Logo
image

ইচ্ছানুসৰি প্ৰাৰ্থীৰ নম্বৰ বঢ়োৱা কমোৱা কৰিছিল ৰাকেশ পালে

আমাৰ অসম, ১৪ডিচেম্বৰঃ মেধাৰ পৰিৱৰ্তে টকাৰ জোৰতহে প্ৰাৰ্থী এপিএছচিৰ বাচনিত উঠিছিল ৰাকেশ পাল বাহিনীৰ হাতত৷ ইচ্ছা অনুসৰি কোনো অযোগ্য প্ৰাৰ্থীৰ নম্বৰ বঢ়াইছিল দুৰ্নীতিৰ সম্ৰাট ৰাকেশ পাল আৰু তেওঁৰ অনুগতসকলে৷ যোগ্য প্ৰাৰ্থীৰ নম্বৰ ইচ্ছামতে কমাই বঞ্চিত কৰিছিল অসম লোকসেৱা আয়োগৰ কলংকৰ দাগ লগোৱা ৰাকেশ পাল বাহিনীয়ে৷ আনকি ৰাকেশ পালে নিজ হাতেৰে কৰিছিল এনে অপকৰ্ম৷ টেবুলেশ্বন শ্বীটত পচন্দৰ প্ৰাৰ্থীক নিজ হাতে নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে৷ ২০১৩ বৰ্ষৰ এপিএছ চিৰ বাচনিত উঠা পুষ্কল গগৈ নামৰ প্ৰাৰ্থীজনে জেনেৰেল ষ্টাডিজত লাভ কৰিছিল ১৩০ নম্বৰ৷ ১৩০ নম্বৰৰ লগত ৫০ নম্বৰ যোগ দি জেনেৰেল ষ্টাডিজত দিয়া হয় ১৮০ নম্বৰ৷ জেনেৰেল ইংলিছত ১৪৩১ লগত ৫০ যোগ দি ১৯৩, ৰাজনীতি বিজ্ঞানত ৮০১ লগত ৪০ যোগ দি ১২০ নম্বৰ দিয়া হৈছে৷ দুলেন হাতীবৰুৱা নামৰ প্ৰাৰ্থীজনে ছ’চিঅ’লোজিৰ প্ৰথম কাকতত লাভ কৰিছিল ৯৯ নম্বৰ৷ তাত ২০ নম্বৰ যোগ দি দিয়া হৈছে ১১৯ নম্বৰ৷ দ্বিতীয় কাকতত লাভ কৰিছিল ৪৮ নম্বৰ তাত যোগ দিয়া হৈছে ৬০ নম্বৰ৷ দুলেন হাতীবৰুৱাই মূল পৰীক্ষাত লাভ কৰিছিল ৭১৬ নম্বৰ৷ কিন্তু ৰাকেশ পালে এই নম্বৰ বৃদ্ধি কৰিলে ৮৪২ লৈ৷ কল্যাণ কুমাৰ দাসে নিজাকৈ লাভ কৰিছিল ৫৮৬ নম্বৰ৷ কিন্তু ৰাকেশ পালে তেওঁৰ নম্বৰ কৰিলে ৮৫৬ নম্বৰ৷ নন্দিনী কাকতি নামৰ এগৰাকী প্ৰাৰ্থীয়ে ইংৰাজীত লাভ কৰা ১৬০ নম্বৰ কাটি ২২০ কৰা হৈছে৷ সুকন্যা দাসে জেনেৰেল ষ্টাডিজত লাভ কৰিছিল ১৪৩ নম্বৰ৷ কিন্তু তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ’ল ১৫৩ নম্বৰলৈ৷ ৰাজনীতি বিজ্ঞানত তেওঁ লাভ কৰিছিল মাত্ৰ ৫৭ নম্বৰ৷ কিন্তু ৰাকেশ পালে তেওঁৰ নম্বৰ বৃদ্ধি কৰিলে ১০৭লৈ৷ কেমেষ্ট˜ীত লাভ কৰিছিল ১১৮ নম্বৰ৷ এই নম্বৰ বৃদ্ধি কৰা হ’ল ১৪৮লৈ৷ সুকন্যা দাসে লাভ কৰা মুঠ নম্বৰ হৈছে ৭১৪৷ কিন্তু চাকৰি পাবলৈ ৰাকেশ পালে তেওঁৰ নম্বৰ বৃদ্ধি কৰিলে ৮০৫লৈ৷ ঠিক একেধৰণে নম্বৰ বৃদ্ধি কৰা হৈছিল ত্ৰিদিৱ ৰয়, ফাৰুক আহমেদ, অমৃতৰাজ চৌধুৰী, স্বৰূপ কুমাৰ ভট্টাচাৰ্য, অনলজ্যোতি দাস আৰু ৰাকেশ পালৰ নম্বৰ বৃদ্ধি কৰি চাকৰি দিয়াৰ তথ্য উল্লেখ আছে এই টেবুলেশ্বন শ্বীটত৷ ত্ৰিদিৱ ৰয়ে মুঠ নম্বৰ লাভ কৰিছিল ৮১৯৷ কিন্তু সেই নম্বৰ বৃদ্ধি কৰা হ’ল ৮৭০লৈ৷ ফাৰুক আহমেদে মুঠ নম্বৰ লাভ কৰিছিল ৬৮০৷ তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ’ল ৮৭০লৈ৷ অমৃতৰাজ চৌধুৰীয়ে লাভ কৰিছিল ৭১৪ নম্বৰ৷ তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ’ল ৮৫৪লৈ৷ নন্দিনী কাকতিৰ ১০৭ নম্বৰ অতিৰিক্তভাৱে বৃদ্ধি কৰাৰ তথ্য উল্লেখ আছে টেবুলেশ্বন শ্বীটত৷ স্বৰূপ কুমাৰ ভট্টাচাৰ্যই মুঠ নম্বৰ লাভ কৰিছিল ৮৪০৷ কিন্তু তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ’ল ৯২১লৈ৷ একেদৰে অনলজ্যোতি দাসৰ নম্বৰো টকাৰ বিনিময়ত বৃদ্ধি কৰি চাকৰি দিছিল ৰাকেশ কুমাৰ পালে৷ লক্ষণীয়ভাৱে এনেদৰে বক্ৰপথেৰে এপিএছচিৰ বাচনিত উঠা বহুজনে এতিয়াও প্ৰশাসন চলাই থকাৰ অভিযোগ উঠিছে৷