Logo
image

চণ্ডীগড়ৰ হাৰনাজ ব্ৰহ্মাণ্ডসুন্দৰী

আমাৰ অসম, ১৪ডিচেম্বৰঃ ২১ বছৰীয়া পাঞ্জাবী সুন্দৰী হাৰনাজ কৌৰ সান্ধুৱে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰিছে৷ ২০০০ চনত আন এগৰাকী পাঞ্জাবী ললনা লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰাৰ ২১ বছৰৰ পাছত হাৰনাজ কৌৰ সান্ধুৱে দেশক ২০২১ চনৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপৰ স্বাদ দিলে৷ ১৯৯৪ চনত ভাৰতক প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ খিতাপ আনি দিছিল বংগললনা সুস্মিতা সেনে৷ একে বছৰতে মিছ ৱল্ডৰ্ হৈছিল ঐশ্বৰ্য ৰায়৷ পঞ্জাবৰ হাৰনাজৰ জৰিয়তে ভাৰতে তৃতীয়বাৰৰ বাবে ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট কঢ়িয়াই অনাৰ কৃতিত্ব সৌন্দৰ্য বিশ্বৰ অন্যতম বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে৷ইজৰাইলৰ আইলাটত আয়োজিত ৭০সংখ্যক মিছ ইউনিভাৰ্ছৰ ফাইনেলত ভাৰতৰ হাৰনাজ সান্ধুৱে পাৰাগুৱেৰ নাডিয়া ফেৰেৰা আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা ছৱানেক পৰাজিত কৰে৷ চূড়ান্ত মুহূৰ্তত খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল পাৰাগুৱেৰ সুন্দৰী নাডিয়া আৰু ভাৰতৰ হাৰনাজৰ মাজত৷ ঘোষকে শ্বাহৰূদ্ধকৰ মুহূৰ্তত ভাৰতীয় সুন্দৰী হাৰনাজক মিছ ইউনিভাৰ্ছ বুলি ঘোষণা কৰে আৰু উত্তেজনাত তেওঁ প্ৰতিদ্বন্দ্বী নাডিয়াৰ দুয়োখন হাত ধৰি থকা অৱস্থাতে বহি পৰে৷ নতুন মিছ ইউনিভাৰ্ছ হাৰনাজ কৌৰ সান্ধুক বিজয়ীৰ মুকুট পৰিধান কৰাই দিয়ে ২০২০ চনৰ মিছ ইউনিভাৰ্ছ মেক্সিকোৰ সুন্দৰী এন্দ্ৰিয়া মেজাই৷পঞ্জাবৰ চণ্ডীগড় নিবাসী, উদীয়মান মডেল হাৰনাজ কৌৰ সান্ধুক প্ৰতিযোগিতাৰ প্ৰশ্নোত্তৰ কালত বিচাৰকে সুধিছিল– নাৰীয়ে মুখামুখি হোৱা চাপ কিদৰে মোকাবিলা কৰিব লাগে? উত্তৰত তেওঁ ক’লে– নাৰীয়ে আজিৰ পৃথিৱীত সন্মুখীন হোৱা চাপৰ কাৰণ হৈছে নিজৰ ওপৰত বিশ্বাসৰ অভাৱ৷ এই চাপ অতিক্ৰম কৰিবলৈ সকলোৱে নিজকে একক আৰু অনন্য হিচাপে বিশ্বাস কৰিব লাগে আৰু আনৰ সৈতে তুলনা কৰাৰ পৰা বিৰত থাকিব লাগে৷ এই উত্তৰেৰেই ভাৰতীয় সুন্দৰীগৰাকীয়ে বিশ্ব মঞ্চত বাজীমাৎ কৰে৷