Logo
image

ডিব্ৰুগড়ত অনুৰাগীৰ আতিশয্যত মেৰী কমৰ দৌৰ

আমাৰ অসম, ১৩ ডিচেম্বৰঃ উজনি অসমৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেওবাৰে উপস্থিত হয় পদ্মভূষণ তথা আন্তৰাষ্ট্ৰীয় বক্সাৰ ৰাণী এম চি মেৰিকম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক ক্ৰীড়া সপ্তাহত অংশ ল’লে বক্সাৰ খেলুৱৈগৰাকীয়ে৷ ইফালে মেৰিকমৰ আগমণক লৈ উখল-মাখল পৰিৱেশ নাহৰৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত৷ দেশৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ মেৰী কমৰ আগমণক লৈ স্বাভাৱিকতেই উছাহ দেখিবলৈ পোৱা গ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত৷ প্ৰথমবাৰলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অহা মেৰী কমক সন্মুখত পাই উল্লাসিত হৈ পৰিল শিক্ষাৰ্থীসকল৷ বক্সিঙত অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈক অনুৰাগীসকলে জনালে বিপুল আদৰণি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত আজিৰ অনুষ্ঠিত কৰা ৫২ সংখ্যক ক্ৰীড়া সপ্তাহত মুখ্য অতিথি  হিচাপে উপস্থিত থাকে ষষ্ঠবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম৷ ভাৰত চৰকাৰৰ আয়ুষ, জলপৰিবহণ, জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত হোৱা মেৰী কমক বিশ্ববিদ্যালয়ৰ ৩৪টাকৈ বিভাগে জনালে অভিবাদন৷ ক্ৰীড়া সপ্তাহৰ শুভাৰম্ভ অনুষ্ঠানত মেৰী কমে ক’লে নিজৰ যাত্ৰা আৰু জীৱনৰ কথা৷ মণিপুৰৰ দৰে এখন ৰাজ্যৰ অখ্যাত গাঁৱৰ পৰা কিদৰে আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত খোজ দিছিল সেই সন্দৰ্ভতো খেলুৱৈগৰাকী নিজৰ ভাষণত উল্লেখ কৰে৷ বিশেষকৈ মহিলাসকলে নিজকে দুৰ্বল প্ৰাণী হিচাপে কেতিয়াও ভাবিব নালাগে বুলি মন্তব্য কৰি কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰাহে মানুহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও প্ৰকাশ কৰে৷ এটা কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মেৰী ৱকমে তেওঁৰ এই যাত্ৰাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হোৱা বুলিও মন্তব্য কৰিছে৷ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ ফলতে মেৰী নকমে এই পৰ্যায়ত উপনীত হোৱা বুলি প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলকো কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ৩ান জনায়৷ ইফালে  ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহি যথেষ্ট ভাল লগা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ আনহাতে এটা বাক্যতে সংবাদ মাধ্যমক সম্বোধন কৰি অনুৰাগীৰ ভিৰৰ বাবে দৌৰ দিবলগীয়া হয় আন্তৰাষ্ট্ৰীয় বক্সাৰ খেলুৱৈগৰাকী৷ এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ আয়ুষ, জলপৰিবহণ, জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক দক্ষিণ-পূৱ এছিয়াৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ৩ান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈকো আহ৩ান জনায়৷ আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা বিভাগ স্থাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ সেইদৰে ইয়াৰ ঔষধি গছ-বনসমূহ চিনাক্ত কৰি উপযুক্ত কামত ব্যৱহাৰ কৰিব পৰাকৈ এটা গৱেষণাগাৰো স্থাপন কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিকে আদৰণী ভাষণ প্ৰদান কৰা এই শুভাৰম্ভ অনুষ্ঠানত বিশ্ববিদ্যালয় আৰু ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে উপাচাৰ্য ড॰ লীলাকান্ত নাথ আৰু ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈয়ে৷ এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ জীতেন্দ্ৰ হাজৰিকা, এথলেটিক মেনেজাৰ স্তুতি গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইফালে এই অনুষ্ঠানতে ক্ৰীড়া সপ্তাহত অংশগ্ৰহণ কৰা ৩৪টাকৈ বিভাগৰ খেলুৱৈসকলক শপত বাক্য পাঠ কৰালে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উপ-সভাপতি লক্ষীনন্দন টায়েই৷