে৷

আনহাতে ‘‘কা’’ আন্দোলনৰ পঞ্চ শ্বহীদ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা দেওবাৰে দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়৷ ‘কা’ আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছহিদ ছেম ষ্টেফ’ৰ্ডৰ পদূলিৰ পৰাই অসমবাসীক পুনৰ জাতীয় সংগ্ৰামৰ বাবে সাজু হোৱাৰ আহ৩ান জনায় কৃষক মুক্তিয়ে৷ দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘কা’ আন্দোলনৰ পঞ্চ ছহিদৰ সোঁৱৰণত ছহিদ ছেম ষ্টেফ’ৰ্ডৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ ২০১৯ চনৰ আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত হৈছিল৷ এই কলা আইন গৃহীত হোৱাৰ দুটা বছৰ অতিক্ৰম কৰাৰ ক্ষণত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পঞ্চ ছহিদ ছেম ষ্টেফৰ্ড দীপাঞ্জল দাস, বিজেন্দ্ৰ পাংগিং, আব্দুল আলিম আৰু ঈশ্বৰ নায়কৰ স্মৃতি তৰ্পৰ্ণৰ উদ্দেশ্যে পুৱা জ্জ্ব.৩০ বজাত ছেম ষ্টেফৰ্ডৰ বাসগৃহত পাঁচগছি বন্তি প্ৰজ্বলনেৰে ছহিদ তৰ্পণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ লগতে পঞ্চ ছহিদক সোঁৱৰি এখন স্মৃতি চাৰণ সভাৰ আয়োজন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই আঁত ধৰা সভাখনত উপস্থিত থাকে ‘কা’ আন্দোলনৰ নেতৃত্ব দি এক বছৰ সাত মাহ কাৰাবন্দী হোৱা কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্ত৷ নেকিবুব জামান, সক্ৰিয় সমাজকৰ্মী সুমিত্ৰা হাজৰিকা, বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি লগতে স্থানীয় ৰাইজ৷ 

বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱাই সভাত বক্তব্য প্ৰদান কৰি পঞ্চ শ্বহীদৰ ত্যাগক স্মৰণ কৰাৰ লগতে পৰিয়ালৰ অৰ্থনৈতিক দুৰ্দশাৰ সময়ত আন্দোলনকাৰী দল-সংগঠনসমূহক পৰিয়ালকেইটাৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ৩ান জনায়৷ সক্ৰিয় সমাজকৰ্মী সুমিত্ৰা হাজৰিকাই সভাত বক্তব্য প্ৰদান কৰি কয়– সকলো অসমপ্ৰেমী ৰাইজে পুনৰ একত্ৰিত হৈ ‘কা’ বাতিলৰ বাবে সংকল্পবদ্ধ হ’ব লাগে৷ সভাত বক্তব্য প্ৰদান কৰি  অখিল গগৈয়ে কয় ‘ ছহিদ পৰিয়ালসমূহৰ অৰ্থনৈতিক সহায়ৰ বাবে কৰ্পাছ ফাণ্ড গঠনৰ জৰিয়তে ৰাইজৰ পৰা দান বৰঙনি সংগ্ৰহ কৰি ছহিদ পৰিয়াল কেইটাৰ বাবে জাতীয় পুঁজি সংগ্ৰহৰ বাবে তেওঁ নিজেও এই ক্ষেত্ৰত উদ্যোগ ল’ব বুলি ঘোষণা কৰে৷

‘কা’ আন্দোলনৰ শ্বহীদক স্মৰণ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ 

আমাৰ অসম ঃ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ‘কা’ আন্দোলনৰ প্ত শ্বহীদক স্মৰণ৷ আজি সন্ধিয়া প্ত বজাত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জাতি-মাটি-ভেটিৰ স্বাৰ্থত ৰাজপথত ওলাই আহি ‘কা’বিৰোধী আন্দোলনত প্ৰাণআহুতি দিয়া প্তশ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি চিন্ময় লহকৰে আঁত ধৰা অনুষ্ঠানটোত মুখ্য বন্তি প্ৰজ্বলক হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক সমুদ্ৰ পাটগিৰিয়ে উপস্থিত থাকি শ্বহীদক স্মৰণ কৰি কয় জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱাপৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰি যাব বুলি জনায়৷ এই অনুষ্ঠানত উপস্থিত থাকে বজালী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শৰ্মা, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গাংগুলি, উপ- সভাপতি দ্বীপজ্যোতি তালুকদাৰ, হস্তীনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সীমান্ত তালুকদাৰ,  বজালী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক চাণক্য দাস, সদস্য ৰাতুল দত্ত৷ ইয়াৰ পাছতে শ্বহীদৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি অনুষ্ঠানটোৰ সামৰণি মাৰে৷ 

