Logo
image

‘লেণ্ডমাৰ্ক’ লাগে চৰকাৰক নহ’লে আইনী ব্যৱস্থা

আমাৰ অসম, ১২ ডিচেম্বৰ ঃ পূৰ্বৰ ৰাধাগোবিন্দ বৰুৱা অতিথিশালা আৰু বৰ্তমানৰ হোটেল লেণ্ডমাৰ্ক ২০ বছৰ বৰুৱাঞ্চ এণ্ড এছ’চিয়েটছৰ অধীনত থকাৰ পাছত হোটেলখন অসম চৰকাৰৰ ব’ৰ্ড অৱ স্পৰ্টছে ঘুৰাই ল’ব৷ উল্লেখ্য, ২০ বছৰ পূৰ্বে অসম চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি আৰ জি বৰুৱা অতিথিশালা লীজত লৈছিল বৰুৱা এণ্ড এছ’চিয়েটছে আৰু পৰৱৰ্তী সময়ত অতিথিশালাটো হোটেল লেণ্ডমাৰ্ক নামেৰে নতুন ৰূপ দিয়া হৈছিল৷ চলিত বছৰৰ এপ্ৰিলত ২০ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত চুক্তি অনুসৰি অসম চৰকাৰে হোটেল লেণ্ডমাৰ্ক ঘুৰাই বিচাৰি বৰুৱা এণ্ড এছ’চিযেটছলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ দুখনকৈ পত্ৰ প্ৰেৰণৰ পাছত বৰুৱা এণ্ড এছ’চিয়েটছে চৰকাৰৰ নিৰ্দেশৰ প্ৰত্যাহ৩ান জনাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷  এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে সেই সময়ত অসম চৰকাৰ আৰু বৰুৱা এণ্ড এছ’চিয়েটছৰ সৈতে হোৱা চুক্তি অনুসৰি লীজৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পাছতো লীজত লোৱা পক্ষই বিচাৰিলে পুনৰ ২০ বছৰৰ ম্যাদ বৃদ্ধি কৰাৰ ব্যৱস্থা আছিল৷ বৰুৱা এণ্ড এছ’চিয়েটছে সেই প্ৰসংগ উল্লেখ কৰি পুনৰ ২০ বছৰৰ বাবে হোটেল লেণ্ডমাৰ্ক নিজৰ অধীনত ৰখাৰ অনুমতি বিচাৰিছিল৷ কিন্তু ন্যায়ালয়ে সেই আৱেদন নাকচ কৰে৷ লগতে ব’ৰ্ড অৱ স্পৰ্টছে বৰুৱা এণ্ড এছ’চিয়েটছলৈ পূৰ্বতে প্ৰেৰণ কৰা দুয়োখন পত্ৰ বৈধ বুলি উল্লেখ কৰে৷ ২ নৱেম্বৰত ন্যায়ালয়ে ৰায়দান কৰি কয় যে অসম চৰকাৰে বৰুৱা এণ্ড এছ’চিয়েটছক হোটেল লেণ্ডমাৰ্ক প্ৰসংগত দুমাহৰ বাবে কোনো ধৰণৰ আমনি কৰিব নোৱাৰিব৷ অৰ্থাৎ ২ জানুৱাৰীৰ ভিতৰত প্ৰতিষ্ঠানটোৱে হোটেলখন অসম চৰকাৰক চমজাই নিদিলে চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব৷ ইপিনে, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জনোৱা অনুসৰি হোটেলখন ঘূৰাই পোৱাৰ পাছত সেই স্থানত বিভিন্ন ইভেণ্টৰ প্ৰায় ২০টা সন্থাৰ কাৰ্যালয় স্থাপন কৰিব পৰা যাব৷ শইকীয়াই লগতে কয় যে, অসম চৰকাৰ আৰু বৰুৱা এণ্ড এছ’চিয়েটছৰ মাজত হোৱা চুক্তিৰ নথি-পত্ৰ থকা ফাইলটো ২০২০১ পৰা হেৰাই আছে৷ এই বিষয়ত ইতিমধ্যে আৰক্ষীক অৱগত কৰা হৈছে৷ স্মতব্য  যে প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদৰ চৰকাৰৰ দিনত তেনেই  কম মূল্যত ৰাধা গোবিন্দ বৰুৱা অতিথিশালাটো লীজত ল’বলৈ সক্ষম হৈছিল বৰুৱা এণ্ড এছ’চিয়েটছে৷ বিগত ২০ বছৰ ধৰি তেনেদৰেই বৰুৱা এণ্ড এছ’চিয়েটছে অতিথিশালাটো হোটেল লেণ্ডমাৰ্ক নামেৰে চলাই আছিল৷ ইফালে, দীৰ্ঘদিনৰ আইনী যুঁজৰ পাছত অসম চৰকাৰে ফ্লাইং ক্লাবটো ঘুৰাই পাইছে বুলি শইকীয়াই লগতে জানিবলৈ দিয়ে৷