Logo
image

মোদীৰ গংগাস্নান তীৰ্থত হিমন্তবিশ্বও

 অসমৰ একাধিক সত্ৰাধিকাৰ

হাজিৰ বাৰাণসীত

আমাৰ অসম, ১৪ ডিচেম্বৰ ঃ গেৰুৱা বসন পৰিধান কৰি সোমবাৰে কাশীত গংগাস্নান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নিৰ্বাচনমুখী উত্তৰ প্ৰদেশত একেদিনাই ইটোৰ পাছত সিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিৰ্বাচনী কেন্দ্ৰ বাৰাণসী বা কাশীক মোদীময় কৰি তুলিলে৷ ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা সকলো কাৰ্যসূচীয়েই আছিল চৰকাৰী, কিন্তু প্ৰতিটো কাৰ্যসূচীৰ উদ্দেশ্য আছিল বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি আৰু বিজেপিৰ প্ৰতি সমৰ্থন আদায়ৰ পূৰ্ণ প্ৰয়াস৷ আজিৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিটো কাৰ্যসূচীতে উপস্থিত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিজেপি শাসিত দেশৰ প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ সেই সূত্ৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাশীৰ সকলো কাৰ্যসূচীত সংগ প্ৰদান কৰে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশৰ কাৰ্যসূচীত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাও উপস্থিত আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কাশীত তেওঁৰ স্ব›Ÿৰ প্ৰকল্প বিশ্বনাথ কৰিড’ৰ উদ্বোধন কৰিলে৷ নিজৰ লোকসভা সমষ্টি বাৰাণসী অৰ্থাৎ কাশীত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰখ্যাত বিশ্বনাথ মন্দিৰত সোমবাৰে পূজা দিয়ে৷ তাৰ পাছতে তেওঁ বিশ্বনাথ মন্দিৰৰ স্ব›Ÿৰ প্ৰকল্প কৰিড’ৰ উদ্বোধন কৰি স্বভাৱজাত আকৰ্ষণেৰে ভৰা বক্তৃতা প্ৰদান কৰে৷ পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে পূজা দিয়ে কালভৈৰৱ মন্দিৰত৷ প্ৰতিটো কাৰ্যসূচীতে নিজৰ পোছাক সলনি কৰা মোদীয়ে পুৱা কালভৈৰৱ মন্দিৰৰ পূজাৰ সময়ত  পৰিধান কৰিছিল ধূসৰ ৰঙৰ কুৰ্তা, শৰীৰত মেৰিয়াই লৈছিল এখন শুধ বগা শ্বল৷ কালভৈৰৱ মন্দিৰত পূজাদান কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে কাশীৰ ৰাস্তাত তেওঁৰ দৰ্শনৰ বাবে অপেক্ষা কৰি থকা জনতাৰ অভিবাদন গ্ৰহণ কৰে৷ তাৰ পৰাই তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নাৱত উঠি গংগাৰ ললিতা ঘাটলৈ যায়৷ তাতেই তেওঁ আজি দিনটোৰ সৰ্বাধিক চৰ্চিত কাৰ্যসূচী, গংগাস্নান কৰে৷ তেতিয়া প্ৰধানমন্ত্ৰীৰ শৰীৰত জিলিকিছিল সম্পূৰ্ণ গেৰুৱা বসন৷ কাশীত গংগাৰ ললিতাঘাটত বুকুলৈকে পানীত নামি প্ৰধানমন্ত্ৰী মোদীয়ে বুৰ মাৰি উঠি গংগাৰ বুকুতে পূজা দিয়ে৷ গংগাস্নানৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে সোণালী ৰঙৰ তিৰবিৰাই থকা পোছাকেৰে  পুনৰ দৰ্শন দিয়ে৷ সেই ৰূপেৰেই তেওঁ যায় কাশী বিশ্বনাথ মন্দিৰলৈ৷ তাতো কিছুসময় ধৰি পূজা-অৰ্চনা কৰাৰ অন্তত ঘিঁউ, মৌ, চন্দন, ফুল, বেলপাতৰ মালাৰে আৰতি কৰে৷ পূজাৰ অন্তত মোদীয়ে মন্দিৰৰ চৌহদতে চাফাইকৰ্মীৰ স’তে সাক্ষাৎ কৰে আৰু খাদ্য গ্ৰহণো কৰে৷ ইয়াৰ পাছতে মোদীয়ে উদ্বোধন কৰে তেওঁৰ সাংসদ পুঁ‌জিৰে নিৰ্মিত কাশী বিশ্বনাথ  মন্দিৰৰ কৰিড’ৰ৷ কৰিড’ৰ উদ্বোধন কৰি তেওঁ বক্তৃতা প্ৰদান কৰে য’ত এসময়ত ঔৰংগজেৱে  কাশী মন্দিৰৰ অনিষ্ট কৰিবলৈ চলোৱা অপ-প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয়– যেতিয়া ঔৰংগজেৱে অত্যাচাৰ চলাবলৈ চেষ্টা কৰিছিল, তেতিয়া শিৱাজীও আছিল৷ মোগলৰ সেই অত্যাচাৰৰ কথা ইতিহাসে পাহৰা নাই আৰু শিৱাজীয়ে কৰা বিৰোধিতাৰ বিষয়ো দেশবাসীয়ে  পাহৰা নাই৷ প্ৰধানমন্ত্ৰী মোদীয়ে পৰিচ্ছন্নতা, উদ্ভাৱনী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প লোৱা বুলি দেশবাসীক জনায় আৰু ভাষণৰ মাজে মাজে ‘হৰ হৰ মহাদেৱ’ উচ্ছাৰণ কৰে৷ তেওঁ কয়, যাৰ হাতত ডম্বৰু, তেওঁৰেই কাশীত চৰকাৰ 

