Logo
image

সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ

জাষ্টিচ ফৰ জাজঃসংসদক লৈ বিৰূপ মন্তব্য

আমাৰ অসম, ১৪ ডিচেম্বৰ ঃ বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে  মাজে সময়ে বিতৰ্কৰ সৃষ্টি কৰি থকা ৰাজ্যসভাৰ সদস্য ৰঞ্জন গগৈৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি জাননী জাৰি কৰিছে৷ সাংসদ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম বেনজিৰ নূৰ আৰু জহৰ ছিৰকাৰে৷ ৰাজ্যসভাত তেওঁৰ দীঘলীয়া অনুপস্থিতিক লৈ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু এতিয়াৰ ৰাজ্যসভাৰ সদস্য ৰঞ্জন গগৈয়ে তেওঁৰ মন গ’লেহে ৰাজ্যসভালৈ যাব বুলি মন্তব্য কৰিছিল৷ ৰঞ্জন গগৈৰ সেই মন্তব্য ৰাজ্যসভাৰ সদস্য হিচাপে পৰিপন্থী বুলি অনুভৱ কৰিয়েই তৃণমূল কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য, অলপতে আত্মজীৱনী উন্মোচনৰ এটা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক সাংবাদিকে তেওঁৰ সংসদৰ অনিয়মীয়া উপস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰিছিল৷ তাৰ উত্তৰত ৰঞ্জন গগৈয়ে কৈছিল– ‘মোৰ যেতিয়া মন যাব তেতিয়াহে ৰাজ্যসভালৈ যাম৷ যিটো বিষয় মোৰ গুৰুত্বপূৰ্ণ যেন লাগিব সেই বিষয়তহে মই মন্তব্য দিম৷ মই ৰাজ্যসভাৰ মনোনীত সদস্য৷ কোনো দলৰ হুইপ মানিবলৈ মই বাধ্য নহয়৷ ৰাজ্যসভাত সামাজিক ব্যৱধান ৰাখি আসন গ্ৰহণ কৰাৰ কোনো নিয়ম নাই৷ তেনে পৰিৱেশত মই ৰাজ্যসভাত উপস্থিত থকাটো সম্ভৱ নহয়৷’ তাৎপৰ্যপূৰ্ণ এয়াই যে, ২০২০ চনৰ মাৰ্চৰ পৰা ৰাজ্যসভাৰ সদস্য হৈ থকা ৰঞ্জন গগৈৰ কাৰ্যকালত যিকেইখন সংসদৰ অধিৱেশন অনুষ্ঠিত হৈছে তাত তেওঁৰ উপস্থিতি দহ শতাংশতকৈয়ো কম৷সম্প্ৰতি ৰঞ্জন গগৈয়ে লিখি উলিওৱা আত্মজীৱনীক কেন্দ্ৰ কৰিও বিতৰ্কৰ সৃষ্টি হৈছে৷ উক্ত আত্মজীৱনীত তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, এনআৰচি-ৰ প্ৰসংগক লৈ কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকা অৱস্থাত মুখ্য ন্যায়াধীশে তেওঁলোকক গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰৰ সুবিধা নিদিয়া বুলি আন চাৰিজন সতীৰ্থ ন্যায়াধীশক লৈ সংবাদ মেল অনুষ্ঠিত কৰি ৰঞ্জন গগৈয়ে অভাৱনীয় বিতৰ্কৰ সৃষ্টি কৰিছিল৷ আনহাতে মুখ্য ন্যায়াধীশ হৈ থকা অৱস্থাত উচ্ছতম ন্যায়ালয়ৰ কনিষ্ঠ সহায়ক এগৰাকীয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ ৰঞ্জন গগৈৰ সহায়ক হিচাপে নিয়োজিত উচ্ছতম ন্যায়ালয়ৰ মহিলা কৰ্মচাৰীগৰাকীক মুখ্য ন্যায়াধীশৰ দায়িত্বত থকা অৱস্থাত শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলোৱাৰ যি অভিযোগ উত্থাপন হৈছিল, সেই ঘটনাই দেশজুৰি অভূতপূৰ্ব চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ মুখ্য ন্যায়াধীশ হৈ থকা অৱস্থাত ৰঞ্জন গগৈয়ে নিজেই এখন বিচাৰপীঠ গঠন কৰি আৰু তাৰ মুৰব্বীৰ দায়িত্ব লৈ সেই অভিযোগৰ বিচাৰ কৰিবলৈ লোৱা ঘটনাই ততোধিক বিতৰ্কৰ সৃষ্টি কৰিছিল৷ দেশজুৰি সংবাদ মাধ্যমে ৰঞ্জন গগৈৰ সেই পদক্ষেপক লৈ তীব্ৰ সমালোচনা কৰাত তেওঁ বিচাৰপীঠৰ পৰা আঁতৰি আহে৷ এনে বহু বিতৰ্কৰে খবৰৰ শিৰোনাম হৈ থকা ৰঞ্জন গগৈয়ে এতিয়া তেওঁৰ ইচ্ছা হ’লেহে সংসদলৈ যাব বুলি কৰা মন্তব্যয়ো সমানেই বিতৰ্কৰ সৃষ্টি কৰিছে৷ অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কিছুদিনৰ পাছতে তেওঁক কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ৰাজ্যসভাৰ সদস্যৰ পদ গ্ৰহণ কৰোঁতেও বিতৰ্কৰ সৃষ্টি হৈছিল৷ কিয়নো ৰাজ্যসভাৰ সাংসদ পদ দেশৰ মুখ্য ন্যায়াধীশৰ পদমৰ্যাদাতকৈ বহুত তলৰ আছিল৷