Logo
image

তেজপুৰত অমিক্ৰনক লৈ অযথা আতংক

আমাৰ অসম, ১৩ডিচেম্বৰঃ অমিক্ৰনক লৈ তেজপুৰত সৃষ্টি হৈছে অযথা আতংক৷ চৌদি আৰবৰ কাটাৰৰ পৰা যোৱা ৪ ডিচেম্বৰত শোণিতপুৰৰ বালিপাৰাত উপস্থিত হোৱা এজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা যুৱকজন অমিক্ৰন আক্ৰান্ত হয় নে নহয় ইয়াৰ প্ৰয়োজনীয় নমুনা পৰীক্ষাৰ বাবে আজি ডিব্ৰুগড়ৰ লাহোৱালস্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ লাহোৱালৰ পৰা পৰীক্ষাৰ ফলাফল   আহিলেহে গম পোৱা যাব লোকজন অমিক্ৰন আক্ৰান্ত নেকি৷ উল্লেখ্য, শনিবাৰে নিশা এই লোকজনৰ গাত অমিক্ৰন ধৰা পৰা বুলি সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ চলিছিল৷ শোণিতপুৰৰ বালিপৰাৰ বুঢ়াগাঁও চাপৰিৰ সূৰ্য বাহাদুৰ তামাং নামৰ এই লোকজনৰ শৰীৰত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা বুলি হোৱা প্ৰচাৰৰ সত্যতাক নুই কৰিছে ৰাজ্যৰ স্বাস্থ্যবিভাগে৷ ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃৰ্পক্ষৰ লগতে শোণিতপুৰৰ উপায়ুক্তই এই বিষয়ে প্ৰকাশ কৰি কয় যে, ৪ ডিচেম্বৰত কাটাৰৰ পৰা অহা লোকজন গৃহ পৃথক্কৰণত থকাৰ লগতে এণ্টিজেন টেষ্টত তেওঁৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ ধৰা পৰা নাছিল৷ পাছত আৰ টি পি চি আৰ টেষ্টত তেওঁ ক’ভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷ যোৱা নিশা ১০-৩০বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় তামাঙক৷ কিন্তু যাৱতীয় পৰীক্ষা সম্পন্ন নোহোৱাকৈয়ে তেওঁ অমিক্ৰণত আক্ৰান্ত হোৱা বুলি বিয়পি পৰে৷ আনহাতে, শোণিতপুৰত আতংকৰ অন্য নাম অমিক্ৰ’ণৰ উপস্থিতি নুই কৰিছে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে৷ ক’ভিডৰ এণ্টিজেন পৰীক্ষাত নিগেটিভ চিনাক্ত যুৱক জনৰ আৰটি-পিচিআৰত পজিটিভ অহাত লক্ষণবিহীন যুৱক জনক যোৱা ৰাতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰা হৈছে৷ বৰ্হি ৰাষ্ট্ৰৰ পৰা অহা হেতু যুৱক জনৰ নমুনা কভিডৰ অমিক্ৰন ভাইৰাছ সম্পৰ্কীয় পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে সাংবাদিকৰ আগত আজি সদৰি কৰিছে৷ ইফালে দেওবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে অমিক্ৰনেৰে যুঁজিব সাজু স্বাস্থ্য বিভাগ৷ তেওঁ কয় যে তেজপুৰৰ যিজন ব্যক্তিৰ কভিড পজিটিভ আহিছে তেওঁ ডুবাইৰ পৰা আহিছিল৷ ব্যক্তিজনৰ স্বাব টেষ্টৰ বাবে কলিকতাৰ কল্যাণীলৈও পঠোৱা হৈছে৷ ৰিজাল্ট আহিলেহে গম পোৱা যাব৷ পুনৰ ৰাজ্যত নতুন কভিড হাস্পাতাল খোলা হৈছে৷ মন্ত্ৰীজনে কয় যে ৮ ম শ্ৰেণীৰ পৰা ১০ ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰী সকলক স্বাস্থ্য সম্পৰ্কীয় জ্ঞান দিবৰ বাবে নতুন কাৰিকুলাম অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰা হৈছে৷ আনহাতে, ইতিমধ্যে শংকৰদেৱ ইউনিভাৰ্চিটি ক দায়িত্ব দিয়া হৈছে৷ কা আন্দোলনৰ প্ৰসংগত একো নকও বুলি ক’লে স্বাস্থ্যমন্ত্ৰীজনে৷