‘আমাৰ অসম’ ঃ প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণৰ সময়তে চহৰখনত উপস্থিত হৈছে অসমৰ কমেও কুৰিজন সত্ৰাধিকাৰ৷ মূলতঃ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধৰ্মীয় চহৰখনত উপস্থিত হৈছে৷ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ, নিগমানন্দ অধিকাৰী, শংকৰদেৱ বৈতৰণী সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক, ব্ৰহ্মধৰ্ম সমাজৰ আচাৰ্য চৰণ নাৰ্জাৰী, লক্ষীমান সংঘৰ মাৰ্গদৰ্শক বলৰাম পাংচু, নেপালী সমাজৰ ভাগৱতাচাৰ্য, পুৰুষোত্তম উপাধ্যায়, শ্ৰীদিনজয় সত্ৰৰ ডেকা সত্ৰাধিকাৰ, মুকুন্দ চন্দ্ৰ গোস্বামী, বকো সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্ত আদি বিহিমপুুৰ সত্ৰৰ ডেকাসত্ৰাধিকাৰ অতুল মহন্ত, কালিয়া গোসাঁই মন্দিৰ [টিহু]ৰ হৈ মথুৰ ডেকা, নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ, কামৰূপৰ কাৰ্যকৰী সভাপতি নাৱাৰাজ খানাল, উত্তৰ কমলাবাৰী সত্ৰৰ [বৰআলধৰা] ভকত বলোৰাম শইকীয়া, ি¦xচুৱেল অৰ্গেনাইজেশ্বন সমন্বয়ৰ যোগেশ শাস্ত্ৰী, কথক নৃত্যশিল্পী জয়ন্ত ভাগৱতী, গায়ক কল্লোল বৰঠাকুৰ, শিল্পী প’ল ফুকন, অভিনেতা নয়ন বৰুৱা আৰু শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আদি ইতিমধ্যে বাৰাণসীত উপস্থিত হৈছে৷