Logo
image

নিৰ্জলা কলহীৰ বালিচৰত চট্‌ফটাইছে বিৰল শিহুৱে

আমাৰ অসম, ১৪ ডিচেম্বৰ ঃ সমগ্ৰ বিশ্বৰ ভিতৰতে দুষ্প্ৰাপ্য শিহুৰ বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে কলহী নদী৷ সম্প্ৰতি দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ কলহী নদী শুকাই যোৱাৰ ফলত মাছ-কাছৰ লগতে শিহুৰ প্ৰতিও তীব্ৰ ভাবুকি আহি পৰিছে৷ নদীৰ পানী শুকাই যোৱাৰ ফলত ঠায়ে ঠায়ে বালিৰ চৰ পৰিছে৷ যাৰ বাবে মৃত্যুৰে ছটফটাইছে দুষ্প্ৰাপ্য শিহুসমূহ৷ মেঘালয়ৰ পৰা বৈ অহা এই নদী কুলসীৰে বৈ আহি কলহী নাম লৈ নগৰবেৰাৰ জলজলী নদীত লগ লাগিছে৷ কলহী নদীৰ বিভিন্ন স্থানত বিশেষকৈ কুকুৰমাৰাৰ ‘দামুখা’ ২নং জীয়াকুৰৰ এটা অংশ, সাপৰটাৰী, ছমৰীয়া নগৰবেৰাৰ এটা অংশত বসতি স্থাপন কৰে যদিও সমগ্ৰ কলহী নদী শিহুৰ বিচৰণস্থলী৷ বৰ্তমান এই দুষ্প্ৰাপ্য প্ৰাণীবিধ কলহী নদীত নিৰাপদ নহয়৷ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে কলহী নদীৰ বিভিন্ন স্থানত মেচিনেৰে বালি খনন চলোৱাৰ বাবেই বিভিন্ন সময়ত শিহুৰ মৃত্যু হৈছে৷ বন বিভাগৰ একাংশ ধনলোভী বিষয়া-কৰ্মচাৰীৰ সহযোগত এই দুষ্প্ৰাপ্য প্ৰাণীবিধ সংকটৰ গৰাহত৷ ইতিমধ্যে বিগত সময়ছোৱাত কলহীৰ বুকুত কেইবাটাও শিহুৱে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ শেহতীয়াভাৱে উদৰ ওপৰত দানহ পৰাৰ দৰে সংকটাপূৰ্ণ শিহুকেইটাৰ ওপৰত প্ৰকৃতিও ৰুষ্ট হৈ পৰিছে৷ বিগত কিছুদিন ধৰি তীব্ৰহাৰত কলহী নদীৰ পানী শুকাই যোৱাৰ বাবে ছটফটাই আছে কলহীৰ শিহুসমূহ৷ নদীৰ পানী শুকাই বিভিন্ন স্থানত বালিচৰ পৰিছে৷ যাৰ বাবে জীৱন-মৰণৰ মাজত আছে শিহুসমূহ৷  আনহাতে, কুকুৰমাৰাৰ সমীপৰ বৰতেজপুৰত থকা এটি প্ৰতিষ্ঠিত উদ্যোগেও কলহী নদীৰ শিহুৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ উদ্যোগটোৱে কলহী নদীৰ দোমুখাৰ এটা অংশত নদী বেদখল কৰি দেৱাল দিছে৷ এই দেৱালখনত খুন্দা খাই শিহু আঘাতপ্ৰাপ্ত হোৱা বুলিও অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত স্থানীয় ৰাইজে অবৈধ দেৱালখনৰ বিৰুদ্ধে প্ৰশাসনক অভিযোগ দি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কলহী নদীৰ শিহুৰ এনেকুৱা দুৰৱস্থাৰ তথ্য লাভ কৰি দেওবাৰে অসম অনুসূচীত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস কুকুৰমাৰাত উপস্থিত হয়৷  উল্লেখ্য যে, কলহী নদী শুকাই যোৱাৰ ফলত এই অঞ্চলৰ মাছ-কাছ, গৰু-ছাগলী তথা কৃষিজীৱি লোকৰ প্ৰতিও ভাবুকি আহি পৰিছে৷ বিশেষকৈ কলহী নদীত পানী শুকাই যোৱাত দক্ষিণ-পূব এছিয়াৰ ভিতৰতে অদ্বিতীয় নদী শিহুৰ প্ৰতি ভয়াৱহ বিপদ নামি অহাৰ খবৰ লাভ কৰি অধ্যক্ষ জয়ন্ত দাসে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত বিষয়টো আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়ে৷  নদীখনৰ পৰিৱেশ দেখি দুখপ্ৰকাশ কৰি দাসে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি অনুসূচিত জাতিৰ এই মানুহখিনিৰ উপকাৰৰ বাবে যিকোনো ত্যাগ কৰি হ’লেও চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে৷