হোজাইত এজেপি আৰু ছাত্ৰ সন্থাৰ প্ৰতিবাদ

‘আমাৰ অসম’ ঃ হোজাই জিলা নীলবাগানত আজি সন্ধিয়া হোজাই জিলা অসম জাতীয় পৰিষদে আত্মবলিদান দিৱস পালন কৰাৰ লগতে ডবকাত ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ‘কা’ৰ প্ৰতিবাদত মৃত্যুবৰণ কৰা ৬জন শ্বহীদৰ স্মৃতিত এজেপিৰ সদস্যসকলে পালন কৰে এই আত্মবলিদান দিৱস৷ প্ৰতিবাদত আত্মবলিদান দিয়া শ্বহীদসকলৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এজেপিৰ হোজাই জিলা সমিতিয়ে৷ শ্বহীদ ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল হালিম আৰু দীজেন্দ্ৰ পাংগিঙৰ আত্মাৰ সদ্‌গতি কামনা কৰি ‘কা’ বাতিল কৰাৰ দাবী জনায় সংগঠনটোৱে, আনহাতে, আছুৰ হোজাই জিলা সমিতিয়ে ডবকা পুলিচ পইণ্টত ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদসকলৈ আজি সন্ধিয়া ডবকা পলিচ পইণ্টত বন্তি প্ৰজ্বলন কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায়৷

‘কা’ আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চন্দ্ৰপুৰ আছুৰ

‘আমাৰ অসম’ ঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানত সমগ্ৰ অসমৰ লগতে চন্দ্ৰপুৰতো চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ‘কা’ বিৰোধী সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ শ্যাম ষ্টেফৰ্ড, আব্দুল, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, দীজেন্দ্ৰ পাংগিং প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সন্ধিয়া চন্দ্ৰপুৰ শ্বহীদ বেদী প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিষ্ণুৰাম বড়োৱে কয় যে ‘কা’ অসম মনা নাই আৰু নামানে৷ ‘কা’ বাতিল নোহোৱালৈ সংগ্ৰাম অব্যাহত থাকিব৷ তাত জেষ্ঠ নাগৰিকসকলে পূৰ্ণ সহযোগিতা আগবঢ়াব৷ প্ৰাগজ্যোতিষপুৰ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন বসুমতাৰী, চন্দ্ৰপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কিৰণ দাস, সম্পাদক মদন কলিতা, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমনি কলিতা, সহকাৰী সাধৰণ সম্পাদক, বিপজ্যোতি মালাকৰ, শিক্ষা সম্পাদক মৃদুল কুমাৰ দাস, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা, সাধাৰণ সম্পাদক সৌৰভ দাস উপস্থিত থাকে৷

‘কা’ আন্দোলনৰ শ্বহীদক টংলা আছুৰ স্মৰণ

‘আমাৰ অসম’ঃ অসম আৰু অসমীয়াৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী কুখ্যাত জাতিধবংসী আইন ‘কা’বিৰোধী আন্দোলনত মৃত্যুবৰণ কৰা পঞ্চ শ্বহীদক আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনত স্মৰণ কৰা হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা, সম্পাদক ৰিংকু ডেকা প্ৰমুখ্যে বিষয়ববীয়াই ‘কা’ আন্দোলনৰ পঞ্চশ্বহীদ চেম ষ্টেফৰ্ড, দিপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল হালিম আৰু দ্বিজেন্দ্ৰ পাংগিঙক সুঁৱৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে একাজলি শ্ৰদ্ধাৰ্ঘ জনায়৷ লগতে জাতিধবংশী ‘কা’ বাতিল কৰিবলৈ তীব্ৰ দাবী জনায় চৰকাৰক৷